ETV Bharat / state

Srinivas BV Case: শ্ৰীনিবাস-অংকিতা কাণ্ডৰ আঁৰত কৰ্ণাটকৰ নিৰ্বাচন ? অসম আৰক্ষীয়ে তদন্তৰ বাবে মাতিব শ্ৰীনিবাসক !

author img

By

Published : Apr 21, 2023, 2:13 PM IST

শ্ৰীনিবাস-অংকিতা কাণ্ডৰ আঁৰত কৰ্ণাটকৰ নিৰ্বাচন ! অসম আৰক্ষীয়ে তদন্তৰ বাবে মাতিব শ্ৰীনিবাসক ! আমগুৰি সমষ্টিত অংকিতাৰ হাতৰ পৰা দলীয় ক্ষমতা হস্তান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে কংগ্ৰেছে ৷ আমগুৰিৰ নেতা-কৰ্মীৰে এপিচিচিৰ নেতৃত্বৰ বৈঠক(Debabrata Saikia react on Ankita Dutta) ৷

Ankitas FIR against Srinivas Karnataka connection
অসম আৰক্ষীয়ে তদন্তৰ বাবে মাতিব শ্ৰীনিবাসক

অসম আৰক্ষীয়ে তদন্তৰ বাবে মাতিব শ্ৰীনিবাসক

গুৱাহাটী, ২১ এপ্ৰিল : সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে লিংগ বৈষম্য আৰু যৌনগন্ধী তথা অশ্লীল বাৰ্তালাপেৰে আতিশয্যৰ অভিযোগেৰে কংগ্ৰেছৰ যুৱনেত্ৰী অংকিতা দত্তই এজাহাৰ দাখিল কৰাৰ পিছত সমগ্ৰ ঘটনাই নতুন মোৰ পৰিগ্ৰহ কৰিছে । বিপদ বাঢ়িছে শ্ৰীনিবাসৰ ৷ ইফালে কংগ্ৰেছত প্ৰৱল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে অংকিতা দত্ত ৷

IYCৰ সভাপতি শ্ৰীনিবাস-অংকিতা ঘটনাৰ সৈতে কৰ্ণাটকৰ নিৰ্বাচনৰ লিংক বিচাৰি পাইছে অসম কংগ্ৰেছে ৷ কংগ্ৰেছ দলে অংকিতা দত্তৰ বিৰুদ্ধে অনুশাসন ভংগৰ বাবে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰায় সাজু হৈছে ৷ এপিচিচিৰ সভাপতি ভূপেন বৰাৰ মন্তব্য যে দলীয় অনুশাসনৰ সকলো সীমা অতিক্ৰম কৰিছে ৷ যাৰ বাবে এপিচিচিয়ে কৈফিয়ৎ তলৱ কৰিছে অংকিতা দত্তক (Ankita Dutta accuses Srinivas BV of harassment) ।

পিছে এতিয়ালৈ এই শ্ব’কজৰ কোনো উত্তৰ দিয়া নাই অংকিতাই (APCC issues show cause notice to Angkita Dutta) ৷ তাৰ বিপৰীতে অসম আৰক্ষীৰ তৎপৰতা আৰম্ভ হৈছে ৷ আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ তথ্য অনুসৰি হয়তো তদন্তৰ বাবে শীঘ্ৰে শ্ৰীনিবাসক অসমলৈ মাতিব অসম আৰক্ষীয়ে (Assam Police will call Srinivas for investigation) ৷ অংকিতা দত্তই দিছপুৰ থানাত ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসৰ ওপৰত দিয়া গোচৰ আৰু দলীয় বাদ-বিবাদ ৰাজহুৱা কৰাৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিৰোধীৰ দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা দেৱব্ৰত শইকীয়াই (Debabrata Saikia react on Ankita Dutta) ৷

বিৰোধীৰ দলপতিগৰাকীৰ মন্তব্য যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে আশ্বাস দিয়াৰ পিছতো অংকিতাই ২৪ ঘণ্টাও অপেক্ষা নকৰি থানাত গোচৰ দিলে ৷ শাসকীয় পক্ষৰ নিৰ্দেশ মৰ্মেই এনে কাৰ্যপন্থা অংকিতাই হাতত লোৱা বুলিও মন্তব্য দেৱব্ৰত শইকীয়াৰ ৷ IYCৰ সভাপতি শ্ৰীনিবাস-অংকিতা ঘটনাৰ সৈতে কৰ্ণাটকৰ নিৰ্বাচনৰ বিষয়টো জড়িত হৈ থকা বুলি কংগ্ৰেছৰ তৰফৰ পৰা কোৱা হৈছে বুলি শইকীয়াই উল্লেখ কৰে ৷

বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্য যে অভিযুক্ত শ্ৰীনিবাস কৰ্ণাটকৰ ৷ যিহেতু কৰ্ণাটকৰ নিৰ্বাচনত তেঁও প্ৰচাৰ চলাই আছে (Ankita Dutta alleged Srinivas BV of sexism) ৷ অসম আৰু ৰাষ্ট্ৰীয় দুয়োটা পৰ্যায়তে বিজেপি যিহেতু শাসনত আছে, সেই সুবাদতে কৰ্ণাটকৰ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰত ব্যাঘাত জন্মাবলৈ এই অভিযোগ উত্থাপন কৰোৱা হৈছে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যদিহে অংকিতাই আৰক্ষীৰ ওচৰত অভিযোগ দিয়ে তেন্তে আমি সহায় কৰিম ৷ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যৰ পিছতে অংকিতাই এজাহাৰ তৰিছে বুলি মন্তব্য কৰি কংগ্ৰেছ নেতাগৰাকীয়ে সন্দেহ প্ৰকাশ কৰে যে মুখ্যমন্ত্ৰীৰ ইংগিত মতেই অংকিতাই দিছপুৰ থানাত এজাহাৰ দাখিল কৰিলে (Ankitas FIR against Srinivas Karnataka connection) ।

অংকিতাৰ এজাহাৰৰ পিছত অসম কংগ্ৰেছ প্ৰায় পতিয়ন গৈছে যে কংগ্ৰেছ দল এৰি বিজেপিত শীঘ্ৰেই যোগদান কৰিব তেওঁ ৷ সেয়ে আমগুৰি সমষ্টিত কংগ্ৰেছৰ ভেঁটি সবল কৰি ৰখাৰ বাবে তৎকালীন প্ৰক্ৰিয়া আৰম্ভ কৰি দিছে কংগ্ৰেছ দলে ৷ আৰম্ভ কৰিছে অংকিতাৰ হাতৰ পৰা দলীয় ক্ষমতা কাঢ়ি অনা প্ৰক্ৰিয়া ৷ শুকুৰবাৰে আমগুৰিৰ কংগ্ৰেছৰ ৰাজীৱ ভৱনত এপিচিচিৰ জ্যেষ্ঠ নেতাৰ এটা দল উপস্থিত হৈ দলীয় স্থানীয় নেতা-কৰ্মীৰে বৈঠকত মিলিত হৈছে বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক: Rangali Bihu 2023: ডেকাৰ চাকচনিৰ লহৰত ওৰে ৰাতি নাচিলে মৰাণ গাভৰুৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.