কলিয়াবৰৰ দলিবাৰীত বনৰীয়া হাতীৰ তাণ্ডৱ

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 4:59 PM IST

thumbnail

কলিয়াবৰ, ১৯ জানুৱাৰী: কলিয়াবৰ মহকুমাৰ কলিয়াবৰ আৰক্ষী নিৱেশৰ অন্তৰ্গত দলিবাৰী গাঁৱত যোৱা বৃহস্পতিবাৰে নিশা বন্যহস্তীয়ে তাণ্ডৱ চলায় । যোৱা নিশা দুঘন্টা ধৰি দুটা হাতীয়ে তাণ্ডৱ চলোৱাৰ ফলত যজ্ঞোৰাম বৰা নামৰ লোকজনৰ ঘৰৰ যথেষ্ট ক্ষতি সাধন হয় । হাতীয়ে লগতে নষ্ট কৰে শাক-পাচলিৰ খেতি । ইপিনে, তেওঁৰ ঘৰৰ কাষেৰে পাৰ হৈ যোৱা দলিবাৰী-সোণাৰী কামাখ্যা পথৰ আধাৰশিলাৰো বন্যহস্তীয়ে ভতিসাধন কৰে । তদুপৰি কৃষি বিভাগৰ প্ৰচাৰ ফলকৰো ক্ষতি সাধন হয় ।

স্থানীয় ৰাইজে এই ঘটনাৰ বিষয়ে বন বিভাগৰ লোকক অৱগত কৰাত শিলঘাট খণ্ড বন বিভাগৰ কৰ্মীয়ে বনৰীয়া হাতী দুটা পাহাৰলৈ খেদি পঠিয়াবলৈ সক্ষম হয় । বৃহত্তৰ কলিয়াবৰৰ বহুকেইখন গাঁৱত নিশা বন্যহস্তীৰ সন্ত্ৰাসত ৰাইজে উজাগৰে কটাবলগীয়া হৈছে । ইপিনে,স্থানীয় ৰাইজে অভিযোগ কৰি কয় যে বন বিভাগৰ ব্যৰ্থতাৰ বাবেই দৈনিক বন্যহস্তীয়া উপদ্ৰৱ চলাই আহিছে ।

লগতে পঢ়ক:ৰাজনৈতিক দলে কুচ কাৱাজ কৰেই, অসমত আমি চিন্তা কৰিব লাগিব বুলি নাভাবো : কেশৱ মহন্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.