ETV Bharat / state

Ankita Dutta on Congress: এতিয়াও কংগ্ৰেছৰ ওপৰত বিশ্বাসী অংকিতা দত্ত

author img

By

Published : May 30, 2023, 8:19 PM IST

"মোৰ সংঘাত কংগ্ৰেছ দলৰ লগত হোৱা নাই, মোৰ সংঘাত হৈছে এজন ব্যক্তিৰ লগতহে ৷ মই এতিয়ালৈকে কোনো দলৰ লগত আলোচনা কৰা নাই, যদিও মোৰ লগত বহুকেইটা দলে কথা পাতিছে (Ankita Dutta still believes in Congress) ৷" আমগুৰিত প্ৰচাৰ অব্যাহত আছে অংকিতা দত্তৰ ৷

Ankita Dutta still believes in Congress
এতিয়াও কংগ্ৰেছৰ ওপৰত বিশ্বাসী অংকিতা দত্ত

এতিয়াও কংগ্ৰেছৰ ওপৰত বিশ্বাসী অংকিতা দত্ত

আমগুৰি, 30 মে’ : "মই এতিয়ালৈকে কোনো দলৰ লগত আলোচনা কৰা নাই, যদিও মোৰ লগত বহুকেইটা দলে কথা পাতিছে (Ankita Dutta still believes in Congress) ৷ মোৰ সংঘাত কংগ্ৰেছ দলৰ লগত হোৱা নাই, মোৰ সংঘাত হৈছে এজন ব্যক্তিৰ লগতহে ৷ কৰ্ণাটকৰ নিৰ্বাচনৰ পিচতে মই বিজেপিত যোগদান কৰিম বুলি এগৰাকী কংগ্ৰেছৰ ডাঙৰ নেতাই শীৰ্ষ নেতৃত্বলৈ চিঠি লিখিছিল ৷ সেই চিঠিখনৰ আধাৰত মোক কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হৈছিল বুলি মই জানিবলৈ পাৰিছো ৷ কিন্তু এতিয়া নিৰ্বাচনো শেষ হ’ল, ফলাফলো ওলাল ৷ মই এনেকৈয়ে আছো ৷ এতিয়া নিশ্চয় কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই এই কথা চালি জাৰি চাব ৷" সদ্য বহিষ্কৃত আমগুৰিৰ কংগ্ৰেছী নেত্ৰী অংকিতা দত্তই আমগুৰিত প্ৰচাৰ চলাই এই মন্তব্য প্ৰকাশ কৰে (Ankita Dutta on Congress) ৷

লগতে অংকিতা দত্তই কয় যে আমগুৰিৰ লগত বেলেগ ধৰণৰ টান আছে, আমগুৰিৰ ৰাইজৰ সাহসতহে তেওঁ ৰাজনীতি কৰি আহিছে ৷ শীঘ্ৰেই অংকিতা দত্তক কংগ্ৰেছ দলে আকোৱালি ল'ব। কংগ্ৰেছৰ ওপৰত প্ৰবল আত্মবিশ্বাসী অংকিতা দত্ত । অৱশ্যে কংগ্ৰেছে আকোঁৱালি নল'লে ৰাজনৈতিক ব্যক্তি হিচাপে পৰৱৰ্তী সময়ত কিবা চিন্তা কৰিব বুলিও তেওঁ প্ৰকাশ কৰে ।

শেহতীয়াকৈ কংগ্ৰেছৰ পৰা বহিস্কৃত সমষ্টিৰ গাঁৱে গাঁৱে আজিও প্ৰচাৰ চলাইছে ড৹ অংকিতা দত্তই । তেওঁ সমষ্টিটোৰ হজ যাত্ৰী, পৰীক্ষাৰ্থীৰ সকলোৰে খা-খবৰ লয়। দত্তই লগতে কয় যে, আমগুৰীবাসীৰ আৰ্শীবাদ এতিয়াও তেওঁৰ লগত আছে । আমগুৰিৰ পূৰ্বৰ সতীৰ্থৰ লগত অংকিতাই সু-সম্পৰ্ক বজাই ৰাখিব অংকিতাই । আমগুৰি চাহ বাগিচা, দেওপানী বাগিচা, নামতিকে ধৰি বিভিন্ন এলেকাত অংকিতাই ঘৰে ঘৰে গৈ মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ ছাত্ৰ-ছাত্ৰীসকলৰ খবৰ লৈছে ।

পৱিত্ৰ হজযাত্ৰাৰ বাবে ওলোৱা ব্যক্তিৰ পৰিয়ালসমূহক লগ কৰিও শুভেচ্ছা জনাইছে নেত্ৰীগৰাকীয়ে । হাতত মোবাইল লৈ নৱ প্ৰজন্মৰ মাজত ছেলফি তুলি অংকিতাৰ জনপ্ৰিয়তা যে আমগুৰিত বৰ্তমানেও আছে সেয়া এতিয়াও প্ৰতিপন্ন কৰিছে নেত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: Financial crisis: ৩৬,১৩৭ কোটি টকাৰ ৰাজহ সংগ্ৰহৰ দায়িত্ব ৬ টা বিভাগক; চৰকাৰৰ অৱস্থা কঙাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.