ETV Bharat / state

Nalbari SMK Civil Hospital :শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 8:31 PM IST

Nalbari SMK Civil Hospital
চিকিৎসালয়ৰ সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় নি:শেষ কৰিবলৈ ওলোৱাৰ বিৰুদ্ধে নলবাৰীৰ বিভিন্ন স্তৰৰ দল সংগঠনকে ধৰি ৰাইজৰ সৈতে আলোচনা সুৰক্ষা সমিতিৰ ।

চিকিৎসালয়ৰ সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

নলবাৰী, ৩১ আগষ্ট : নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় নলবাৰী মেডিকেল কলেজৰ সৈতে সংলগ্নীকৰণ কৰাৰ পিচত আজিও অব্যাহত আছে দল সংগঠনকে ধৰি নলবাৰীৰ সৰ্বস্তৰৰ জনতাৰ ক্ষোভ । শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খনৰ ঠাইত ৰাজ্য চৰকাৰে ৫০ খন বিচনাযুক্ত এখন চিটি হাস্পতাল আৰু কেঞ্চাৰ হাস্পতাল নিৰ্মাণ কৰিবলৈ ওলোৱাত ক্ষোভিত হৈ পৰিছে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খনৰ সুৰক্ষা সমিতি ।

বৃহস্পতিবাৰে নলবাৰী চহৰৰ সমীপৰ কাজিপাৰাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে চিকিৎসালয়খনৰ সুৰক্ষা সমিতিয়ে । নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা বৈঠকত নলবাৰীৰ ৰাইজ আৰু বিভিন্ন দল-সংগঠন এক আলোচনাত মিলিত হয় । কাজিপাৰাৰ বৰ্ণালী ডেস্ন একাডেমীৰ সভাগৃহত অনুষ্ঠিত হয় এই বৈঠক ৷ সুৰক্ষাৰ সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে জিলাখনৰ বিভিন্ন স্থানৰ গণ সমিতিৰ লগত নলবাৰী অসামৰিক চিকিৎসালয়ৰ পূৰ্বৰ মৰ্যদা আৰু পৰিসেৱা অটুট ৰখাৰ দাবীত এই বৈঠকখন অনুষ্ঠিত কৰা হয় ।

আনহাতে এই বৈঠকতে নলবাৰী অসামৰিক চিকিৎসালয় 235খন বিচনাযুক্ত হ’ব লাগিব বুলি সুৰক্ষা সমিতিয়ে দাবী উত্থাপন কৰে । আগন্তুক ছেপ্টম্বৰ মাহত গণ আন্দোলন কৰাৰো যো জা চলাইছে সুৰক্ষা সমিতিয়ে । উল্লেখ্য যে, এই বৈঠকতে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় বিষয়ত ভৱিষ্যতে ল’বলগীয়া বিভিন্ন পন্থাৰ বিষয়ে বিষদভাৱে আলোচনা কৰা হয় ।

উল্লেখ্য যে, 22 জুলাইত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি কয় যে, নলবাৰীত অচিৰেই এখন ৫০ খন বিচনাযুক্ত চিটি আদৰ্শ চিকিৎসালয় স্থাপন কৰা হ’ব ৷ উক্ত চিকিৎসালয়খন শ্বহীদ মুকুন্দ কাকতিৰ নামেৰে নামকৰণ কৰা হ’ব ৷ পূৰ্বৰ দৰে সকলোধৰণৰ সা-সুবিধা থকাৰ কথাও উল্লেখ কৰে তেওঁ এই প্ৰস্তাৱিত আদৰ্শ চিকিৎসালয়খনত ৷

লগতে পঢ়ক : Jayanta Malla Baruah: নলবাৰীত হ’ব আদৰ্শ চিকিৎসালয়; ঘোষণা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.