ETV Bharat / state

Ankita Dutta row: প্ৰণতি ফুকনৰ মতে অংকিতাৰ বিষয়টো দলৰ মূল বিষয় নহয় !

author img

By

Published : Apr 21, 2023, 4:15 PM IST

Updated : Apr 21, 2023, 4:55 PM IST

আমগুৰিত কংগ্ৰেছৰ ৰুদ্ধদ্বাৰ বৈঠক ৷ অংকিতা দত্তৰ বিষয়টোক লৈ গা এৰা মন্তব্য প্ৰাক্তন মন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি প্ৰণতি ফুকনৰ ৷ অংকিতাৰ ক্ষেত্ৰত দলৰ স্থিতি কি হ’ব নাজানে উপ সভাপতিগৰাকীয়ে (Congress meeting at Amguri) ৷

Congress meeting at Amguri
Ankita Dutta row

আমগুৰিত কংগ্ৰেছৰ ৰুদ্ধদ্বাৰ বৈঠক

আমগুৰি, 21 এপ্ৰিল: ৰাজ্যৰ লগতে সমগ্ৰ দেশৰ ৰাজনীতিত এতিয়া তোলপাৰ লগাইছে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তৰ বিষয়টোৱে ৷ যুৱ কংগ্ৰেছৰ কেন্দ্ৰীয় সভাপতি শ্ৰীনিবাস বি ভিৰ বিৰুদ্ধে অংকিতা দত্তই টুইটযোগে নিৰ্যাতনৰ অভিযোগ তোলাৰ পাচতেই অংকিতা দত্ত আৰু প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ মাজত বৃদ্ধি পাইছে ব্যৱধান ৷ আনহাতে, বিজেপিৰ একাংশ নেতা থিয় দিছে অংকিতাৰ সমৰ্থনত ৷ তাৰ মাজতেই বুধবাৰে সন্ধিয়া অংকিতা দত্তই দিছপুৰ থানাত শ্ৰীনিবাস বি ভিৰ বিৰুদ্ধে ৰুজু কৰে এটা গোচৰ ৷ অংকিতা দত্তৰ কাৰ্যত অসন্তুষ্ট প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও (Ankita Dutta tweet row) ৷

শুকুৰবাৰে আমগুৰিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নিৰ্দেশ মৰ্মে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় কংগ্ৰেছৰ কেইবাগৰাকীও নেতা ৷ APCC ৰ উপসভাপতি তথা প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন, সাধাৰণ সম্পাদক ড৹ হেমহৰি পেগু, ৰাজ্যিক সম্পাদক প্ৰাণজিৎ চৌধুৰী আৰু শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি মঞ্জিৰ গগৈ উপস্থিত থাকে এই বৈঠকত ৷ লগতে আমগুৰি সমষ্টিৰ কংগ্ৰেছৰ কৰ্মকৰ্তাসকলো এই বৈঠকত উপস্থিত থাকে (Congress meeting at Amguri) ৷

বৈঠকৰ অন্তত প্ৰণতি ফুকনে কয় যে, অংকিতা দত্তৰ বিষয়টো মূল বিষয় নহয় ৷ তৃণমূল পৰ্যায়ত দলটোক শক্তিশালী কৰাৰ বাবেহে এই বৈঠক অনুষ্ঠিত কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে ৷ নেত্ৰীগৰাকীয়ে লগতে কয় যে, অংকিতা দত্তৰ বিষয়ত কি সিদ্ধান্ত লোৱা হ’ব বা আমগুৰিত অংকিতা দত্তৰ বিকল্প কি হ’ব সেই বিষয়ে তেওঁ জ্ঞাত নহয় (APCC leader Pranati Phukan on Ankita row) ৷

শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি মঞ্জিৰ গগৈক ভূপেন বৰাই তিনি দিনৰ ভিতৰত ৰিপ’ৰ্ট দাখিল কৰিবলৈ নিৰ্দেশ দিয়া বুলিও জানিব পৰা গৈছে ৷ আমগুৰি টাউন ব্লক কংগ্ৰেছৰ সভাপতি পুৰুজিৎ মহন্তই কয় যে, অংকিতা দত্তৰ ক্ষেত্ৰত দলৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্ত ল’ব ৷ তেওঁ দল এৰি গ’লেও কংগ্ৰেছৰ বিশেষ ক্ষতি নহয় বুলি মহন্তই মত ব্যক্ত কৰে (Ankita Dutta alleged against Srinivas BV) ৷

লগতে পঢ়ক: Srinivas BV Case : দুদিনৰ ভিতৰত কাৰণ দৰ্শাবলৈ অংকিতা দত্তলৈ প্ৰদেশ কংগ্ৰেছৰ জাননী

উল্লেখ্য যে, ইতিমধ্যে অংকিতা দত্তক দলৰ পৰা বহিস্কাৰ কৰা বুলি জানিব পৰা গৈছে ৷ এক সূত্ৰই জনোৱা মতে, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থই এই কথা ঘোষণা কৰিছে ৷ কেইদিনমান পূৰ্বে অংকিতা দত্তই শ্ৰীনিবাস বি ভিৰ বিৰুদ্ধে নিৰ্যাতন চলোৱাৰ অভিযোগ তুলি টুইট কৰিছিল (Ankita Dutt expelled from APCC) ৷

তেওঁ উল্লেখ কৰিছিল যে, প্ৰায় ছমাহ ধৰি শ্ৰীনিবাসে বিভিন্ন ধৰণে মানসিক নিৰ্যাতন চলাই আহিছে আৰু বহু সময়ত অশ্লীল ধৰণেও মেছেজ প্ৰেৰণ কৰিছে অংকিতালৈ ৷ ইয়াৰ পাচতেই এই বিষয়টোক লৈ ৰাজনৈতিক মহলত তোলপাৰ লাগে ৷ কংগ্ৰেছ দলে এই ক্ষেত্ৰত অংকিতা দত্তলৈ দলীয় বিধি ভংগৰ অভিযোগত কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰে যদিও দত্তই ইয়াৰ উত্তৰ প্ৰদান কৰা নাছিল (Ankita Dutta updates) ৷

ইফালে অসমৰ মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত ‘‘গোচৰটো আমাক দিলে আমি চাম’’ বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ ৰাজ্যসভাৰ বিজেপি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু লোকসভাৰ সাংসদ পল্লৱ লোচন দাসেও এই সময়ত ৰাজনৈতিক মতাদৰ্শৰ পৰা আঁতৰি এজনী অসমীয়া যুৱতীৰ কাষত সকলো ঠিয় দিব লাগে বুলি মন্তব্য কৰিছে ৷ তাৰ পাচতেই বিষয়টো অধিক আকৰ্ষণীয় হৈ উঠিছে ৷ বহুতেই অংকিতা দত্তই তদন্তকাৰী সংস্থাৰ সন্মুখীন হোৱাৰ ভয়ত গেৰুৱা দলত চামিল হ’বলৈ ওলাইছে বুলি মন্তব্য কৰিছে ৷ অৱশ্যে সেয়া এতিয়াও নিশ্চিত হোৱা নাই ৷

লগতে পঢ়ক: Srinivas BV Case: শ্ৰীনিবাস-অংকিতা কাণ্ডৰ আঁৰত কৰ্ণাটকৰ নিৰ্বাচন ? অসম আৰক্ষীয়ে তদন্তৰ বাবে মাতিব শ্ৰীনিবাসক !

Last Updated :Apr 21, 2023, 4:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.