ETV Bharat / state

ক’ভিড প্ৰট’কল ভংগ কৰি প্ৰণীতা ৰেষ্টুৰেণ্টৰ চাহৰ জুতি ল’লে মন্ত্ৰী যোগেন মহনে

author img

By

Published : Aug 28, 2021, 10:41 AM IST

Updated : Aug 28, 2021, 11:02 AM IST

সকলোৰে পৰিচিত নলবাৰীৰ পাইকাৰকুছি চ’কত থকা প্ৰণীতা ৰেষ্টুৰেণ্ট ৷ কিন্তু চৰকাৰী ক’ভিড নিৰ্দেশনাক ভৰিৰে মোহাৰিছে ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰীয়ে ৷ প্ৰশাসনৰ বিশেষ দৰদ থকা বাবেই নেকি ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰীয়ে চলাই গৈছে মইমতালি !

AS_nlb_02_27Aug_Minister_Jogen_Mahan_Pranita_restaurant_MidNight_V_AS10004
নলবাৰীত নিশা দহ বজালৈ খোলা থাকে প্ৰণীতা ৰেষ্টুৰেন্ট

নলবাৰী, 28 আগষ্ট : আপুনি বাৰু নলবাৰীলৈ যাওতে বা নলবাৰীৰে পাৰ হৈ নামনি অসমৰ আন আন ঠাইসমূহলৈ গ’লে প্ৰণীতা ৰেষ্টুৰেণ্টত সোমাই তাৰ চাহৰ সোৱাদ লৈ পাইছেনে ? নলবাৰীবাসীৰ বাবে প্ৰণীতা ৰেষ্টুৰেণ্টৰ আছে এক পৃথক চিনাকি ৷ সাধাৰণ লোকেই হওক কিম্বা মন্ত্ৰী-আমোলাই হওক, সকলোৱে নলবাৰীৰে পাৰ হওতে এবাৰ হ’লেও প্ৰণীতা ৰেষ্টুৰেণ্টত সোমাই ল’ব বিচাৰে চাহ-মিঠাই, পৰঠাৰ সোৱাদ ৷

কিন্তু মন্ত্ৰী-আমোলা বা জিলাখনৰ প্ৰশাসনৰ এই আন্তৰিকতাৰ বাবেই যেন মইমতালি চলাবলৈ সাহস পাইছে ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰীয়ে ৷ কাৰণ নলবাৰীত এতিয়া দেখা গৈছে দুখন সম্পূৰ্ণ বিপৰীত ছবি ৷ যি সময়ত জিলাখনত সন্ধিয়া ছয় বজাতে দোকান বন্ধ নকৰিলে প্ৰশাসনৰ ৰোষত পৰিবলগীয়া হৈছে সাধাৰণ ব্যৱসায়ী, ঠিক সেই সময়তে আকৌ নিশা দহ বজালৈকে খোলা থাকে প্ৰণীতা ৰেষ্টুৰেণ্ট ৷

ইয়াৰ মাজতে আকৌ শুকুৰবাৰে নিশা প্ৰণীতাত উপস্থিত হয় মন্ত্ৰী যোগেন মহন ৷ কোকৰাঝাৰৰ পৰা গুৱাহাটীলৈ ওভতাৰ পথতে নিশা প্ৰণীতাত সোমায় চাহ-নাষ্টাৰ জুতি লয় মন্ত্ৰীগৰাকীয়ে ৷

প্ৰণীতা ৰেষ্টুৰেণ্টৰ চাহৰ জুতি ল’লে মন্ত্ৰী যোগেন মহনে

মন্ত্ৰীগৰাকীক এই সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নত তেওঁ কয়, ৰেষ্টুৰেণ্টখনত জনসমাগম দেখিহে হেনো তেওঁ সোমাইছে ৷ প্ৰশাসনৰ বিশেষ অনুমতি থকা বুলিহে মন্ত্ৰী যোগেন মহনে প্ৰণীতাত সোমাই চাহৰ সোৱাদ লোৱা বুলি ব্যক্ত কৰে ৷ ইয়াৰ উপৰিও ডিমা হাছাওৰ ঘটনা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনে ঘটনা যেন ৰাজ্যত পুনৰাই সংঘটিত নহ’বলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : দোষীয়ে প্ৰায়চিত্ত কৰিব লাগিব : ভাস্কৰজ্যোতি মহন্ত

এতিয়া গুৰুত্বপূৰ্ণ কথাটো হ’ল ৰাজ্য চৰকাৰে ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ আশংকা কৰিয়েই এতিয়াও ৰাজ্যত সম্পূৰ্ণ খোলা দিয়া নাই ৷ সকলো ক্ষেত্ৰতে কিছু হ’লেও কঠোৰতা ৰক্ষা কৰিছে চৰকাৰে ৷ ইয়াৰ বাবে ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ লগতে শ্ৰমিক শ্ৰেণী সকলোৱে যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে ৷ ইয়াক লৈ ঠায়ে ঠায়ে প্ৰতিবাদ হৈ আহিছে ৷

কিন্তু তাৰ মাজতে একাংশ ক্ষমতাশালী লোকে প্ৰশাসনৰ সৈতে থকা মিতিৰালি(?)ৰ সুবিধা লৈয়ে কোনো বাধা নোহোৱাকৈয়ে চলাই গৈছে নিজৰ ব্যৱসায় ৷ তেওঁলোকৰ বাবে যেন প্ৰশাসনৰ আছে পৃথক নীতি-নিয়ম ৷ ইপিনে ৰাজ্য চৰকাৰৰ এগৰাকী দায়িত্বশীল মন্ত্ৰী হৈয়ে যোগেন মহনে নিশালৈ ৰেষ্টুৰেণ্টখন খোলা দেখি স্বত্বাধিকৰীক কোনো প্ৰশ্ন নকৰি তেওঁলোকৰ এই কাৰ্যত সহমতহে প্ৰদৰ্শন কৰিছে ৷ এই কাৰ্যই এতিয়া বহু প্ৰশ্নৰ উদ্ৰেক ঘটাইছে সাধাৰণ খাটি খোৱা শ্ৰেণীৰ মনত ৷

ইয়াৰ পিছতো নলবাৰী জিলা প্ৰশাসনে প্ৰণীতা ৰেষ্টুৰেণ্টৰ ক্ষেত্ৰত কঠোৰ হ’ব নে সাধাৰণভাৱে মইমতালিৰে ব্যৱসায় চলাই নিব ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰীয়ে, সেই কথা লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ দাবীত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

Last Updated : Aug 28, 2021, 11:02 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.