ETV Bharat / state

Nalbari SMK Civil Hospital:শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় পূৰ্বৰ দৰে বাহাল ৰখাৰ দাবীত উত্তাল নলবাৰী

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 4:06 PM IST

suraksha  samiti  of  nalbari  smk  civil  hospital
উত্তাল নলবাৰী

নলবাৰীত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিৰ মানৱ শৃংখল কাৰ্যসূচী । মুখ্যমন্ত্ৰী, স্থানীয় বিধায়ক, স্বাস্থ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ প্ৰদৰ্শন ।

উত্তাল নলবাৰী

নলবাৰী, ১১ ছেপ্টেম্বৰ : নলবাৰীত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিৰ উদ্যোগত সোমবাৰে গ্ৰহণ কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী । শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় খনৰ পূৰ্বৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ দাবীত বিভিন্ন সময়ত নলবাৰীৰ দল সংগঠনকে ধৰি সুৰক্ষা সমিতিয়ে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও চৰকাৰে যেন নলবাৰীৰ ৰাইজক হেয় প্ৰতিপন্ন কৰি হাস্পতাল খন নিচিহ্ন কৰাৰ পৰিকল্পনা ৰচিছে । যাৰ বিৰুদ্ধে পুনৰ সোমবাৰে মানৱ শৃংখল শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিয়ে ।

নলবাৰী চহৰৰ বাটা চ’কত নলবাৰীৰ সৰ্বস্তৰৰ শতাধিক ৰাইজৰ উপস্থিতিত আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । উল্লেখ্য যে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় পূৰ্বৰ দৰে বাহাল ৰখাৰ বাবে প্ৰতিবাদী শ্ল’গানেৰে ৰাজপথ কপাই তোলে প্ৰতিবাদকাৰী সকলে৷ ইপিনে উক্ত প্ৰতিবাদী কাৰ্যসূচীত নলবাৰীৰ মানৱ অধিকাৰ কৰ্মী জ্ঞানেন চক্ৰৱৰ্তী, কংগ্ৰেছ নেতা দিব্যজ্যোতি হালৈৰ লগতে আন আন উদ্যোক্তা সকলে নলবাৰী সমষ্টিৰ স্থানীয় বিধায়ক গৰাকীক তীক্ষ্ন ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হয় ।

নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন ২৩৫ বিচনা যুক্ত আছিল । বৰ্তমানৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ প্ৰতিবাদলৈ কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে । নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন চহৰখনৰ মাজমজিয়াৰ পৰা নিচিহ্ন কৰি নলবাৰী মেডিকেল কলেজৰে সৈতে সংলগ্ন কৰি ৰাইজক যমৰ যাতনা ভোগাইছে চৰকাৰে । পূৰ্বৰ স্থানৰ পৰা আঁতৰলৈ লৈ যোৱা শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ এতিয়া ১৬ কি:মি: অধিক দূৰত্বলৈ ৰোগীসকল যাবলগীয়া হোৱাৰ লগতে নলবাৰী মেডিকেল কলেজতো সু চিকিৎসা নোপোৱাৰ অভিযোগ উত্থাপন কৰে তেওঁলোকে ।

ইপিনে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খনক এখন ৫০ খন বিচনাযুক্ত চিটি চেন্টাৰ কেন্সাৰ হাস্পতাল নিৰ্মাণ কৰিব বুলি বিধায়ক জয়ন্ত মল্ল বৰুৱাই দিয়া প্ৰতিশ্ৰুতি কেতিয়া পালন কৰিব তাক লৈ প্ৰশ্ন উত্থাপন কৰে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিয়ে । অতি শীঘ্ৰে ৰাইজৰ দূৰ্দশা দূৰ কৰাৰ লগতে শ্বহীদৰ নামত উচৰ্গিত এই ২৩৫ খন বিচনা যুক্ত চিকিৎসালয় পূৰ্বৰ দৰে বাহাল ৰখাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক : Nalbari SMK Civil Hospital :শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.