ETV Bharat / state

অনলাইন শ্বপিঙে মাধমাৰ শোধাইছে থলুৱা বস্ত্ৰ ব্যৱসায়ীক

author img

By

Published : Oct 9, 2021, 2:28 PM IST

আকৌ আহিল দুৰ্গা পূজা ৷ পূজা উপলক্ষে সকলোৰে মাজত লাগিছে কাপোৰ কিনাক লৈ হেতা-ওপৰা ৷ কিন্তু পূৰ্বৰ দৰে কাপোৰৰ বিপণীসমূহত নাই গ্ৰাহকৰ ভিৰ ৷ কিন্তু কিয় ?

অনলাইন শ্বপিঙে মাধমাৰ শোধাইছে থলুৱা বস্ত্ৰ ব্যৱসায়ীক
অনলাইন শ্বপিঙে মাধমাৰ শোধাইছে থলুৱা বস্ত্ৰ ব্যৱসায়ীক

টীয়ক, 9 অক্টোবৰ : পূজাৰ বতৰত স্বাভাৱিকতে দেখা যায় বস্ত্ৰৰ বিপণীসমূহত গ্ৰাহকৰ ভীৰ ৷ কিন্তু যোৱা কেইবছৰমানৰ পৰা দেখা গৈছে বস্ত্ৰৰ বিপণীসমূহত পূৰ্বৰ তুলনাত হ্ৰাস পাইছে গ্ৰাহকৰ ভীৰ ৷ যাৰ ফলত ব্যৱসায়ীসকলে মূৰে-কপালে হাত দিবলগা হৈছে ৷

থলুৱা বস্ত্ৰ ব্যৱসায়ীলৈ অশনি সংকেত

সাধাৰণতে যিকোনো উৎসৱ বুলিলে স্বাভাৱিকতে বস্ত্ৰ ব্যৱসায়ীসকলে অন্যান্য সময়ৰ তুলনাত অধিক বস্ত্ৰ বিক্ৰী কৰিবলৈ সক্ষম হয় ৷ কিন্তু বৰ্তমান দেশৰ পৰিস্থিতি তথা অনলাইন শ্বপিঙে বিশেষকৈ এই পূজাৰ সময়ত বস্ত্ৰ ব্যৱসায়ীসকললৈ নমাই আনিছে দুৰ্যোগ ৷ সকলোৰে মাজত স্থায়ী বিপণীৰ পৰা সামগ্ৰী ক্ৰয় কৰাৰ বিপৰীতে নিজৰ পছন্দৰ সামগ্ৰী অনলাইনত অৰ্ডাৰ কৰি কৰা ক্ৰয়ৰ প্ৰৱণতা বৃদ্ধি পাইছে ৷

এইক্ষেত্ৰত নৱ প্ৰজন্মৰ যুৱক-যুৱতীসকল অনলাইন শ্বপিঙৰ প্ৰতি অধিক আকৰ্ষিত হোৱাত মাধমাৰ পৰিছে থলুৱা বস্ত্ৰৰ ব্যৱসায়ীসকলৰ ওপৰত ৷ অৱশ্যে এই অনলাইন শ্বপিং ব্যৱস্থাত স্থানীয় বহুতো শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে সংস্থাপন লাভ কৰিছে ৷ কিন্তু অনলাইন শ্বপিঙৰ জনপ্ৰিয়তাই সময়ত যে থলুৱা বস্ত্ৰ ব্যৱসায়ীসকলৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব সেয়া নিশ্চিত ৷

লগতে চাওক: সমাজৰ বিশিষ্ট ব্যক্তিৰে ভৰিছে কাৰাগাৰ-লকআপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.