ETV Bharat / city

BREAKING NEWS: নগাঁৱৰ কচুৱাত জব্দ নকল টকা বনোৱা মেচিন

author img

By

Published : Sep 7, 2022, 10:35 PM IST

Updated : Sep 7, 2022, 10:49 PM IST

নগাঁৱৰ কচুৱাৰ হাটিখুটিত আৰক্ষীয়ে জব্দ কৰিলে নকল টকা বনোৱা মেচিন (Kachua Police busts fake currency printing racket) । আৰক্ষীয়ে চলোৱা অভিযানত এগৰাকী মহিলাসহ দুজন লোকক আটক ৷

kachua-police-busts-fake-currency-printing-racket-in-nagaon
নগাঁৱৰ কচুৱাৰ হাটিখুটিত নকল টকা বনোৱা মেচিন জব্দ

বঢ়মপুৰ, 7 ছেপ্টেম্বৰ: নগাঁৱৰ কচুৱাৰ হাটিখুটিত আৰক্ষীয়ে জব্দ কৰিলে নকল টকা বনোৱা মেচিন । বুধবাৰে এক গোপন সূত্ৰৰ পম খেদি কচুৱা আৰক্ষীয়ে চলোৱা এক অভিযানত এগৰাকী মহিলাসহ দুজন লোকক আটক কৰে আৰক্ষীয়ে (Kachua Police busts fake currency printing racket) ৷

ইয়াৰ মাজৰ এজন মিজোৰামৰ আৰু আনজন কচুৱাৰ হাটিখুটিৰ বুলি জনায় আৰক্ষীয়ে ৷ ধৃত লোককেইজন ক্ৰমে কচুৱা হাটিখুটিৰ জালাল উদ্দিন, মিজুৰামৰ ভেনলাল ৰাওটা আৰু জৰাম ইহ্হানী বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ আনহাতে মিজোৰামৰ পৰা অহা দুয়োগৰাকী লোকে কচুৱাত নকল টকা বনাবলৈ আহিছিল বুলি আৰক্ষীয়ে জনায় ।

নগাঁৱৰ কচুৱাত জব্দ নকল টকা বনোৱা মেচিন

ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে আটকাধীন লোককেইজনক জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে, দেওবাৰে মঙলদৈত ২নং ৱাৰ্ডৰ পৰা দৰং আৰক্ষীয়ে নকল টকা আৰু নকল টকা বনোৱা মেচিন জব্দ কৰাৰ লগতে আটক কৰিছিল তিনিজন পুৰুষ আৰু তিনিগৰাকী মহিলা (Counterfeit money making machine seized) ৷

লগতে পঢ়ক: BREAKING NEWS: লংকাত ৰে’লৰ পৰা জব্দ নিষিদ্ধ ড্ৰাগছ

Last Updated :Sep 7, 2022, 10:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.