দুৰ্গা পূজা উদযাপনৰ বাবে সাজু শ্ৰীশ্ৰীকাক গোঁসানী চাতনি থান

author img

By

Published : Oct 9, 2021, 2:30 PM IST

Updated : Oct 10, 2021, 2:13 PM IST

শ্ৰীশ্ৰীকাক গোঁসানী চাতনি থান

সমাগত শাৰদীয় দুৰ্গা পূজা ৷ পূজাক কেন্দ্ৰ কৰি উথপথপ ৰাজ্যৰ চৌদিশ ৷ বোকাখাতৰ শ্ৰীশ্ৰীকাক গোঁসানী চাতনি থানত চলিছে দুৰ্গা পূজাৰ প্ৰস্তুতি ৷ চাওক আমাৰ এই প্ৰতিবেদন-

বোকাখাত, 9 অক্টোবৰ : বাৰিষাৰ বান শেষ হোৱাৰ পিছতে ৰাজ্যবাসী সাজু হৈ উঠিছে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ বন্দনাৰ বাবে ৷ মাথো দুদিনৰ পিছতে ৰাজ্যৰ চৌদিশ মুখৰিত হ’ব দুৰ্গা বন্দনাৰে ৷ বোকাখাতৰ শ্ৰীশ্ৰীকাঁক গোঁসানী থানত চলিছে পূজা উদযাপনৰ যাৱতীয় প্ৰস্তুতি ৷ ল'ৰাৰজাৰ ভয়ত পলাই ফুৰা গদাপানীয়ে কাক বাঁহৰ চুঙাত লুকুৱাই অনা দুৰ্গাৰ প্ৰতিমা স্থাপন কৰাৰ পাছৰে পৰা ভক্তিপীঠলৈ পৰিণত হৈছিল বোকাখাতৰ কাক গোঁসানী চাতনি থান ৷

প্ৰায় 1700 শতিকাত গদাধৰ সিংহই প্ৰতিষ্ঠা কৰা কাক গোঁসানী থানৰ মহত্ব জনবিদিত ৷ অসমৰ অন্যতম শক্তিপীঠ হিচাপে পৰিচিত এই থানখনলৈ প্ৰতি বছৰে দুৰ্গা পূজাত আগমন ঘটে হাজাৰ হাজাৰ ভক্তৰ ৷ ভক্তসকলে মা দুৰ্গালৈ বলি হিচাপে আগবঢ়ায় ম’হ, ছাগলী, হাঁহ, পাৰ আদি ৷

পূজাক কেন্দ্ৰ কৰি উথপথপ ৰাজ্যৰ চৌদিশ

বিগত বৰ্ষত কৰ’ণা পৰিস্থিতিৰ বাবে অনুষ্টুপীয়াকৈ কৰা পূজা-অৰ্চনাৰ বিপৰীতে এই বছৰত পুনৰ উলহ-মালহেৰে পূজা উদযাপনৰ ব্যৱস্থা কৰা হৈছে থানখনত ৷ কৰ’ণা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত চৰকাৰী নিৰ্দেশনা মানি অনুষ্ঠিত হ’বলগীয়া পূজাখনত এইবেলিও বলি হিচাপে আগবঢ়োৱা হ’ব শতাধিক ছাগলী, হাঁহ, পাৰৰ লগতে 3 টাকৈ ম’হ ৷ তাৰ বাবে সম্পূৰ্ণ হৈ সাজু হৈ উঠিছে থান পৰিচালনা কমিটি ৷

লগতে চাওক: অসম-নাগালেণ্ড সীমান্তত আঢ়ৈ কোটি টকাৰ মূল্যৰ নিষিদ্ধ ড্ৰাগছ জব্দ

Last Updated :Oct 10, 2021, 2:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.