ETV Bharat / state

Constituency Delimitation 2023 : ১৪ আগষ্টত আমগুৰি সমষ্টি বন্ধৰ আহ্বান; সমৰ্থন বহু জাতীয় সংগঠনৰ

author img

By

Published : Aug 12, 2023, 12:51 PM IST

১৪ আগষ্টত স্তব্ধ হ’ব পাৰে আমগুৰি সমষ্টি ৷ কিয়নো ১৪ আগষ্টত আমগুৰি সমষ্টি বন্ধৰ আহ্বান জনাইছে আমগুৰি সমষ্টি সুৰক্ষা সমিতিয়ে ৷ আমগুৰি সমষ্টি সুৰক্ষা সমিতিৰ এই বন্ধক ইতিমধ্যে সমৰ্থন জনাইছে বহুকেইটা জাতীয় সংগঠনে ৷

Amguri constituency to be closed on 14th August
১৪ আগষ্টত স্তব্ধ হ’ব পাৰে আমগুৰি সমষ্টি

১৪ আগষ্টত স্তব্ধ হ’ব পাৰে আমগুৰি সমষ্টি

আমগুৰি, ১২ আগষ্ট : ১৪ আগষ্টত বন্ধ আমগুৰি ৷ কিয়নো ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনঃনিৰ্ধাৰণৰ চূড়ান্ত খচৰা তালিকা নাম নাই আমগুৰি সমষ্টিৰ ৷ ফলত ক্ষুব্ধ হৈ পৰিছে আমগুৰিবাসী ৷ সেয়ে আমগুৰি সমষ্টি সুৰক্ষা সমিতিয়ে ১৪ আগষ্টত আমগুৰি সমষ্টি বন্ধৰ আহ্বান জনাইছে ৷

আমগুৰি সমষ্টি সুৰক্ষা সমিতিয়ে জনোৱা এই বন্ধক সমৰ্থন জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা, আটাছুকে ধৰি বহুকেইটা জাতীয় সংগঠনে ৷ জাতীয় সংগঠনৰ সদস্যই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি, ১৪ আগষ্টৰ পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ সম্পূৰ্ণৰূপে বন্ধ থাকিব আমগুৰি সমষ্টি ৷

আমগুৰি সমষ্টিটো পুনৰ ঘূৰাই অনাৰ স্বাৰ্থত এই বন্ধৰ প্ৰতি সঁহাৰি জনাবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আমগুৰিবাসী আহ্বান জনাইছে সংগঠনৰ সদস্যসকলে ৷ উল্লেখ্য যে, শুকুৰবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে সমষ্টি পুনঃনিৰ্ধাৰণৰ চূড়ান্ত খচৰা তালিকা প্ৰকাশ কৰে ৷ কিন্তু অতি ৰহস্যজনকভাৱে সমষ্টি পুনঃনিৰ্ধাৰণৰ চূড়ান্ত খচৰা তালিকাত নাম আমগুৰি সমষ্টিৰ ৷ ফলত অগ্নিগৰ্ভা হৈ পৰে আমগুৰিবাসী ৷

আনকি চূড়ান্ত খচৰা তালিকাত আমগুৰি সমষ্টি কৰ্তনৰ পিচতেই আমগুৰি চাৰিআলিত শুকুৰবাৰে নিশাই আমগুৰিৰ বহুকেইটা জাতীয় সংগঠনে আমগুৰি নগৰৰ চাৰিআলিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতীয় নিৰ্বাচন আয়োগৰ প্ৰতিকৃতি দাহ কৰি ৰূপায়ণ কৰে প্ৰতিবাদ ৷ এই প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা, আহোম সেনাৰ বিষয়ববীয়াও অংশগ্ৰহণ কৰে ।

আনকি আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে সোঁচ্চাৰ হৈ পৰে প্ৰতিবাদী জাতীয় সংগঠনকেইটা । বিধায়ক প্ৰদীপ হাজৰিকাই আমগুৰি সমষ্টি ৰক্ষাত কোনো ধৰণৰ ভূমিকা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন কৰে ৷ এই প্ৰতিবাদস্থলীৰ পৰাই জাতীয় সংগঠনকেইটাই প্ৰদীপ হাজৰিকাৰ এনে কাৰ্যক ধিক্কাৰ প্ৰদান কৰে ।

লগতে পঢ়ক : Constituency Delimitation 2023 : কৰ্তন হ’ল আমগুৰি সমষ্টিৰ নাম; মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ বহু সংগঠনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.