ETV Bharat / state

নলবাৰীত পৌৰ কৰ্মচাৰীৰ প্ৰতিবাদ

author img

By

Published : Aug 31, 2020, 1:47 PM IST

সোমবাৰৰ দিনটোত ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে পৌৰসভাৰ কৰ্মচাৰীসকলে ৷ চাকৰিৰ নিয়মীয়াকৰণ আৰু অনাদায় বেতন আদায়ৰ দাবীত কৰ্মচাৰীসকলে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ নলবাৰীতো পৌৰসভাৰ কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে এক স্মাৰকপত্ৰ ৷

Protest of municipality worker nalbari assam etv bharat news
পৌৰ কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

নলবাৰী,31 আগষ্ট: সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে সোমবাৰে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে পৌৰ নিগমৰ কৰ্মচাৰীসকলে ৷ অন্যান্য প্ৰান্তৰ দৰে নলবাৰী জিলাতো কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ পৌৰ নিগমৰ অধীনস্থ কৰ্মচাৰীসকলে দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ লগতে চাকৰিৰ নিয়মীয়াকৰণৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ কৰ্মচাৰীসকলে পৌৰসভাৰ কাৰ্যালয়ৰ পৰা এক সমদলেৰে আৰম্ভ কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে ধৰ্ণা কাৰ্যসূচী ৷

পৌৰ কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

উল্লেখ্য যে, বিগত 27 মাহে অনাদায় হৈ থকা বেতন প্ৰদানৰ ওপৰিও নতুন নিযুক্তি বন্ধ কৰাৰ দাবী জনাই প্ৰতিবাদকাৰীসকলে ৷ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ মাজতো এইসকল কৰ্মচাৰীয়ে কৰ্তব্য সম্পাদন কৰি আহিছিল যদিও তাৰ বিপৰীতে লাভ নকৰিলে কোনো সা-সুবিধা ৷ পৰিৱৰ্তনকামী বিজেপি চৰকাৰখনে নিবনুৱা সমস্যা দুৰ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰি আহিছিল যদিও এইক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে ৷ কিয়নো ৰাজ্য চৰকাৰে এইসকল কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰাৰ আশ্বাস পূৰ্বতেও প্ৰদান কৰিছিল যদিও সেয়া হৈ নুঠিল ৷ সেয়ে কৰ্মচাৰীসকলে সোমবাৰে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ পত্ৰ প্ৰদান কৰে ৷ উল্লেখ্য যে,কৰ্মচাৰীসকলে মঙলবাৰৰ পৰা তিনিদিনীয়াকৈ পুনৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণেৰে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জানিবলৈ দিয়ে ৷

লগতে চাওকঃ দুৰ্নীতিৰ অভিযোগত পোত গৈছে খোনাৰপাৰ প্ৰাথমিক বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.