ETV Bharat / state

নলবাৰীত সন্দেহজনক নাগৰিকৰ খিলঞ্জীয়াৰ ভূমি বেদখল

author img

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 5:54 PM IST

পশ্চিম নলবাৰীত ভূমি বেদখল সন্দেহজনক লোকৰ
পশ্চিম নলবাৰীত ভূমি বেদখল সন্দেহজনক লোকৰ

Land Encroachment : পশ্চিম নলবাৰীত খিলঞ্জীয়াৰ ভূমি বেদখলৰ অভিযোগ উঠিছে সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে । এটা সমবায় সমিতিৰ ৩১ বিঘা ভূমি বেদখলৰ অভিযোগ ।

নলবাৰীত সন্দেহজনক নাগৰিকৰ খিলঞ্জীয়াৰ ভূমি বেদখল

নলবাৰী, ১৯ জানুৱাৰী : পশ্চিম নলবাৰীত সন্দেহজনক নাগিৰকৰ খিলঞ্জীয়া লোকৰ ভূমি বেদখল ৷ জাগাৰা কো-অপাৰটিভ ফাৰ্মিং ছ'চাইটীৰ ৩১ বিঘা ভূমি বেদখল সন্দেহজনক নাগৰিকৰ । অবৈধ ভূমি বেদখলকাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পাচতো নলবাৰী জিলাৰ পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ভয়ৰাঘোল গাঁৱত ভূমি বেদখলৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ৷

অভিযোগ অনুসৰি, জাগাৰা কো-অপাৰটিভ ফাৰ্মিং ছ'চাইটীৰ প্ৰায় ৩১ বিঘাকৈ ভূমি সন্দেহজনক নাগৰিকৰ বেদখল । প্ৰয়াত মুক্তিযোদ্ধা দেৱীৰাম সিংহই জাগৰা কো-অপাৰেটিভ ফাৰ্মিং ছ'চাইটীৰ নামত দান দিছিল ৮০ বিঘাকৈ ভূমি । পৰৱৰ্তী সময়ত জাগাৰা কো-অপাৰেটিভ ছ'চাইটীয়ে ইয়াৰে ৪৯ বিঘাকৈ ভূমি কেইবাটাও পৰ্যায়ত বিগত ১০-১৫ বছৰৰ ভিতৰত বিক্ৰী কৰাৰ পিছত বাকী থকা ৩১ বিঘা ভূমিত সন্দেহজনক লোকে বেদখল কৰাৰ অভিযোগ উত্থাপন কৰে ছ'চাইটীৰ বিষয়ববীয়াই ।

আনহাতে, বেদখলকাৰীৰ অত্যাচাৰত ছ'চাইটীয়ে চৰকাৰী নিয়ম অনুসৰি ৩১ বিঘা ভূমি বিক্ৰী কৰি ওচৰৰ সুবিধাজনক স্থানত ভূমি ক্ৰয় কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে ছ'চাইটীৰ বিষয়ববীয়াই । উক্ত প্ৰস্তাৱৰ ভিত্তিত ভয়ৰাঘোল গাঁৱৰ ৫৪ নং পট্টাৰ ৯৪ নং দাগৰ উক্ত ৩১ বিঘা ভূমি সোণ কুমাৰ বৈশ্য, মুকুট আলী, জহুৰ উদ্দিন আৰু ইন্তাজ আলী নামৰ ৫ জন লোকৰ ওচৰত বিক্ৰী কৰে ।

উক্ত ভূমিখিনি ছ'চাইটীয়ে বিক্ৰী কৰে যদিও আজিলৈকে বেদখলমুক্ত কৰি ক্ৰয় কৰা লোককেইজনক চমজাই দিব নোৱাৰি উচুপিচে ছ'চাইটীৰ বিষয়ববীয়াই । খিলঞ্জীয়া লোকৰ অধিকাৰ সুনিশ্চিত কৰাৰ স্বাৰ্থত কাম কৰা বিজেপি চৰকাৰৰ দিনত যদি খিলঞ্জীয়াৰে এই অৱস্থা হয় তেন্তে কেনেকৈ খিলঞ্জীয়াৰ অধিকাৰ সুনিশ্চিত হ'ব বুলি প্ৰশ্ন উত্থাপন কৰিছে এইসকল ভুক্তভোগীয়ে ৷

আনহাতে, একাংশ মধ্যভোগীয়ে অবৈধ বেদখলকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে উঠি-পৰি লগাৰো অভিযোগ উত্থাপন হৈছে ৷ ইপিনে ভুক্তভোগী ছ'চাইটীটোৱে মুখ্যমন্ত্ৰীৰ লগতে পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়াক উক্ত ভূমিখিনি বেদখলকাৰীৰ পৰা মুক্ত কৰি দিয়াৰ বাবে অনুৰোধ জনাইছে ৷

লগতে পঢ়ক :কলিয়াবৰৰ দলিবাৰীত বনৰীয়া হাতীৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.