দোষীয়ে প্ৰায়চিত্ত কৰিব লাগিব : ভাস্কৰজ্যোতি মহন্ত

author img

By

Published : Aug 28, 2021, 8:40 AM IST

dgp-bhaskarjyoti-mahanta-reached-dima-hasao-as10034

ডিমা হাছাওত সন্দেহযুক্ত উগ্ৰপন্থীয়ে যি বৰ্বৰ আক্ৰমণ চলালে, এই আক্ৰমণত প্ৰাণ হেৰুৱালে পাঁচগৰাকীকৈ নিৰীহ ট্ৰাক চালকে ৷ ঘটনাৰ বুজ লোৱাৰ বাবে ৰেঞ্জাৰবিলৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিলে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷

ডিমা হাছাও, 28 আগষ্ট : ডিমা হাছাওৰ ৰেঞ্জাৰবিলৰ পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে শুকুৰবাৰে দিয়ুংমুখত উপস্থিত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ৷ দিয়ুংমুখত উপস্থিত হৈ ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক জয়ন্ত সিং আৰু নিৰাপত্তা বাহিনীৰ সৈতে বৈঠকত মিলিত হয় আৰক্ষী সঞ্চালক প্ৰধানগৰাকী ৷ আলোচনাৰ অন্তত ৰেঞ্জাৰবিলৰ ঘটনাৰ তদন্ত অব্যাহত থকা বুলি জনায় ভাস্কৰজ্যোতি মহন্তই ৷

ডিমা হাছাওৰ উগ্ৰপন্থীৰ আক্ৰমণৰ বুজ ল’লে আৰক্ষী সঞ্চালক প্ৰধানে

আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয়, আৰক্ষীয়ে বৃহস্পতিবাৰৰ ঘটনাৰ সৈতে ডিমাচা উগ্ৰপন্থী সংগঠন জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে যদিও বৰ্তমানলৈকে এই সন্দৰ্ভত কোনো তথ্য লাভ কৰা নাই ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা প্ৰায় 9 বজাত উমৰাংছ’ৰ ডালমিয়া চিমেণ্টৰ পৰা লংকা লৈ যোৱা পাঁচখনকৈ ট্ৰাকত গুলীচালনা কৰাৰ লগতে অগ্নিসংযোগ কৰিছিল সন্দেহযুক্ত ডিএনএলএ (DNLA)ৰ সদস্যই ৷

এই আক্ৰমণত পাঁচজনকৈ ট্ৰাক চালক নিহত হয় যদিও উদ্ধাৰকাৰীয়ে এজন চালকৰহে মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ বাকী চাৰিজন চালকক অগ্নিত সম্পূৰ্ণৰূপে জাহ যায় ৷

লগতে পঢ়ক : ডিমা হাছাওৰ আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা কৰা চালকে দিলে ঘটনাৰ বিৱৰণ

এই ঘটনাৰ সৈতে ডিমাচা উগ্ৰপন্থী সংগঠন ডিমাচা নেশ্যনেল লিবাৰেচন আৰ্মী (Dimasa National Liberation Army) জড়িত থকা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ কিন্তু বৰ্তমানলৈকে সংগঠনটোৱে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই ৷ বিগত কিছুদিন ধৰি ডিমা হাছাও জিলাত সক্ৰিয় হৈ পৰিছে ডিএনএলএ ৷ ইয়াৰ পূৰ্বেও স্বাধীনতা দিৱসৰ লগতে 18-19 আগষ্টত ধাৰাবাহিকভাৱে গুলীচালনাৰ ঘটনা সংঘটিত কৰিছিল ডিএনএলএই ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ পৰা উগ্ৰপন্থী সমস্যা নিৰ্মূল কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছিল ৷ ইয়াৰ ফলস্বৰূপে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মা অধিষ্ঠিত হোৱাৰ পিছতে বড়ো উগ্ৰপন্থী সংগঠন এনএলএফবিৰ কেইবাগৰাকীয়ো কেডাৰ মূলসূঁতিলৈ ওভতি আহিছে ৷ বাকী থকা কেডাৰসকলৰ সৈতেও আলোচনা অব্যাহত ৰখা হৈছে ৷

ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সময়ে সময়ে আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাকো অস্ত্ৰ সম্বৰণ কৰি শান্তিপূৰ্ণভাৱে আলোচনাৰ মাধ্যমলৈ আহিবলৈ আহ্বান জনাই আহিছে ৷ ইয়াৰ মাজতে পাহাৰীয়া জিলা ডিমা হাছাওত ডিএনএলএৰ উত্থানে নিশ্চিতকৈয়ে শাসকীয় চৰকাৰ তথা অসমৰ ৰাইজক সমানে চিন্তিত কৰি তুলিছে ৷

লগতে পঢ়ক : ডিমা হাছাওত উগ্ৰপন্থীৰ আক্ৰমণত নিহত হ’ল উত্তৰ প্ৰদেশৰ ট্ৰাক চালক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.