ETV Bharat / state

Financial crisis: ৩৬,১৩৭ কোটি টকাৰ ৰাজহ সংগ্ৰহৰ দায়িত্ব ৬ টা বিভাগক; চৰকাৰৰ অৱস্থা কঙাল

author img

By

Published : May 30, 2023, 5:29 PM IST

Updated : May 30, 2023, 5:37 PM IST

জনতাৰ ওপৰত বাঢ়িব কৰৰ বোজা ! ৬ টা বিভাগক ৰাজহ সংগ্ৰহৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ ৷ সম্প্ৰতি বহু হাজাৰ কোটি টকা ঋণ লোৱাৰ পিচতো বিত্তীয় নাটনিৰ জোৰা মাৰিবলৈ সক্ষম হোৱা নাই অসম চৰকাৰ ৷ সেয়ে ৰাজ্য চৰকাৰে নিজা ৰাজহ বৃদ্ধি কৰিবলৈ লৈছে বিশেষ সিদ্ধান্ত ৷ ৰাজ্য চৰকাৰে শেহতীয়াকৈ ৬ টা বিভাগক ৩৬,১৩৭ কোটি টকা ৰাজহ সংগ্ৰহৰ নিৰ্দেশনা দিছে ৷ সমালোচনাত মুখৰ হৈ পৰিছে বিৰোধী দল-সংগঠন সমূহ (Assam govt in financial crisis) ৷

Financial crisis
চৰম বিত্তীয় সংকটৰ সন্মুখীন হৈছে ৰাজ্য চৰকাৰ

চৰম বিত্তীয় সংকটৰ সন্মুখীন হৈছে ৰাজ্য চৰকাৰ

গুৱাহাটী, ৩০ মে’: ভোটাৰক মোহাচ্ছন্ন কৰি ৰখাৰ স্বাৰ্থত প্ৰৱৰ্তন কৰা হিতাধিকাৰী আঁচনিৰ বোজা এতিয়া বুমেৰাঙ হৈ পৰিছে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বাবে ৷ আনহাতে, নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি ১ লাখ নিযুক্তি দিবলৈ চৰকাৰক এতিয়া প্ৰয়োজন বৃহৎ ধনৰাশিৰ ৷
স্বাভাৱিকতে চৰম বিত্তীয় সংকটৰ সন্মুখীন হৈছে ৰাজ্য চৰকাৰ (Assam govt in financial crisis) ৷

আজিৰ তাৰিখত ৰাজ্য চৰকাৰৰ ঋণ বোজাৰ পৰিমাণ ১ লাখ ৩৬ হাজাৰ কোটি টকাতকৈয়ো অধিক ৷ তাৰ বিপৰীতে ২০২২-২৩ বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰক কেন্দ্ৰীয় চৰকাৰে মোকলাই দিবলগীয়া বিভিন্ন আঁচনিৰ প্ৰায় ৭৭ হাজাৰ কোটি টকাৰ ভিতৰত ৩০ হাজাৰ কোটি টকাই মুকলি কৰি নিদিলে ৷ আনকি খাৰুৱা তেলৰ ৰয়েলিটিৰ বাবদ অসমে পাব লগীয়া কেইবা হাজাৰ কোটি টকা আদায় দিয়া নাই কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে ৷ সেয়ে এতিয়া ঋণৰ লগতে প্ৰয়োজনীয় এক অংশ ধন নিজাকৈ ব্যৱস্থা কৰিবৰ বাবে বাধ্য হৈছে হিমন্ত বিশ্ব চৰকাৰ (Assam govt in debt)

ছটা বিভাগক কৰ সংগ্ৰহৰ দায়িত্ব:

এই বিত্তীয় বৰ্ষত ৬টা বিভাগক ৩৬, ১৩৭ কোটি টকা ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে চৰকাৰে ৷ বিক্ৰী কৰ বিভাগ, খনি আৰু খনিজাত দ্ৰব্য বিভাগ, ৰাজহ বিভাগ, আবকাৰী, পৰিবহন আৰু বন এই ৬ টা বিভাগক ৩৬, ১৩৭ কোটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছে ৷ নিশ্চিত তথ্য অনুসৰি বিক্ৰী কৰ বিভাগক ২৪,১১৭ কোটি টকা, খনিজাত দ্ৰব্য আৰু খনি বিভাগক ৫, ১১৭ কোটি টকা, ৰাজহ বিভাগক ১,৪৩৭ কোটি টকা, পৰিবহন বিভাগক ১,৪৩৫ কোটি টকা, আবকাৰী বিভাগক ৩, ০১৫ কোটি টকা আৰু বন বিভাগক ১,০১০ কোটি টকা সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে (Tax collection in Assam) ৷

