Meri Mati Mera Desh: নলবাৰীত ‘মোৰ মাটি মোৰ দেশ’ কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
Published: Sep 19, 2023, 7:04 PM

Meri Mati Mera Desh: নলবাৰীত ‘মোৰ মাটি মোৰ দেশ’ কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
Published: Sep 19, 2023, 7:04 PM
দেশৰ স্বাধীনতাৰ 75 বছৰ উপলক্ষে আয়োজন কৰা অমৃত মহোৎসৱ আৰু অমৃতকালৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে ‘মোৰ মাটি মোৰ দেশ’ শীৰ্ষক কাৰ্যসূচী তথা ‘অমৃত কলহ যাত্ৰা’ ৷ নলবাৰীত এই কাৰ্যসূচীৰ উদ্বোধন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷ দেশ তথা ৰাজ্যৰ প্ৰতিঘৰ লোকৰ পৰা সংগ্ৰহ কৰা হ’ব এমুঠিকৈ মাটি ৷
নলবাৰী, 19 ছেপ্টেম্বৰ: নলবাৰী সদৰ সমষ্টিৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মঙলবাৰে শুভাৰম্ভ কৰিলে ‘মোৰ মাটি মোৰ দেশ’ শীৰ্ষক কাৰ্যসূচীৰ ৷ কাইলৈৰ পৰা জিলাখনৰ গাঁৱে গাঁৱে ঘৰে ঘৰে এই কাৰ্যসূচীৰ অধীনত আৰম্ভ হ’ব মাটি সংগ্ৰহ অভিযান ৷
উল্লেখ্য যে দেশৰ স্বাধীনতাৰ 75 বছৰ উপলক্ষে আয়োজন কৰা অমৃত মহোৎসৱৰ অংশস্বৰূপ ‘মোৰ মাটি মোৰ দেশ’ কাৰ্যসূচীৰ দ্বাৰা সমগ্ৰ দেশতে মাটি সংগ্ৰহ কাৰ্যসূচী হাতত লৈছে ভাৰত চৰকাৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ আহ্বানত দেশৰ হকে আত্মবলিদান দিয়া বীৰ শ্বহীদসকলক স্মৰণ কৰাৰ উপৰিও ‘মোৰ মাটি মোৰ দেশে’ৰে শ্বহীদৰ নামত সামাজিক তথা জাতীয়, ৰাষ্ট্ৰীয় অনুষ্ঠানত এই মাটি ব্যৱহৃত হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷
দেশ তথা ৰাজ্যৰ প্ৰতিঘৰ লোকৰ পৰাই এমুঠি মাটি সংগ্ৰহ কৰি সেই মাটিসমূহ প্ৰথমে পঞ্চায়ত কিম্বা পৌৰ নিগমৰ কাৰ্যালয়লৈ লৈ যোৱা হ’ব ৷ তাৰ পিছতে প্ৰতিটো খণ্ড উন্নয়ন কাৰ্যালয়লৈ দুটি পিতলৰ কলহত এই মাটিবোৰ দেশপ্ৰেমমূলক গীতেৰে সমদল কৰি নিয়া হ’ব । এই কাৰ্যসূচীক নাম দিয়া হৈছে ‘অমৃত কলহ যাত্ৰা’ ৷
ইয়াৰ পিছতে ৰাজ্যিক ভিত্তিত মাটিৰ কলহবোৰ শংকৰদেৱ কলাক্ষেত্ৰত একগোট কৰাই ৰাজধানী এক্সপ্ৰেছযোগে দিল্লীলৈ লৈ যোৱা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷
উল্লেখযোগ্য যে মাটিবোৰ সংগ্ৰহ কৰোঁতে বা কলহবোৰ সমদল কৰি নিওঁতে দেশপ্ৰেমমূলক গীতেৰে কাৰ্যকৰ্তাসকলে কাৰ্যসূচী সম্পন্ন কৰিব লাগিব বুলিও জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ আজিৰ এই শুভাৰম্ভণি অনুষ্ঠানত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক সংগ দিয়ে জিলা আয়ুক্ত বৰ্ণালী ডেকা, পৌৰপতি জয়শ্ৰী তালুকদাৰকে ধৰি বহুতো দলীয় নেতা-কৰ্মীয়ে ।
