ETV Bharat / state

77th independence day: শিৱসাগৰত পতাকা উত্তোলন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

author img

By

Published : Aug 15, 2023, 3:38 PM IST

শিৱসাগৰতো কেন্দ্ৰীয় ভাবে ৭৭ সংখ্যক স্বাধীনতা দিৱস পালন ৷ পতাকা উত্তোলন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷

77th independence day
শিৱসাগৰত পতাকা উত্তোলন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

শিৱসাগৰত পতাকা উত্তোলন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

শিৱসাগৰ,15 আগষ্ট: শিৱসাগৰতো ৭৭ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয় ৷ শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত কেন্দ্ৰীয় ভাবে ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে । স্বাধীনতা দিৱসৰ জাতীয় পতাকা উত্তোলন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । পতাকা উত্তোলন কৰি দিয়া ভাষণত মন্ত্ৰী বৰুৱাই দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু অসম চৰকাৰ বিভিন্ন বিভাগৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে ।

ৰাজ্যৰ বি জে পি নেতৃত্বাধীন চৰকাৰে সকলোৰে বিকাশ নীতিৰে ৰাইজৰ সহযোগত আগুৱাই যোৱা বুলি তেওঁ ভাষণত উল্লেখ কৰে । মন্ত্ৰী বৰুৱাই ভাষণত কৃষি, শিক্ষা,স্বাস্থ্য আদিকে ধৰি বিভিন্ন চৰকাৰী বিভাগে বিগত সময়ছোৱাত লাভ কৰা উপলব্ধিসমূহ ৰাইজৰ আগত দাঙি ধৰে ৷ তেওঁ আৰু কয় যে, অসম চৰকাৰে প্ৰশাসনক ৰাইজৰ ওচৰ চপাই নিয়াৰ বাবে কৰা প্ৰশাসনিক সংস্কাৰে ৰাজ্যত প্ৰগতি আৰু বিকাশৰ এক নতুন মাত্ৰা লাভ কৰিছে ৷ ৰাজ্যত শান্তিৰ পৰিৱেশ গঢ়ি তুলি উন্নয়নৰ গতি ধাৰা অব্যাহত ৰখা অসম চৰকাৰে অসমক দেশৰ ৫ খন শ্ৰেষ্ঠ ৰাজ্যৰ মাজৰ এখন কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে ৷ শিৱসাগৰ জিলাৰ ডিমৌত আৰম্ভ হোৱা মেডিকেল কলেজখনৰ নিৰ্মাণ তীব্ৰ গতিত চলি থকা বুলি নিজৰ ভাষণত উল্লেখ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

আনহাতে আজিৰ অনুষ্ঠানতে বিভিন্ন দিশত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা জিলাখনৰ কেইবাজনো ব্যক্তিক সন্মানিত কৰে । অনুষ্ঠানত থাওৰা বিধান সভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাই, জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ, আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা আদিকে ধৰি বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক:Alaboi Battle day: আলাবৈ ৰণৰ সেনানীলৈ শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.