Kidnap & Murder : ভনীয়েকৰ বিবাহৰ দিনাই ককায়েকক হত্যা !

author img

By

Published : Nov 21, 2021, 9:09 PM IST

planned murder in darrang saloipara

শালৈপাৰা গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড(senssional murder in saloipara) ৷ বিবাহৰ দিনাই কইনাৰ ককায়েকক অপহৰণ আৰু হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে সম্পৰ্কীয় ভায়েকৰ বিৰুদ্ধে ৷

দৰং, 21 নৱেম্বৰ : দৰঙৰ নামখলা পঞ্চায়তৰ অন্তৰ্গত শালৈপাৰা গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ ভনীয়েকৰ বিয়াৰ আগ ৰাতি কইনাৰ ককায়েকক অপহৰণ আৰু হত্যা কৰাৰ অভিযোগ (kidnap and murder) উত্থাপন হৈছে সম্পৰ্কীয় ভায়েকৰ বিৰুদ্ধে ৷ স্থানীয় লোকে অভিযোগ কৰাৰ মতে, খৈৰবাৰীত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰা হয় কইনাৰ ককায়েকক ৷

সংকটজনক অৱস্থাত কইনাৰ ককায়েকক মংগলদৈ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও আধা বাটতে মৃত্যু হয় বুলি জানিবলৈ স্থানীয় লোকে ৷ দৰঙৰ নামখলাৰ প্ৰাঞ্জল কলিতা নামৰ যুৱকজনৰ ভনীয়েকৰ বিয়া আছিল দেওবাৰে ৷ ভগ্নীৰ বিবাহৰ উপলক্ষে আগদিনা ৰাতি কাম-বনত ব্যস্ত হৈ থকাৰ মাজতে নিশা সম্পৰ্কীয় ভায়েক সঞ্জীৱ কলিতা নামৰ যুৱকজনে প্ৰাঞ্জল কলিতাক লগ ধৰি চাৰিচকীয়া বাহনত বিবাহৰ ঘৰৰ পৰা ওলাই যায় ৷

লগতে পঢ়ক: Project Sadbhavana : জনতা ভৱনত ব্যাপক তৎপৰতা

দুয়োজন যুৱক ওলাই যোৱা এঘন্টা মানৰ পিছত প্ৰাঞ্জল কলিতাক খৈৰাবাৰীত স্থানীয় ৰাইজে পথৰ কাষত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰি বিয়াঘৰত খবৰ দিয়ে ৷ অতি সংকটজনক অৱস্থাত প্ৰথমে খৈৰাবাৰী চিকিৎসালয়ত পাছত যুৱকজনক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও আধা বাটতে মৃত্যু হয় প্ৰাঞ্জল কলিতাৰ ।

এই ঘটনাৰ পাছতে সমগ্ৰ খৈৰাবাৰী অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ এই পৰ্যন্ত ঘটনাটোৰ প্ৰকৃত ৰহস্য পোহৰলৈ অহা নাই ৷ বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷ তদন্তৰ পিছত হে যুৱকজনৰ মৃত্যুৰ কাৰণ জানিব পৰা যাব । সম্পৰ্কীয় ভায়েক সঞ্জীৱ কলিতা বৰ্তমান পলাতক হৈ আছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Auniati University ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.