Alaboi Battle day: আলাবৈ ৰণৰ সেনানীলৈ শ্ৰদ্ধাঞ্জলি

By

Published : Aug 6, 2023, 8:54 AM IST

thumbnail

শিৱসাগৰ,৬ আগষ্ট: ১৬৬৯ চনৰ ৫ আগষ্টত দেশ ৰক্ষাৰ স্বাৰ্থত ১০ হেজাৰ আহোম সেনাই দিছিল প্ৰাণ আহুতি ।‌ আলাবৈ নামৰ ঠাইত ৰণত ১০ হেজাৰ আহোম সৈন্যই প্ৰাণ আহুতি দিছিল মোগলৰ হাতত । দহ হেজাৰ আহোম সেনাক সুঁৱৰি শনিবাৰে শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ চৌহদত পালন কৰা হয় আত্মবলিদান দিৱস ।  

আহোম সেনা সংগঠনৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত পালন কৰা হয় "আত্মবলিদান দিৱস" । ১০ হেজাৰ আহোম সেনাক স্মৰণ কৰি মৈদাম তৰ্পণ কৰাৰ লগতে গাৰ্ড অৱ অৰ্ণাৰ প্ৰদান কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তদুপৰি টোপধ্বনী দিয়াৰ উপৰিও স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰে উদ্যোক্তা সকলে । আত্ম বলিদান দিৱসত বিভিন্ন জাতি-জনগোষ্ঠীৰ সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । 

লগতে পঢ়ক: ABT member arrested: শুকুৰ আলীক মাৰাথন জেৰা ধুবুৰী আৰক্ষীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.