ETV Bharat / state

Cross Voting in President Election: দেশৰ এক চতুৰ্থাংশ বদমাচ ৰাজনীতিক অসমৰ বুলি মন্তব্য অখিল গগৈৰ

author img

By

Published : Jul 22, 2022, 7:24 PM IST

Cross Voting in President Election
দেশৰ এক চতুৰ্থাংশ বদমাচ ৰাজনীতিক অসমৰ বুলি মন্তব্য অখিল গগৈৰ

ভাৰতৰ দগাবাজ-বদমাচ ৰাজনীতিকৰ ভিতৰৰ এক চুতুৰ্থাংশ বদমাচ ৰাজনীতিক অসমৰ ৷ একাংশ ৰাইজৰ প্ৰতিনিধি গোটে গোটে বিক্ৰী হ'বলৈ ধৰিছে । ক্ৰছ ভোটিঙৰ প্ৰসংগত বিধায়ক অখিল গগৈয়ে এনেদৰে মন্তব্য কৰে ৷

শিৱসাগৰ, 22 জুলাই: কালি ঘোষিত হ’ল ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ ফলাফল (Presidential election result 2022)৷ 6,76,803 টা ভোট লাভ কৰি দেশৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হ’ল এন ডি এ প্ৰক্ষেপিত প্ৰাৰ্থী দ্ৰৌপদী মূৰ্মু (Droupadi Murmu)৷ আনহাতে বিৰোধীৰ প্ৰাৰ্থী যশোৱান্ত সিনহাই লাভ কৰে 3,80,177 টা ভোট ৷ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ এই ফলাফলৰ পাছতে দেশজুৰি চৰ্চিত হৈছে ক্ৰছ ভোটিঙৰ প্ৰসংগ ৷

ভিন্ন ৰাজ্যৰ প্ৰায় 125 জন বিধায়কে প্ৰদান কৰিলে ক্ৰছ ভোট (Cross voting in presidential election)৷ ইয়াৰে 25 টা ক্ৰছ ভোটিং কৰে অসমৰ বিধায়কে (Assam MLA cross voting) ৷ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী দলৰ ক্ৰচ ভোটিঙক লৈ সৰৱ হৈ পৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ (MLA Akhil Gogoi)। ৰাজনীতিকৰ এনে নীতিহীন কৰ্মক ধিক্কাৰ দিয়ে অখিল গগৈয়ে ।

দেশৰ এক চতুৰ্থাংশ বদমাচ ৰাজনীতিক অসমৰ বুলি মন্তব্য অখিল গগৈৰ

ক্ৰছ ভোটিঙৰ এই পৰিসংখ্যাই ভাৰতৰ দগাবাজ-বদমাচ ৰাজনীতিকৰ ভিতৰ অসমত এক চুতুৰ্থাংশ বদমাচ ৰাজনীতিক আছে বুলি মন্তব্য কৰে অখিল গগৈয়ে । এনে ক্ৰচ ভোটিং কেৱল এআইইউডিএফ দলৰ তৰফৰ পৰা হোৱা নাই বুলি মন্তব্য কৰি তেও কয় যে কংগ্ৰেছ দলৰো বহু বিধায়ক বিক্ৰী গৈছে ৷ নীতি-আদৰ্শহীন ৰাজনৈতিক পৰিস্থিতিৰ সমালোচনা কৰি অখিল গগৈয়ে কয়, ‘‘এতিয়া একাংশ ৰাইজৰ প্ৰতিনিধি গোটে গোটে বিক্ৰী হ'বলৈ ধৰিছে । এয়া ভাৰত তথা অসমৰ ৰাজনীতিৰ বাবে ভাল লক্ষণ নহয় ।’’

আনহাতে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূক শুভেচ্ছা জনাই বিজেপিয়ে যাতে ভাৰতীয় সংবিধানৰ ওপৰত আক্ৰমণ কৰিব নোৱাৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ মূৰ্মুক আহ্বান জনায় ৷

লগতে পঢ়ক: Cross Voting in Assam: মুৰ্মুক ভোট দিলে অসমৰ 22 বিৰোধী বিধায়কে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.