ETV Bharat / state

শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

author img

By

Published : Mar 14, 2020, 3:29 PM IST

নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত শিৱসাগৰ মহকুমা ছাত্র সন্থাই ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷

aasu-protest-at-sivsagar
শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

শিৱসাগৰ,14 মাৰ্চঃ শিৱসাগৰত শনিবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম ছাত্ৰ সন্থাই । নাগৰিকত্ব সংশোধনী আইন-২০১৯ বাতিলৰ দাবীত শিৱসাগৰ মহকুমা ছাত্র সন্থাই শিৱসাগৰ নগৰৰ মুক্তিনাথ চাৰিআলিত এক গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। অসম আৰু অসমীয়াক বন্ধকত থৈ বিজেপি নেতৃত্বাধীন চৰকাৰখনে ভাৰতীয় সংবিধান নস্যাৎ কৰি এক অসংবিধানিক কাৰ্য সম্পন্ন কৰিছে তাক লৈ সৰৱ হৈ পৰিল সদৌ অসম ছাত্ৰ সন্থা । এই আইন বাতিল নকৰা পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থাই আন্দোলন অব্যাহত ৰাখিব বুলি আছুৱে হুংকাৰ দিছে । লগতে এই আইনৰ বিৰূপ প্ৰভাৱ সম্পৰ্কে ৰাইজক অৱগত কৰি বিজেপি চৰকাৰৰ জনবিৰোধী কামৰ জনমত গঠনৰ চেষ্টা অব্যাহত ৰাখিছে।

শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী
লগতে পঢ়কঃদেশৰ প্ৰথমগৰাকী কৰ’ণা ভাইৰাছত মৃত্যু হোৱা 34 জনলৈ সংক্ৰমিত হ’ল বীজাণু
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.