ETV Bharat / state

মহাষ্টমী : উখল-মাখল ঐতিহাসিক দেৱী দ’লৰ বাকৰি

author img

By

Published : Oct 13, 2021, 4:16 PM IST

মহাষ্টমী(Maha Ashtami)ৰ দিনা শিৱসাগৰৰ ঐতিহাসিক দেৱী দ’ল(Devi Dol)ত অগণন ভক্তৰ ভিৰ ৷ আহোম ৰাজত্বৰ দিনৰে পৰা ধুম-ধামেৰে মহাষ্টমী পূজা অনুস্থিত হয় দেৱী দ’লত ৷ মহাষ্টমীৰ এই শুভক্ষণতে সম্পূৰ্ণ ৰীতি-নীতিৰে দৌল্লা পৰিয়াললৈ প্ৰসাদ আগবঢ়াব দ’ল পৰিচালনা সমিতিয়ে ৷ চাওক এই বিশেষ প্ৰতিবেদন...

মহাষ্টমী : উখল-মাখল ঐতিহাসিক দেৱী দ’লৰ বাকৰি
উখল-মাখল ঐতিহাসিক দেৱী দ’লৰ বাকৰি

শিৱসাগৰ, 13 অক্টোবৰ : ক’ভিড প্ৰট’কল(Covid Protocol)ৰ মাজেৰে এইবেলি ৰাজ্যজুৰি উদযাপন কৰা হৈছে শাৰদীয় দুৰ্গা পূজা(Durga Puja) ৷ আজি মহাষ্টমী(Maha Ashtami) ৷ অৰ্থাৎ আজি হৈছে দেৱী দুৰ্গাৰ বৰ বলিৰ দিন ৷ পূজাক লৈ উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যত ৷ আহোম ৰাজত্বৰ দিনৰে পৰা মহাষ্টমীৰ দিনা শিৱসাগৰৰ ঐতিহাসিক দেৱী দ’ল(Devi Dol)ত উলহ-মালহেৰে উদযাপন কৰা হয় মহাষ্টমী পূজা ৷

মহাষ্টমীৰ দিনা পুৱাই দেৱী দ’লত ভিৰ কৰিছেহি অগণন ভক্তই ৷ নিজ নিজ আশা-মনোকামনা পূৰণৰ অৰ্থে দেৱী দুৰ্গাৰ চৰণত আশীষ লৈছে ভক্তসকলে ৷ প্ৰায় দুবছৰৰ অন্তত এইদৰে দেৱী দ’লত ভিৰ কৰিছে সহস্ৰাধিক ভক্তই ৷ পৰম্পৰা অনুসৰি হাতে হাতে হাঁহ-ছাগলী লৈ দেৱীৰ আগত সেৱা ললে ভক্তসকলে ৷ জানিব পৰা মতে, পূৰ্বতে এই দেৱী দ’লত মহ বলি দিয়া হৈছিল যদিও সম্প্ৰতি হাঁহ-কুকুৰা বলি দিয়াৰহে পৰম্পৰা অব্যাহত ৰাখিছে ৷

মহাষ্টমী : উখল-মাখল ঐতিহাসিক দেৱী দ’লৰ বাকৰি

অৱশ্যে বিগত বৰ্ষসমূহৰ পূজাৰ তুলনাত এইবাৰৰ পূজাৰ পৰিৱেশ কিছু পৰিমাণে নিমাওমাও দেখিবলৈ পোৱা গৈছে । প্ৰকৃতিয়ে ৰূপ সলনি কৰাৰ লগে লগে হ্ৰাস পাইছে পূজাৰ মাদকতাও ৷ মহাষ্টমীৰ এই শুভক্ষণতে সম্পূৰ্ণ ৰীতি-নীতিৰে দৌল্লা পৰিয়াললৈ প্ৰসাদ আগবঢ়াব দ’ল পৰিচালনা সমিতিয়ে ৷ এসময়ত দেৱী দ’লত ঢাক-ঢোল বজোৱা দৌল্লা পৰিয়ালক অতীতৰে পৰাই পূজাৰ নৈবেদ্য আগবঢ়োৱাৰ এক পৰম্পৰা চলি আহিছে ।

নিজ নিজ মনোকামনা লৈ ঐতিহাসিক দেৱী দ’লত উপস্থিত হৈছে জিলাখনৰ ভিন্ন প্ৰান্তৰ লোক ৷ আহোম ৰাজত্বকালত স্থাপন কৰা এই শক্তিপূজাৰ কেন্দ্ৰত নিজ নিজ আশা পূৰণৰ অৰ্থে দেৱীৰ চৰণত সেৱা লয় ভক্তসকলে । প্ৰায় তিনিশ বছৰ পুৰণি দেৱী দ’লৰ আছে এক নিজস্ব গুৰুত্ব আৰু গৰিমা ৷ ই হৈছে ভক্তৰ মাজত থকা বিশ্বাসৰ প্ৰতিষ্ঠা ।

ক’ভিড মহামাৰীৰ বাবে পূৰ্বৰ শৰৎ কালৰ দুৰ্গোৎসৱৰ মন চঞ্চল কৰা পৰিৱেশ এইবাৰ পৰিলক্ষিত হোৱা নাই দেৱী দ’লত । শৰতৰ কোলাত দেৱী আহিল যদিও লগত নাহিল চেঁচা লগা বতৰৰ আমেজ । পূৰ্বৰ লেখীয়াকৈ এইবেলি শাৰদীয় দুৰ্গা পূজাৰ মাদকতা অনুভৱ কৰিব পৰা নাই ভক্তসকলে ৷

লগতে পঢ়ক : মহা অষ্টমীত জনসমুদ্ৰত পৰিণত বুঢ়ী গোঁসানী দেৱালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.