ETV Bharat / state

পথাৰত অকলে পাই কিশোৰীক লক্ষ্য কৰি লৈছিল নকুলে, তাৰ পিছত ?

author img

By

Published : Nov 22, 2021, 6:33 PM IST

man-attempts-molestation-with-minor-girl-in-sivsagar
পথাৰত অকলে পাই কিশোৰীক লক্ষ্য কৰি লৈছিল নকুলে তাৰ পিছত ?

এগৰাকী কন্যা সম কিশোৰীৰ সৈতে অসৎ কাৰ্য চৰিতাৰ্থ কৰাৰ প্ৰচেষ্টা চলালে এজন আদবয়সীয়া লোকে ৷ তাৰ পিছত কেনেকৈ উদ্ধাৰ হ’ল কিশোৰী গৰাকী, কি হ’ল অভিযুক্তৰ সবিশেষ জানো আহক ৷

আমগুৰি, ২২ নৱেম্বৰ : শিৱসাগৰ জিলাৰ গৌৰীসাগৰত এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী আদবয়সীয়া লোকৰ বিৰুদ্ধে ৷ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত ১ নং চিন্তামণি গড়ৰ নকুল বৰা নামৰ প্ৰায় ৫৫ বছৰ বয়সৰ লোকজনৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷ জানিব পৰা মতে, পুৱা ধাননি পথাৰত গৰু এৰাল দিবলৈ গৈছিল কিশোৰী গৰাকী ৷

অভিযোগ অনুসৰি, সেই সময়তে নকুল বৰাই কিশোৰী গৰাকীক ধাননি পথাৰলৈ হাতত ধৰি টানি অসৎ কাৰ্য চৰিতাৰ্থ কৰাৰ প্ৰচেষ্টা চলোৱাৰ লগতে বিৰিয়াৰে মাৰিবলৈ লয় ৷ সেই সময়তে পথাৰলৈ যোৱা এটা শিশুৱে এই ঘটনা প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ লগায় ৷ ইয়াৰ পিছত কিশোৰী গৰাকীয়ে কথমপি প্ৰাণ ৰক্ষা পৰি পলাবলৈ সক্ষম হয় ৷ ইফালে, স্থানীয় ৰাইজেও লগে লগে ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত নকুল বৰাক ধৰিবলৈ সক্ষম হয় ৷

পথাৰত অকলে পাই কিশোৰীক লক্ষ্য কৰি লৈছিল নকুলে তাৰ পিছত ?

এই ঘটনা পোহৰলৈ অহাৰ পিছতে নকুল বৰাক ৰাইজে আৱদ্ধ কৰি থোৱাৰ লগতে লপা-থপা দিয়ে ৷ ইয়াৰ লগে লগে পৰিয়ালৰ লোকে গাঁওৰক্ষী বাহিনীৰ সহযোগত গৌৰীসাগৰ আৰক্ষীক খবৰ দিয়ে ৷ ইতিমধ্যে, গৌৰীসাগৰ আৰক্ষীয়ে অভিযুক্ত নকুল বৰাক কাৰায়ত্ব কৰিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Kidnap & Murder : ভনীয়েকৰ বিবাহৰ দিনাই ককায়েকক হত্যা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.