ETV Bharat / state

এটা গৰুৱে কি অথন্তৰ ঘটালে...

author img

By

Published : Aug 9, 2021, 2:14 PM IST

এটা গৰুক লৈ তালফাল সকলো ৷ চাৰিওফালে মাথো উত্তেজনা ৷ তাৰ পিছতেই প্ৰচণ্ড মাৰপিট ৷ কিন্তু প্ৰকৃততে কি কাৰণে সকলোৱে মাৰপিট কৰিছে ? আচলতে গৰুটোৱে কৰিলে কি ?

one person dead for a cow at nalbari
এটা গৰুৱে কি অথন্তৰ ঘটালে...

নলবাৰী, 9 আগষ্ট : আপোনাৰ জানো মনত আছে ! বিচিত্ৰৰ গৰুজনী হেৰুৱাৰ সময়তো এনেদৰে তালফাল লাগিছিল সকলোতে ৷ বিচিত্ৰ মানে জানে নহয় ? হয়... আমি হিমাংশু প্ৰসাদ দাসৰ ছবি গৰুৰ কথাই কৈ আছিলো ৷ পিছে এইবাৰ ঘটনা সেয়া নহয় ৷ কিয়নো বিচিত্ৰই বহু কষ্টৰ মূৰত অৱশেষত গৰুজনী বিচাৰি পালে ৷ এইবাৰ ঘটনা কিছু বেলেগ ৷

প্ৰকৃততে এটা গৰুৱে কঠিয়া খোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত লাগিল প্ৰচণ্ড মাৰপিট ৷ কাজিয়াৰ সকলো সীমা অতিক্ৰম কৰি সংঘটিত হোৱা এই কাণ্ডত মৃত্যুক আঁকোৱালি ল’লে এজনে ৷ তদুপৰি অভিযুক্তৰ ঘৰ, দোকান জ্বলাই দিলে উত্তেজিত ৰাইজে ৷ এই ঘটনাৰ স্থান নলবাৰী জিলাৰ বৰভাগৰ বৰবুকীয়া ৷

গৰুক কেন্দ্ৰ কৰি মাৰপিট সংঘটিত

আচলতে ঘটনাটো এনে ধৰণৰ, বুধবাৰে পুৱা জাকিৰ আলীৰ এটা গৰুৱে চুবুৰীৰ ওছমান আলীৰ ঘৰৰ চৌহদত প্ৰৱেশ কৰে ৷ গৰুটোৱে ওছমান আলীৰ ঘৰৰ চৌহদত কঠিয়া খাই থকা প্ৰত্যক্ষ কৰি ওছমানে জাকিৰক গৰুটো লৈ যাবলৈ অনুৰোধ কৰে ৷ কিন্তু ওছমানৰ আহ্বানত কোনো কেৰেপ নকৰে জাকিৰে ৷

ইয়াৰ পাছত ওছমানৰ কণিষ্ঠ পুত্ৰই জাকিৰৰ দোকানলৈ কিছু সামগ্ৰী আনিবলৈ যাওতে জাকিৰে আৱদ্ধ কৰি ৰাখে ৷ লগতে উচ্চস্বৰে ওছমানক ল’ৰাক লাগে যদি নিবলৈ আহিবলৈ কয় ৷ উপায়ন্তৰ ওছমানে পুত্ৰক আনিবলৈ যাওতে জাকিৰে এডাল প্ৰকাণ্ড লাঠীৰে কোবাই আঘাতপ্ৰাপ্ত কৰে ৷

one person dead for a cow at nalbari
অভিযুক্ত জাকিৰ আলী

গুৰুতৰভাৱে আহত ওছমানক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ কিন্তু সোমবাৰে চিকিৎসাধীন অৱস্থাত ওছমানৰ মৃত্যু হয় ৷ এই খবৰ অঞ্চলটোত বিয়পি পৰাৰ পিছতে উত্তেজিত ৰাইজে জাকিৰৰ দোকান আৰু বাসগৃহত অগ্নিসংযোগ কৰে ৷ অৱশেষত কমাৰকুছি আৰক্ষী চকীৰ তৎপৰতাত আৰু নলবাৰীৰ দুগৰাকী উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াৰ উপস্থিতিত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷ উত্তেজিত ৰাইজে অভিযুক্ত জাকিৰক উচিত শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক দাবী জনায় ৷

লগতে পঢ়ক : হাগ্ৰামাই NIA ৰ ভয়ত বিজেপিৰ কাষ চাপিছে : গোবিন্দ বসুমতাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.