ETV Bharat / state

DU Ragging Incident Update: সুস্থ হৈ ঘৰলৈ আহিল ৰেগিঙৰ ভুক্তভোগী আনন্দ শৰ্মা

author img

By

Published : Feb 19, 2023, 12:27 PM IST

GU Ragging case victim Anand Sharma come back
সুস্থ হৈ ঘৰলৈ আহিল আনন্দ শৰ্মা

অৱশেষত দীঘলীয়া চিকিৎসাৰ অন্তত সুস্থ হৈ বাসগৃহ পালেহি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মা (GU Ragging case victim Anand Sharma) ৷ প্ৰায় ৮৩ টা দিনে চিকিৎসালয়ৰ বিচনাত কটাই অৱশেষত ঘৰলৈ উভতিল আনন্দ শৰ্মা ৷ ধন্যবাদ জনালে মুখ্যমন্ত্ৰী তথা সংবাদ মাধ্যমক ।

সুস্থ হৈ ঘৰলৈ আহিল আনন্দ শৰ্মা

আমগুৰি, ১৯ ফেব্ৰুৱাৰী: শনিবাৰে সমগ্ৰ অসম কঁপাই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মা উপস্থিত হয় আমগুৰিস্থিত নিজা বাসগৃহত (DU Ragging case victim Anand Sharma) । প্ৰায় তিনি মাহৰ অন্তত নিজা গৃহত উপস্থিত হোৱাৰ পিচতে শনিবাৰে এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয় আনন্দ শৰ্মাৰ বাসগৃহত (DU Anand Sharma discharged) । ২০২২ বৰ্ষৰ ২৭ নৱেম্বৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসত সংঘটিত হোৱা ভয়ংকৰ ৰেগিংকাণ্ডৰ (DU Ragging Incident) বলি হৈছিল আনন্দ শৰ্মা ।

সৰ্বশৰীৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা আনন্দ শৰ্মাক প্ৰথম অৱস্থাত ডিব্ৰুগড়ৰ আদিত্য নাৰ্চি হোমত ভৰ্তি কৰা হৈছিল (DU Anand Sharma) । কিন্তু পৰৱৰ্তী পৰ্যায়ত ডিব্ৰুগড়ৰ মাৰোৱাৰী হাস্পতাললৈ লৈ অনা হৈছিল আনন্দ শৰ্মাক । চিকিৎসকৰ অপ্ৰাণ প্ৰচেষ্টাৰ ফলত বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ হৈ ঘৰলৈ উভতিল আনন্দ শৰ্মা । চিকিৎসালয়ৰপৰা আমগুৰিস্থিত বাসগৃহত উপস্থিত হোৱাৰ পিচতে ৰেগিংকাণ্ডৰ বিৰুদ্ধে সংবাদমাধ্যমৰ ভূমিকাক ধন্যবাদ জ্ঞাপন কৰিলে আনন্দ শৰ্মাই ৷

বাসগৃহত উপস্থিত হৈয়ে আনন্দ শৰ্মাই কয় যে, তেওঁৰ লগত যি ঘটি গ'ল, তেনে ঘটনা যাতে আন কোনো শিক্ষাৰ্থীৰ জীৱনত পুনৰাবৃত্তি নহওক ৷ দোষীক উপযুক্ত শাস্তি প্ৰদান কৰাৰো আহ্বান জনাই শৰ্মাই । লগতে সমগ্ৰ ঘটনাৰ পিচতে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জ্ঞাপন কৰে আনন্দ শৰ্মাই ।

উল্লেখ্য যে, আনন্দ শৰ্মাৰ চিকিৎসাৰ সকলো ব্যয় বহন কৰিছিল ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷ আনহাতে এই ৰেগিঙৰ ঘটনাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মুঠ ৭ গৰাকী ছাত্ৰক গ্ৰেপ্তাৰ কৰা হৈছিল (Dibrugarh University Ragging) ৷ ইয়াৰে ৰেগিংকাণ্ড সংঘটিত কৰি আত্মগোপন কৰি আছিল ঘটনাৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীয়ে ৷ ৰাজ্যজুৰি ৰাহুল ছেত্ৰীক গ্ৰেপ্তাৰৰ বাবে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণো কৰা হৈছিল ।

অৱশেষত কিছুদিনৰ পাচত ঘটনাৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীয়ে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল (DU Ragging case prime accused Rahul Chetry) ৷ ২০২২ বৰ্ষৰ ৫ ডিচেম্বৰত আত্মসমৰ্পণ কৰিছিল ৰাহুলে ৷ ৰেগিঙৰ অভিযোগত অভিযুক্ত সাতজন ছাত্ৰকে মাৰাথন জেৰা চলাই দোষী সাব্যস্ত হোৱাৰ পাচতে আৰক্ষীয়ে জে’ললৈ প্ৰেৰণ কৰিছিল ৷ কিন্তু লক্ষণীয়ভাৱে, মাত্ৰ ৪ দিন পূৰ্বে মুকলি আকাশৰ তললৈ ওলাই আহিল ৰাহুল ছেত্ৰী ৷

জে বি আইন মহাবিদ্যালয়ত শেহতীয়াকৈ নামভৰ্তি কৰিছিল ৰাহুল ছেত্ৰীয়ে আৰু প্ৰায় ৭০ দিন ধৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ছেত্ৰীয়ে যোৱা বুধবাৰে ডিব্ৰুগড় আদালতৰ পৰা জামিন লাভ কৰিছিল (DU ragging case accused Rahul Chhetri gets bail) । ইফালে দীৰ্ঘদিনীয়া চিকিৎসাৰ অন্তত চিকিৎসালয়ৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ঘৰলৈ অনা হয় আনন্দ শৰ্মাক ৷ শনিবাৰে নিজা বাসগৃহত উপস্থিত হোৱাৰ পিছতে নিজ ভগ্নীয়ে চাকি-ধূপ জ্বলাই ফুল-চন্দন চতিয়াই মিঠাই খুৱাই নিজা গৃহত প্ৰৱেশ কৰায় । আমগুৰিৰ বাসগৃহত আনন্দৰ সহপাঠীৰ লগতে আত্মীয়-স্বজন আহি ভিৰ কৰা পৰলক্ষিত হয় ।

লগতে পঢ়ক: Maha shivratri 2023: মহা শিৱৰাত্ৰি উপলক্ষে লোকে লোকাৰণ্য পামহিৰ ভীমাশংকৰ মন্দিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.