ETV Bharat / state

Cross Voting in Assam: মুৰ্মুক ভোট দিলে অসমৰ 22 বিৰোধী বিধায়কে

author img

By

Published : Jul 22, 2022, 10:11 AM IST

Cross Voting in Assam
মুৰ্মুক ভোট দিলে অসমৰ 22 বিৰোধী বিধায়কে

অসমত এন ডি এৰ শক্তি হৈছে 79 ৷ অৰ্থাৎ অসমত বিজেপি আৰু মিত্ৰদল সমন্বিতে এন ডি এৰ বিধায়কৰ সংখ্য়া হ'ল 79 গৰাকী ৷ ইয়াৰোপৰিও বি পি এফৰ তিনি বিধায়কেও সমৰ্থন জনাইছে এন ডি এৰ প্ৰাৰ্থী মুৰ্মুক ৷ সেই হিচাপত এন ডি এৰ প্ৰাৰ্থীগৰাকীয়ে 82 টা ভোট লাভ কৰিব লাগিছিল অসমত ৷ কিন্তু দ্ৰৌপদী মুৰ্মুৱে অসমত লাভ কৰিলে মুঠ 104 টা ভোট ৷

নিউজ ডেস্ক, 22 জুলাই : দেশৰ সৰ্বোচ্চ সাংবিধানিক পদবীটোৱে হৈছে ৰাষ্ট্ৰপতি ৷ সাধাৰণতে এই পদবীটোৰ বাবে হোৱা নিৰ্বাচনত হৰ্ছ ট্ৰেডিং বা ক্ৰছ ভোটিং জাতীয় ঘটনাসমূহ নঘটে বুলিয়েই ভবা হয় যদিও শেহতীয়াকৈ বৃহস্পতিবাৰে ঘোষিত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলত দেখা গ’ল যে অসমতো ৰাষ্ট্ৰপতি নিৰ্বাচনত ব্যাপক হাৰত ক্ৰছ ভোটিং চলিল ৷ আনহে নালাগে ফলাফল ঘোষণাৰ পাছত স্বয়ং মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা এটা টুইটতে এই ক্ৰছ ভোটিঙৰ প্ৰসংগ প্ৰতিফলিত হ’ল (Assam CM Himanta Biswa Sarma) ৷

  • Smt Droupadi Murmu polled 104 votes compared to NDA’s original strength of 79 in the 126 member Assam Assembly. 2 absent .

    My heartfelt gratitude to the people of Assam for reposing their faith in the NDA’s Presidential candidate & wholeheartedly joining this historic moment.

    — Himanta Biswa Sarma (@himantabiswa) July 21, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে অসমত এন ডি এৰ শক্তি হৈছে 79 ৷ অৰ্থাৎ অসমত বিজেপি আৰু মিত্ৰদল সমন্বিতে এন ডি এৰ বিধায়কৰ সংখ্য়া হ'ল 79 গৰাকী ৷ ইয়াৰোপৰিও বি পি এফৰ তিনি বিধায়কেও সমৰ্থন জনাইছে এন ডি এৰ প্ৰাৰ্থী মুৰ্মুক ৷ সেই হিচাপত এন ডি এৰ প্ৰাৰ্থীগৰাকীয়ে 82 টা ভোট লাভ কৰিব লাগিছিল অসমত ৷ কিন্তু দ্ৰৌপদী মুৰ্মুৱে অসমত লাভ কৰিলে মুঠ 104 টা ভোট ৷ ইয়াৰ পৰা এটা কথা স্পষ্ট যে এন ডি এৰ বিধায়কৰ উপৰিও দ্ৰৌপদী মুৰ্মুৱে বিৰোধী শিবিৰৰ ভোটো লাভ কৰিলে ৷ বিৰোধী দলৰ 22 গৰাকী বিধায়কে যে বিৰোধীৰ সৰ্বসন্মত প্ৰাৰ্থী যশোৱন্ত সিনহাৰ পৰিবৰ্তে এন ডি এৰ সমৰ্থিত প্ৰাৰ্থীগৰাকীক ভোটদান কৰিছে (2022 Indian presidential election result) সেয়া এই অংকই জলজল পটপট কৰি দিলে ৷

অসম বিধানসভাত(Assam Legislative Assembly) মুঠ বিধায়ক 126 গৰাকী যদিও এ আই ইউ ডি এফৰ দুজন বিধায়ক হজলৈ যোৱাৰ বাবে তেওঁলোকে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদান কৰিব নোৱাৰিলে ৷ ভোটদান কৰিছিল 124 গৰাকী বিধায়কেহে ৷ এতিয়া ৰাজ্যৰ ৰাজনৈতিক মহলত সবাটোকৈ অধিক চৰ্চিত বিষয়টোৱেই হ'ল বিৰোধীৰ কোন 22 গৰাকী বিধায়কে নিজৰ প্ৰাৰ্থী যশোৱন্ত সিনহাক ভোট দিয়াৰ পৰিবৰ্তে ভোট দিলে দ্ৰৌপদী মুৰ্মুক ৷

লগতে পঢ়ক: Sarbananda Sonowal greets Draupodi Murmu: দ্ৰৌপদী মুৰ্মুক নতুন দিল্লীত সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.