Maha shivratri 2023: মহা শিৱৰাত্ৰি উপলক্ষে লোকে লোকাৰণ্য পামহিৰ ভীমাশংকৰ মন্দিৰ

By

Published : Feb 19, 2023, 8:21 AM IST

thumbnail

গুৱাহাটী, 19 ফেব্ৰুৱাৰী : শনিবাৰৰ পৰা দেশজুৰি মহা আড়ম্বৰেৰে আৰম্ভ হৈছে মহাশিৱৰাত্ৰি (Maha shivratri 2023) । সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন স্থানত পালন কৰা হৈছে মহাশিৱৰাত্ৰিৰ ৷  মহানগৰীৰ বিভিন্ন শিৱ মন্দিৰ তথা থান সমূহত শনিবাৰৰ দিনটোত দেখিবলৈ পোৱা যায় ভক্তৰ ভিৰ । মহানগৰীৰ গড়চুক পামহিৰ ডাকিনী পাহাৰস্থিত ষষ্ঠ জ্যোতিৰ্লিংগ ভীমাশংকৰ জ্যোৰ্তিলিংগত মহাশিৱৰাত্রিৰ দিনটোত দেখিবলৈ পোৱা গ’ল হাজাৰ হাজাৰ ভক্তৰ সমাগম । 

হাতে হাতে ফুল, চাকি-ধূপ-নৈবদ্য লৈ শাৰী শাৰীকৈ ডাকিনী পাহাৰত ভিৰ কৰে হাজাৰ হাজাৰ ভক্তই (Dakini Pahar Pamohi Jyotirlinga in assam) । ভগৱান শিৱৰ কৃপা বিচাৰি ৰাতিপুৱাৰ পৰাই প্ৰায় ডেৰ কিলোমিটাৰ দূৰৰ পৰা অসংখ্য ভক্তই শাৰী পতা পৰিলক্ষিত হয় মন্দিৰটোত । গাখীৰ-পানী-ফুল-বেলপাতেৰে শিৱক আৰাধনা কৰা দেখা গৈছে মন্দিৰত । 

মহিলা যুৱতীসকলৰ প্ৰধান আৰাধ্য ভগৱান হিচাবে শিৱক আৰাধনা কৰা দেখা যায় ৷ প্ৰতিবছৰে ফাগুন মাহত পালন কৰি অহা শিৱৰাত্ৰি মহিলা-যুৱতীসকলে বিশেষভাৱে পালন কৰা দেখা যায় দিনটো । দিনটো উপবাসে থাকি সদাশিৱক ত্ৰিফুল, বেলপাত আদি প্ৰদান কৰি মনৰ বাঞ্চাপূৰণৰ বাবে আৰাধনা কৰা দেখা যায় (Maha shivratri celebrated in Pamohi Jyotirlinga) । 

ভীমাশংকৰ দেৱালয়টো শিৱৰাত্ৰিত দেখা গৈছে উচৱমুখৰ পৰিবেশ ৷ মহিলা যুৱতীসকলে হাতে হাতে পূজাৰ সামগ্ৰী লৈ ৰাতিপুৱাৰে পৰা শাৰী পাতি সদাশিৱৰ চৰণত ফুল-বেলপাত-গাখীৰ অৰ্পণ কৰে । অকল ভিমশংকৰ মন্দিৰতে নহয়, মহানগৰীৰ শুক্ৰেশ্বৰ মন্দিৰ, উমানন্দ দেৱালয়, লংকেশ্বৰ মন্দিৰ আদি প্ৰতিটো শিৱমন্দিৰ দেৱালয়ত ভক্তৰ যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে শনিবাৰৰ দিনটোত ।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে এই গড়চুক পামহিৰ ডাকিনী পাহাৰস্থিত ষষ্ঠ জ্যোতিৰ্লিংগক লৈ দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল । চলিত মাহত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাতৰি কাকতত অসম চৰকাৰৰ পৰ্যটন বিভাগে ডাকিনী পাহাৰত থকা বিখ্যাত শিৱ লিংগক লৈ বিজ্ঞাপন প্ৰকাশ কৰিছিল । বিজ্ঞাপনত ভাৰতৰ ষষ্ঠ জ্যোতিৰ্লিংগ অসমৰ ডাকিনী পাহাৰত  অৱস্থিত বুলি দাবী কৰিছিল অসম চৰকাৰে । 

ইয়াৰ পিচতে খৰ্গহস্ত হৈ সমালোচনাত মুখৰ হৈ পৰিছিল বিজেপি মিত্ৰযোঁট শাসিত মহাৰাষ্ট্ৰৰ বিৰোধীয়ে । মহাৰাষ্ট্ৰৰ বিৰোধীয়ে অসম চৰকাৰক সমালোচনা কৰি কৈছিল যে, মহাৰাষ্ট্ৰৰ পুনে জিলাৰ ভীমশংকৰত অৱস্থিত জ্যোতিৰ্লিংগক ষষ্ঠ জ্যোতিৰ্লিংগ হিচাপে স্বীকৃতি দি অহা হৈছে ৷ অৱশ্যে অসমৰ বিজেপি চৰকাৰে এয়া অস্বীকাৰ কৰিছিল ।

লগতে পঢ়ক : APPSC Scam Update: প্ৰতিবাদকাৰীৰ সকলো দাবী মানি লোৱাৰ আশ্বাস অৰুণাচল প্ৰদেশ চৰকাৰৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.