ETV Bharat / state

Laligur seized in Gaurisagar: বাহনসহ বৃহৎ পৰিমাণৰ লালীগুড় জব্দ শিৱসাগৰত

author img

By

Published : Oct 27, 2022, 11:56 AM IST

Laligur seized in Gaurisagar
বাহনসহ বৃহৎ পৰিমাণৰ লালীগুড় জব্দ শিৱসাগৰত

শিৱসাগৰ জিলাৰ গৌৰীসাগৰত বাহনসহ বৃহৎ পৰিমাণৰ লালীগুড় জব্দ (Laligur seized in Gaurisagar)। বুধবাৰে নিশা গৌৰীসাগৰ আৰক্ষীয়ে জাঁজীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই এখন বলেৰ' পিক আপ বাহনৰ পৰা জব্দ কৰে এশ টিং লালীগুড় ৷ বাহনসহ চালককো আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে (Gaurisagar police station in Sivasagar) ৷ আটকাধীন চালকৰ নাম চাদ্দাম হুছেইন বুলি জানিব পৰা গৈছে ৷

আমগুৰি, ২৭ অক্টোবৰ: শিৱসাগৰ জিলাৰ গৌৰীসাগৰত বাহনসহ বৃহৎ পৰিমাণৰ লালীগুড় জব্দ (Laligur seized in Gaurisagar)। বুধবাৰে নিশা গৌৰীসাগৰ আৰক্ষীয়ে জাঁজীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই এখন বলেৰ' পিক আপ বাহনৰ পৰা জব্দ কৰে এশ টিং লালীগুড় ৷ বাহনসহ চালককো আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে (Gaurisagar police station in Sivasagar) ৷ আটকাধীন চালকৰ নাম চাদ্দাম হুছেইন বুলি জানিব পৰা গৈছে ৷

হোজাইৰ লংকাৰ পৰা শিৱসাগৰৰ গৌৰীসাগৰলৈ সৰবৰাহ হৈছিল লালীগুড়খিনি । পূৰ্বৰে পৰা লংকাৰ পৰা শিৱসাগৰলৈ বিভিন্ন সময়ত সৰবৰাহ হোৱা লালীগুড় ফুলপানীছিগা হৈ দেওৰজা, দোপদৰ, গেলেকী আদি স্থানৰ চুলাই ভাটীত যোগান ধৰি আহিছে একাংশ ব্যৱসায়ীয়ে ৷

উল্লেখ্য যে শিৱসাগৰ জিলাত অসাধু ব্যৱসায়ীয়ে পশুখাদ্যৰ নামতো লালীগুৰৰ ব্যৱসায় চলাই অহাৰ বিষয়টো সৰ্বজনবিদিত । চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ গইনা লৈ আমগুৰিৰ বিভিন্ন অঞ্চল এতিয়া হৈ পৰিছে নিচাযুক্ত দ্ৰব্য আৰু অবৈধ সুৰাৰ ঘাটিৰ লগতে চুলাই মদৰ কাৰখানাৰ এখন বিশাল সাম্ৰাজ্য ।

বিশেষকৈ লালীগুড় সৰবৰাহৰ ক্ষেত্ৰত কঠোৰ আইন নোহোৱাৰ বাবেই অসাধু ব্যৱসায়ীয়ে এনেধৰণৰ কাৰ্যত লিপ্ত হৈ সামাজিক বাতাবৰণ নষ্ট কৰি আহিছে । গৌৰীসাগৰ আৰক্ষীয়ে অধিক তদন্তৰ লগতে অভিযান অব্যাহত ৰাখিছে যদিও দুৰ্বল আইনৰ সুৰুঙাৰে এইসকল অপৰাধীয়ে চুলাই তৈয়াৰত ব্যৱহৃত লালীগুড় সৰবৰাহ কৰি আহিছে ।

লগতে পঢ়ক: গৌৰীসাগৰত লালিগুৰভৰ্তি বাহন জব্দ; আটক 2

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.