ETV Bharat / city

গৌৰীসাগৰত লালিগুৰভৰ্তি বাহন জব্দ; আটক 2

author img

By

Published : Sep 8, 2022, 9:33 AM IST

Laligur laden vehicle seized in Gaurisagar
গৌৰীসাগৰত লালিগুৰভৰ্তি বাহন জব্দ

গৌৰীসাগৰত অবৈধ লালিগুৰভৰ্তি বাহন জব্দ(Laligur laden vehicle seized in Gaurisagar) ৷ গৌৰীসাগৰ আৰক্ষীয়ে জাঁজীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই জব্দ কৰে বাহনখন ৷ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত আটক 2 ৷

আমগুৰি, ৮ ছেপ্টেম্বৰ: গৌৰীসাগৰ আৰক্ষীয়ে বুধবাৰে নিশা অভিযান চলাই এখন লালীগুৰভৰ্তি বাহন জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰে(Laligur laden vehicle seized in Gaurisagar) ৷ গৌৰীসাগৰ আৰক্ষীয়ে(Gaurisagar police station in Sivasagar) বিশেষ সূত্ৰ অনুসৰি জাঁজীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চলাইছিল এই অভিযান ৷ আৰক্ষীৰ দলটোৱে ফুলপানীছিগাৰ পৰা AS 02 CC 5632 নম্বৰৰ লালিগুৰভৰ্তি মহেন্দ্ৰ পিক আপভানখন জব্দ কৰে লগতে বাহনখনৰ ড্ৰাইভাৰ আৰু হেন্দিমেনকো আটক কৰে ।

Laligur laden vehicle seized in Gaurisagar
গৌৰীসাগৰত লালিগুৰভৰ্তি বাহন জব্দ

আৰক্ষীৰ দলটোৱে বাহনখনৰ পৰা প্ৰায় ১২০ টিং অবৈধ লালীগুৰ জব্দ কৰে ৷ আনহাতে আটকাধীন লোক দুজন লংকাৰ নাজমূল হুছেইন আৰু আব্দুল হাছিম বুলি জানিব পৰা হৈছে ৷ জানিব পৰা অনুসৰি, নগাঁও জিলাৰ ডবকাৰ পৰা শিৱসাগৰ জিলাৰ নিতাইপুখুৰীলৈ সৰবৰাহ কৰা হৈছিল লালিগুৰখিনি ৷ উল্লেখ্য যে, জাঁজীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো একাংশ অবৈধ লালিগুৰ ব্যৱসায়ীৰ সৰবৰাহৰ প্ৰধান পথ ।

নগাঁওৰ ডবকাৰ পৰা এই অবৈধ লালিগুৰ শিৱসাগৰ জিলাৰ গৌৰীসাগৰ, দেওৰজা, আমগুৰি, হালোৱাটিঙলৈ দীৰ্ঘদিন ধৰি সৰবৰাহ হৈ আহিছে । লালীগুৰ সৰবৰাহৰ ক্ষেত্ৰত কঠোৰ আইন নোহোৱাৰ বাবে একাংশ অসাধু ব্যৱসায়ীয়ে এনেধৰণৰ কাৰ্যত লিপ্ত হৈ সামাজিক বাতাবৰণ নষ্ট কৰি অহাৰ অভিযোগ সময়ে সময়ে উত্থাপন হৈ আহিছে ।

লগতে পঢ়ক: BREAKING NEWS: নগাঁৱৰ কচুৱাত জব্দ নকল টকা বনোৱা মেচিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.