ETV Bharat / state

Mur Mati Mur Desh Program 2023: অমৃত বৃক্ষৰ পুলি ৰোৱাৰ পিচতেই এমাহলৈ ‘‘মোৰ মাটি মোৰ দেশ’’ কাৰ্যসূচী

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 1:56 PM IST

Updated : Sep 23, 2023, 12:19 PM IST

‘‘অমৃত বৃক্ষ আন্দোলন’’ৰ লগত সংগতি ৰাখি ‘‘মোৰ মাটি মোৰ দেশ’’ কাৰ্যসূচী গ্ৰহণ ৷ 19 ছেপ্তেম্বৰৰ পৰা 26 অক্টোবৰলৈকে অসমত ‘‘মোৰ মাটি মোৰ দেশ’’ কাৰ্যসূচী ৰূপায়ন কৰা হ’ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে ৷

Mutr Mati Mur Desh Program 2023
অমৃত বৃক্ষ আন্দোলন অংশ হিচাপে অসমত এমহীয়া মোৰ মাটি মোৰ দেশ কাৰ্যসূচী

অমৃত বৃক্ষ আন্দোলন অংশ হিচাপে অসমত এমহীয়া মোৰ মাটি মোৰ দেশ কাৰ্যসূচী

গুৱাহাটী, 17 ছেপ্টেম্বৰ : অসম চৰকাৰৰ উদ্যোগত 17 পৰা 20 ছেপ্টেম্বৰ নিশা 12 বজালৈ ‘‘অমৃত বৃক্ষ আন্দোলন’’ৰ বিশেষ কার্যসূচী গ্ৰহণ কৰিছে । এই আন্দোলনৰ লগত সংগতি ৰাখি আৰু এক নতুন কাৰ্যসূচীৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে । অহা 19 ছেপ্তেম্বৰৰ পৰা 26 অক্টোবৰলৈকে অসমত ‘‘মোৰ মাটি মোৰ দেশ’’ কাৰ্যসূচী ৰূপায়ন কৰা হ’ব বুলি আজিৰ সংবাদমেলত ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

সংবাদমেল যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি কয়, ‘‘স্বধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । অহা 19 ছেপ্টেম্বৰত অসমৰ সকলো জিলা আয়ুক্তসকলে জিলাসমূহত একোখন ৰাজহুৱা সভা আয়োজন কৰি ‘‘মোৰ মাটি মোৰ দেশ’’ কাৰ্যসূচী ৰূপায়ন কৰিব ৷ 20 ছেপ্তেম্বৰৰ পৰা 1 অক্টোবৰলৈ অসমৰ প্ৰতিখন গাঁৱত আৰু 50 টা নিৰ্দিষ্ট পৌৰসভাৰ প্ৰতিখন ঘৰলৈ ক্লাৱ, আত্মসহায়ক গোট সদস্যই বিভিন্ন লোকৰ ঘৰে ঘৰে গৈ এমুঠিকৈ মাটি সংগ্ৰহ কৰিব । ফ্লেটত থকা লোকসকলে এমুঠি অন্ন বা চাউল দিব ।’’

তেওঁ কয়,‘‘2 অক্টোবৰত প্ৰতিখন গাঁৱৰ পৰা 200 পৰা 300 লোকে শোভাযাত্ৰা কৰি মাটি ভৰ্তি কলহটো সন্মুখত লৈ পঞ্চায়তলৈ যাব । আমি আশা কৰিছোঁ এখন গাঁও পঞ্চায়তত অতি কমেও 20 টা কলহ সমাবেত হ'ব । গাঁও পঞ্চায়ত কলহসমূহৰ মাটিখিনি এখন বগা কাপোৰত সানমিহলি কৰা হ'ব । মাটিখিনি প্ৰতিখন গাঁৱৰ মাটি সানমিহলি হৈ যাব । 2 অক্টোবৰ পৰা 7 অক্টোবৰত গাঁও পঞ্চায়তৰ কাৰ্যালয়ত ৰাখি থোৱা হ'ব উক্ত মাটিখিনি ।’’

‘‘8 অক্টোবৰৰ দিনা 300 লোকে পঞ্চায়তৰ পৰা কলহটো লৈ ব্লকৰ দিশে শোভাযাত্ৰা কৰি কলহ লৈ যাব । ব্লকলৈ অহা কেইবাটাও কলহৰ মাটি সানমিহলি হ'ব । ব্লকসমূহৰ এই কাৰ্যসূচী দুটা দিনত কৰা হ'ব । 50 শতাংশ জিলাত 8 অক্টোবৰ আৰু 50 শতাংশ জিলাত 15 অক্টোবৰ তাৰিখে এই কাৰ্যসূচী গ্ৰহণ কৰা হ'ব । পৰৱৰ্তী সময়ত ব্লকত থকা মাটি দুটা কলহত ভৰোৱা হ'ব । 25 অক্টোবৰলৈ এই কলহসমূহ ব্লকত থাকিব । ৱাৰ্ডৰ পৰা অহা মাটি খিনি পৌৰসভাত সানমিহলি কৰা হ'ব ।’’

‘‘25 অক্টোবৰ তাৰিখে পুৱা জিলা আয়ুক্তই নিয়োজিত কৰা এগৰাকী যুৱক বা যুৱতীয়ে কলহ দুটা লৈ গুৱাহাটীলৈ আহিব । 26 অক্টোবৰত গুৱাহাটীত এখন সভা অনুষ্ঠিত হ'ব । এই সভাত অসমৰ ৰাজ্যপালৰ লগতেই বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব । এই সভাত এই অমৃত কলহসমূহ সংগ্ৰহ কৰা হ'ব । 270 টা অমৃত কলহ কলাক্ষেত্ৰত ৰখা হ'ব । আন 270 টা অমৃত কলহ 27 তাৰিখে ৰাজধানী এক্সপ্ৰেছৰ দ্বাৰা দিল্লীলৈ লৈ যোৱা হ'ব’’ বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ৷

‘‘28 তাৰিখে ৰাতিপুৱা দিল্লীত থকা অসমৰ ছাত্ৰ-ছাত্ৰী, পৰিয়ালসমূহে এই অমৃত কলহ অনুষ্ঠানিকভাৱে গ্ৰহণ কৰি অসম ভৱনলৈ সন্মানেৰে লৈ যাব । 30 অক্টোবৰ তাৰিখে কলহসমূহ তেওঁলোকে নেশ্যনেল ৱাৰ মেমৰিয়েলত লৈ গৈ তাৰ ওচৰত নিৰ্মাণ কৰা অমৃত উদ্যানত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত এই মাটিখিনি বিলীন কৰি দিয়া হ'ব । ভাৰতৰ বিভিন্ন স্থানৰ পৰা 7500 টা অমৃত কলহ আহিব । অসমৰ বাকী থাকি যোৱা 270 টা কলহ 22 ডিচেম্বৰত সমদল কৰি গহপুৰলৈ লৈ যোৱা হ'ব । কনকলতা বিশ্ববিদ্যালয়ৰ আধাৰশিলাৰ কামত এই মাটি ভূমি পূজনত ব্যৱহাৰ কৰা হ'ব’’ বুলি সংবাদমেলত উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক:Deepor Beel: অৱহেলিত দীপৰ‌ বিল; দীপৰ‌ বিলৰ‌ উন্নয়ন সম্পৰ্কত বিধানসভাত সাত বছৰে একেটা উত্তৰ

Last Updated : Sep 23, 2023, 12:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.