ETV Bharat / state

অৱশেষত আৰক্ষীৰ হাতত পৰিল আব্দুল গণিৰ সন্দেহজনক পথ দুৰ্ঘটনাৰ চালক

author img

By

Published : Sep 2, 2021, 8:25 PM IST

অৱশেষত আৰক্ষীৰ হাতত পৰিল আব্দুল গণিৰ সন্দেহজনক পথ দুৰ্ঘটনাৰ চালক
অৱশেষত আৰক্ষীৰ হাতত পৰিল আব্দুল গণিৰ সন্দেহজনক পথ দুৰ্ঘটনাৰ চালক

এক সন্দেহজনক পথ দুৰ্ঘটনাত নিহত হৈছিল ৰাইজৰ দলৰ কৰ্মী শিৱসাগৰৰ আব্দুল গণি ৷ ঘটনাৰ তিনিদিনৰ পিছত দূৰ্ঘটনা সংঘটিত কৰা বাহন সহ বাহনখনৰ চালক জনক আটক কৰিছে আৰক্ষীয়ে ৷

শিৱসাগৰ, 2 ছেপ্টেম্বৰ : শেহতীয়াকৈ, ৰাইজৰ দলৰ কৰ্মী তথা শিৱসাগৰ সদৰ থানাৰ অন্তৰ্গত বনীয়াবাৰীৰ নিৱাসী আব্দুল গণি নিহত হৈছিল এক সন্দেহজনক দুৰ্ঘটনাত ৷ সুদীৰ্ঘ তিনিটা দিনৰ অন্তত শিৱসাগৰ আৰক্ষীয়ে নেৰানেপেৰা অভিযান চলাই এই দূৰ্ঘটনাটোত জড়িত বাহনখন চিনাক্ত কৰি বাঢ়ৈটিং অঞ্চলৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় ৷ বাঢ়ৈ টিঙৰ সুৰজিত শইকীয়া নামৰ যুৱক জনৰ নিজ বাসগৃহত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা চুইফট গাড়ী খনৰ নম্বৰ হৈছে ASO4 Q 9155 নম্বৰৰ ৷

আৰক্ষীয়ে ঘাতক বাহন খনৰ লগতে সেইদিনা বাহনখন চলাই দুৰ্ঘটনা সংঘটিত কৰা চালক তথা বাহন খনৰ গৰাকী সুৰজিত শইকীয়াকো ঘটনাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰাৰ কথা জনাইছে ৷ ইফালে বৃহস্পতিবাৰে এই সন্দৰ্ভত শিৱসাগৰ সদৰ আৰক্ষী থানাত আয়োজিত এখনি সংবাদ মেলত ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে, সোমবাৰৰ নিশা শিৱসাগৰ নগৰৰ দিশৰ পৰা গৈ থকা অৱস্থাত জয়ৰাপাৰৰ উক্ত স্থানটোত দুৰ্ঘটনাতো সংঘটিত কৰাৰ কথা সুৰজিতে স্বীকাৰ কৰিছে ৷

অৱশেষত আৰক্ষীৰ হাতত পৰিল আব্দুল গণিৰ সন্দেহজনক পথ দুৰ্ঘটনাৰ চালক

আকস্মিকভাৱে হোৱা দুৰ্ঘটনাটোৰ পিছতেই সুৰজিত শইকীয়াই গাড়ী সহ ঘটনাস্থলীৰ পৰা বাঢ়ৈটিঙৰ নিজ ঘৰ অভিমুখে পলায়ন কৰাৰ লগতে আৰক্ষীৰ ৰোষত পৰাৰ ভয়ত গাড়ী খন লুকুৱাই ৰাখে বুলিও জানিব দিছে । অৱশেষত, ঘাতক বাহনখনৰ সন্দৰ্ভত অভিযান চলাই থকা শিৱসাগৰ আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি বাহনখন জব্দ কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে নিহত আব্দুল গণিক ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰা সময়ত ঘটনাস্থলীত পোৱা গাড়ীৰ বাম্পাৰৰ ভগা অংশটো উক্ত চুইফট গাড়ীখনৰে বুলি চালক সুৰজিত শইকীয়াই জেৰাত স্বীকাৰ কৰিছে ৷

জানিব পৰা মতে, বাহনৰ চালক সুৰজিত শইকীয়াই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছদিনাই চুইফট খনৰ বাম্পাৰৰ ভগা অংশটো এৰুৱাই নতুন বাম্পাৰ এডাল কিনি আনি লগাইছিল ৷ ইয়াৰোপৰি সুৰজিতে হাবিৰ মাজত পেলাই থৈ অহা বাম্পাৰৰ বাকী অংশ আজি শিৱসাগৰ আৰক্ষীয়ে সুৰজিতৰ স্বীকাৰোক্তিৰ ভিত্তিত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আনহাতে আব্দুল গণিৰ ৰহস্যজনক পথ দুৰ্ঘটনাক পৰিয়াল তথা স্থানীয় ৰাইজে এক পৰিকল্পিত দুৰ্ঘটনা বুলি অভিযোগ কৰিছিল ৷

ইতিমধ্যে, পৰিয়ালৰ লোকে দাখিল কৰা ১০৪৯ নম্বৰৰ এটা হত্যাৰ অভিযোগৰ গোচৰৰ ভিত্তিত বিশ্বজিত বৰা ওৰফে বাবু, প্ৰকাশ বৰগোহাই, কংকন বৰগোহাইক গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াইছিল ৷ আনহে নালাগে, যোৱা বুধবাৰে শিৱসাগৰ আৰক্ষীয়ে পাৰ্থপ্ৰতীম চুতীয়া আৰু ৰিতুৰাজ বৰগোহাই নামৰ দুজন যুৱককো এই ঘটনাৰ সন্দৰ্ভত আটক কৰি সোধা পোচা অব্যাহত ৰাখিছিল । অৱশেষত আৰক্ষীয়ে সুৰজিত শইকীয়াক বৃহস্পতিবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক : মা ডাইনী আছিল, সেইবাবেই মই তেওঁক কুঠাৰেৰে হত্যা কৰিলো : পুত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.