লগতে পঢ়ক: CM Himanta Biswa Sarma: অসমত নতুনকৈ নিৰ্মাণ হ’ব দুখন ৰেল দলং

ইফালে ডিঙিত ১ লাখ ৩৬ হাজাৰ কোটি টকাতকৈয়ো অধিক ঋণৰ বোজা থকাৰ পিচতো এই বছৰতে শীঘ্ৰেই অতিৰিক্ত ২৫০০ কোটি টকা ঋণ লোৱাৰ বাবে প্ৰস্তুতি চলাইছে শৰ্মা চৰকাৰে ৷ চৰকাৰৰ এই নিৰ্ধাৰিত ৰাজহ সংগ্ৰহ কৰিবৰ বাবে তৎপৰ হৈ পৰিছে উল্লেখিত বিভাগ সমূহ ৷ যাৰ ফলত জনতাৰ ওপৰত বোজা বাঢ়িব ভূমি কৰ, সম্পত্তি কৰ, আবকাৰী কৰ, পৰিবহন কৰ, ইন্ধন কৰৰ লগতে বিদ্যুৎ মাচুল পৰ্যন্ত (Tax hike in Assam) ৷

ইতিমধ্যে ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে বিক্ৰী কৰ, ভূমি ৰাজহ, বন, পৰিবহন, খনি আৰু খনিজাত দ্ৰব্য আৰু আবকাৰী বিভাগলৈ নিৰ্ধাৰিত কৰ সংগ্ৰহৰ বাবে জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে ৷

বিৰোধীৰ কঠোৰ সমালোচনা:

ৰাজ্য চৰকাৰৰ এই কৰ সংগ্ৰহৰ সিদ্ধান্তক কঠোৰ সমালোচনা বিৰোধী দলৰসমূহৰ ৷ তাৰ ভিতৰত জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াৰ ৷ তেওঁ কয়, ‘‘ৰাজ্য চৰকাৰে নতুনকৈ যি ৬ টা বিভাগক কৰ বৃদ্ধি কৰাৰ আদেশ দিছে, সেই আদেশে ৰাজ্যখনৰ শোচনীয় বিত্তীয় ব্যৱস্থাকে উদঙাই দেখুৱাইছে ৷ যদিও বিত্তীয় অৱস্থা শোচনীয়, কিন্তু চৰকাৰে অলাগতীয়াল কিছুমান নিৰ্মাণ কাৰ্যৰ লগতে কেৱল জাকজমকতাৰে চৰকাৰ চলাই ৰাজ্যৰ ৰাজকোষ উদংঙ কৰি আছে ।’’ (Opposition criticizes Assam Govt)৷

একে বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক তৃণমূল কংগ্ৰেছেও ৷ দলটোৰ মুখপাত্ৰ দিলীপ শৰ্মাই কয় যে, চৰকাৰে হিতাধিকাৰীক ধন দিবলৈ ঋণ গ্ৰহণ কৰি আহিছে ৷ সেইখন চৰকাৰে অলাগতীয়াল খৰছ কৰি ৰাজহুৱা ধনৰ শৰাধ কৰি ৰাজ্যৰ বিত্তীয় ব্যৱস্থা শোচনীয় কৰি তুলিছে ৷ উন্নয়নৰ স্বাৰ্থত কাম নকৰি সাধাৰণ লোকৰ ওপৰত অত্যধিক কৰ আদায়ৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰাপ্য ধন আদায়ৰ আহ্বান জনাইছে তৃণমূল কংগ্ৰেছে ৷

লগতে পঢ়ক: Assam government griha pravesh ceremony: এইবাৰ গৃহ প্ৰৱেশ অনুষ্ঠানৰ আয়োজন কৰিব ৰাজ্য চৰকাৰে

Last Updated :May 30, 2023, 5:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.