ETV Bharat / state

দুৰ্গাপূজাৰ ব্যাপক প্ৰস্তুতি চলিছে ঐতিহাসিক ৰামখাপীঠ দেৱালয়ত

author img

By

Published : Oct 9, 2021, 4:35 PM IST

ক'ভিড প্ৰট'কলৰ মাজতে এইবাৰ ৰাজ্যবাসীয়ে উদযাপন কৰিব দুৰ্গাপূজা । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ ঐতিহাসিক ৰামখাপীঠ দেৱালয়টো দুৰ্গাপূজা উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে ।

DURGA PUJA PREPARATION
দুৰ্গাপূজাৰ ব্যাপক প্ৰস্তুতি চলিছে ঐতিহাসিক ৰামখাপীঠ দেৱালয়ত

আমগুৰি, ৮ অক্টোবৰ: দুৰ্গা পূজালৈ মাজত মাত্ৰ দুটা দিন । ক'ভিড প্ৰট'কলৰ মাজতে এইবাৰ ৰাজ্যবাসীয়ে উদযাপন কৰিব দুৰ্গা পূজা । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ ঐতিহাসিক ৰামখাপীঠ দেৱালয়টো দুৰ্গা পূজা উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে ।

প্ৰাক আহোম যুগতে প্ৰতিষ্ঠা কৰা আৰু স্বৰ্গদেও লক্ষ্মীসিংহ ৰাজত্বকালত পুনৰ প্ৰতিষ্ঠা কৰা ৰামখাপীঠ দেৱালয়ত প্ৰতিবছৰে দুৰ্গাপূজা উদযাপন কৰি আহিছে ৷ শিৱসাগৰ জিলাৰ দিখৌমুখৰ দেওঘৰীয়াত অৱস্থিত ৰামখাপীঠ দেৱালয়ত বলি-বিধানৰ মাজেৰে প্ৰতিবছৰে উদযাপন কৰে দূৰ্গাপূজা । ইতিমধ্যে ৰামখাপীঠ দেৱালয়ৰ পৰিচালনা সমিতিয়ে ৰাজ্য চৰকাৰে জাৰি কৰা ক'ভিড প্ৰট'কল মানি দুৰ্গাপূজা উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাইছে ।

দুৰ্গাপূজাৰ ব্যাপক প্ৰস্তুতি চলিছে ঐতিহাসিক ৰামখাপীঠ দেৱালয়ত

লগতে পঢ়ক: অনলাইন শ্বপিঙে মাধমাৰ শোধাইছে থলুৱা বস্ত্ৰ ব্যৱসায়ীক

উল্লেখ্য যে, ১৭৬৯ খ্ৰীষ্টাব্দত স্বৰ্গদেউ লক্ষীসিংহৰ দিনত এই পীঠস্থান পুনৰ উদ্ধাৰ হয় ৷ লোককথা অনুসৰি স্বৰ্গদেও লক্ষীসিংহই ৰংপুৰৰ কাৰেঙৰ পৰা ৰূপহীজানেৰে দিখৌ নদী হৈ ব্ৰহ্মপুত্ৰলৈ বুলি গৈছিল ৷ কথিত আছে যে যি ঠাইত ৰামখা দেওশালখন জলগৰ্ভত আছিল সেই ঠাইৰপৰা ৰজাঘৰীয়া নাওবোৰ আগ-পিছ নোহোৱা হয় আৰু নাওবৈচাসকলৰ মাজত হাহাকাৰ লাগে ৷

এই বিষয়টো লৈ ৰজাঘৰীয়াৰ মাজত বিশেষভাৱে চৰ্চা লাভ কৰে ৷ এদিন স্বৰ্গদেৱে সপোনত দেখিলে যে দিখৌৰ গৰ্ভত দেৱীৰ জাগ্ৰত বিগ্ৰহ আছে ৷ পাছদিনা স্বৰ্গদেৱে পূজা-বলিবিধান উচৰ্গা কৰি দেৱীৰ বিগ্ৰহ উদ্ধাৰ কৰাৰ কাৰণে প্ৰস্তুতি চলালে ৷ ইয়াৰ পাচতে জলগৰ্ভৰ সমলবোৰ উদ্ধাৰ কৰি সেই ঠাইৰ ওচৰতে ৰজাই নতুনকৈ ৰামখাপীঠ দেৱালয় স্থাপন কৰে ৷

লগতে পঢ়ক: দুৰ্গা পূজা উদযাপনৰ বাবে সাজু শ্ৰীশ্ৰীকাক গোঁসানী চাতনি থান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.