ETV Bharat / state

পৰীক্ষা নিৰীক্ষকৰ ভুলৰ বলি হ’ল নলবাৰীৰ ২১ গৰাকীকৈ পৰীক্ষাৰ্থী

author img

By

Published : Aug 21, 2022, 7:16 PM IST

নলবাৰীত অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাত উত্তেজনা । পৰীক্ষা গৃহত নিৰীক্ষকে নিৰ্দেশনা ভুল কৰাৰ অভিযোগ । OMR শ্বীটত বুকলেট নম্বৰৰ বিপৰীতে নিৰীক্ষকে নিজৰ ৰোল নং বহুৱাবলৈ দিয়াৰ অভিযোগ উত্থাপিত হয় । যাৰ ফলত ২১ গৰাকীকৈ পৰীক্ষাৰ্থীৰ অ’ এম আৰ শ্বীট বাতিল হোৱাৰ সম্ভাৱনাই দেখা দিয়ে (OMR sheet disorder in Nalbari)।

Assam Grade 4 Recruitment Exam in Nalbari
পৰীক্ষা নীৰিক্ষকৰ ভুলৰ বলি হ’ল নলবাৰীৰ ২১ গৰাকীকৈ পৰীক্ষাৰ্থী

নলবাৰী, ২১ আগষ্ট: দেওবাৰে অনুষ্ঠিত হয় অসম চৰকাৰৰ সৰ্ববৃহৎ চতুৰ্থ বৰ্গৰ পৰীক্ষা । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো ৬৯ টা কেন্দ্ৰত অনুষ্ঠিত হয় পৰীক্ষা । ভিন্ন প্ৰান্তৰ পৰা অহা ২৪,৭৫৩ গৰাকী প্ৰাৰ্থীয়ে নলবাৰীত পৰীক্ষাত বহে (Assam Grade 4 Recruitment Exam in Nalbari) । অসম চৰকাৰৰ এই নিযুক্তি পৰীক্ষাত যাতে কোনো দুৰ্নীতি, অপ্ৰীতিকৰ পৰিস্থিতিয়ে বিৰাজ নকৰে তাৰ বাবে ৭০০ তকৈও অধিক নিৰাপত্তাৰক্ষী নিয়োগ কৰে ।

পৰীক্ষা নিৰীক্ষকৰ ভুলৰ বলি হ’ল নলবাৰীৰ ২১ গৰাকীকৈ পৰীক্ষাৰ্থী

ইয়াৰ মাজতে নলবাৰী চহৰস্থিত নলবাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়(Nalbari Girls HS School) পৰীক্ষা কেন্দ্ৰত উত্তেজনাময় পৰিৱেশে বিৰাজ কৰে । পুৱা ১০ বজাৰ পৰা আৰম্ভ কৰি দিনৰ ১২ বজাত পৰীক্ষা শেষ হোৱাত ২১ গৰাকী পৰীক্ষাৰ্থীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।

ঘটনাৰ বিৱৰণী মতে উক্ত পৰীক্ষা কেন্দ্ৰৰ এটা পৰীক্ষা হলত 24 গৰাকীকৈ পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিছিল । কিন্তু পৰীক্ষা হলটোৰ দায়িত্বত থকা নিৰীক্ষকজনৰ ভুল নিৰ্দেশনাৰ বাবেই ২১ গৰাকীকৈ পৰীক্ষাৰ্থীৰ OMR শ্বীটত বিসংগতিয়ে দেখা দিয়ে (OMR sheet disorder in Nalbari)। বুকলেট নম্বৰৰ বিপৰীতে নিৰীক্ষকে ৰোল নং বহুৱাবলৈ কোৱাত বিসংগতিয়ে দেখা দিয়ে OMR শ্বীটত ৷ ফলশ্ৰুতিত এই ২১ গৰাকী পৰীক্ষাৰ্থীয়ে তেওলোকৰৰ জীৱনক লৈ খেলা নিৰীক্ষকজনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ।

লগতে পঢ়ক: এইবাৰ গুৱাহাটীত পানী যোগান ধৰাৰ অদ্ভূত পৰিকল্পনা GMC ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.