ETV Bharat / state

Scam in Self Help Group: লচিমাত আত্মসহায়ক গোটৰ সভানেত্ৰী আৰু সম্পাদিকাই লুটিলে ধন

author img

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 2:47 PM IST

Jebin Womens Self Help Group
লচিমাত আত্মসহায়ক গোটৰ ঋণ আত্মসাৎ

নলবাৰীৰ লচিমাত আত্মসহায়ক গোটৰ ঋণ আত্মসাতৰ ঘটনা । সদস্যৰ অজ্ঞাতে সভানেত্ৰী আৰু সম্পাদিকাই গোটৰ নামত বেংকৰ পৰা ঋণ লৈ দুই লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ ।

লচিমাত আত্মসহায়ক গোটৰ ঋণ আত্মসাৎ

নলবাৰী, ৩ আগষ্ট: নলবাৰী জিলাৰ লচিমাত সংঘটিত হৈছে আত্মসহায়ক গোটৰ ঋণ আত্মসাতৰ ঘটনা । লচিমাৰ এটা মহিলা আত্মসহায়ক গোটৰ সদস্যৰ অজ্ঞাতেই সভানেত্ৰী আৰু সম্পাদিকাই আত্মসাৎ কৰিলে দুই লাখ টকাৰ ঋণ । জেবিন মহিলা আত্মসহায়ক গোটটোৰ নামত সভানেত্ৰী আৰু সম্পাদিকাই বেংকৰ পৰা ঋণ লৈ দুই লাখ টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে গোটটোৰ সদস্যসকলে ।

উল্লেখ্য যে গোটটোৰ সভানেত্ৰী আকলিমা বেগম আৰু সম্পাদিকা ৰেহেনা বেগমে আন আঠ গৰাকী সদস্যৰ অজ্ঞাতে বেংকৰ পৰা গোটটোৰ নামত ঋণ ২ লাখ টকা লৈছিল । বেংকে যেতিয়া সদস্য সকলৰ পৰা ঋণ পৰিশোধৰ কিস্তি ওভতাই নিয়ে তেতিয়াই গোটটোৰ সদস্য সকলৰ মাজত লাগে হাহাকাৰ ।

উত্থাপিত অভিযোগ মতে, গোটটোৰ সভানেত্ৰী আৰু সম্পাদিকাই মিলি বেংকটোৰ পৰা ঋণ লৈ সেই ধন অকলে অত্মসাৎ কৰি বেংকত আজিলৈ এটকাও ওভতাই দিয়া নাই । যাৰ পৰিপ্ৰেক্ষিতত গোটটোৰ বাকী আঠগৰাকী সদস্যৰ বিভিন্ন শিতানৰ সাঁচতীয়া ধন বেংকে উভতাই লৈ গৈছে ।

বেংকে সদস্যসকলৰ একাউণ্টৰ পৰা ঋণৰ টকা ওভতাই লৈ যাবলৈ লোৱাৰ সময়তে পোহৰলৈ আহে গোটটোৰ নামত ঋণ লোৱা এই সমগ্ৰ ঘটনাৰ ৰহস্য । উল্লেখ্য় যে সদস্য কেইগৰাকীয়ে তেওঁলোকৰ একাউণ্টত লাভ কৰা চৰকাৰী গৃহৰ টকা, অৰুণোদয়ৰ ধন, পিএম কিষাণৰ টকাকে ধৰি একাউণ্টত থকা সাঁচতীয়া বহু ধন ঋণৰ কিস্তিৰূপে ওভতাই লৈ গৈ আছে বেংক কৰ্তৃপক্ষই । দৰিদ্ৰ সদস্য কেইগৰাকীয়ে নিজৰ সাঁচতীয়া ধন এনেদৰে বেংকক দিবলগীয়া হোৱাত আৰ্থিকভাৱে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ।

গোটৰ সদস্য কেইগৰাকীয়ে সভানেত্ৰী আকলিমা বেগম আৰু সম্পাদিকা ৰেহেনা বেগমক ঋণৰ টকাখিনি বেংকত ওভতাই দিয়াৰ কথা ক'বলৈ গ'লে তেওঁলোকক ভয় ভাবুকি দিয়াৰো অভিযোগ কৰে । সম্প্ৰতি গোটৰ নামত ঋণৰ লাখ লাখ টকা আত্মসাৎ কৰা দুই অভিযুক্ত সভানেত্ৰী আৰু সম্পাদিকাৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে গোটটোৰ ভুক্তভোগী সদস্যসকলে ।

লগতে পঢ়ক:Conflict in Natun Kamalabari Satra: নতুন কমলাবাৰী সত্ৰত গৃহ কণ্ডল; দুটা ভাগত বিভক্ত হৈ পৰিৱেশন গায়ন বায়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.