ETV Bharat / state

Reuse Of Plastic : লখিমী আত্মসহায়ক গোটে প্লাষ্টিকৰে প্ৰস্তুত কৰিছে ইটা

author img

By

Published : Nov 17, 2021, 6:26 PM IST

লখিমী আত্মসহায়ক গোটে প্লাষ্টিকৰে প্ৰস্তুত কৰিছে ইটা
Reuse Of Plastic

পেলনীয়া প্লাষ্টিকৰে ইটা প্ৰস্তুতত ব্যস্ত এজাক মহিলা ৷ নলবাৰীৰ আঙাৰধোৱাৰ লখিমী আত্মসহায়ক গোটৰ ১২ গৰাকী মহিলাৰ ব্যতিক্ৰমী প্ৰচেষ্টা ৷ সমাজলৈ ইতিবাচক বাৰ্তা প্ৰেৰণৰ প্ৰচেষ্টাৰে মহিলাৰ গোটটোৱে প্ৰস্তুত কৰিছে ইটাসমূহ ৷

নলবাৰী, 17 নৱেম্বৰ : প্ৰদূষণ আৰু প্লাষ্টিক মুক্ত অসম গঢ়াৰ বাবে আগবাঢ়ি আহিছে এদল মহিলা ৷ নলবাৰী-বাক্সা জিলাৰ সমীপৱৰ্তী আঙাৰধোৱা নামৰ ঠাইখনৰ বৰ্তমান সকলোৰে পৰিচিত এটি মহিলা গোটৰ নাম হৈছে লখিমী আত্মসহায়ক গোট ৷ এই গোটটোৱে প্লাষ্টিকমুক্ত অসম গঢ়াৰ পৰিকল্পনাৰে you tube ৰ সহায়ত শিকিছে ইটা প্ৰস্তুত কৰিবলৈ ৷ ইতিমধ্যে পথৰ দাঁতিৰ পৰা মহিলাসকলে সংগ্ৰহ কৰিছে পেলনীয়া প্লাষ্টিক ৷ এই প্লাষ্টিক বটলত ভৰাই চিমেণ্টৰ সহায়ত প্ৰস্তুত কৰি উলিয়াইছে পৰিৱেশ উপযোগী এই ইটাসমূহ ৷

পেলনীয়া প্লাষ্টিকৰে ইটা প্ৰস্তুতত ব্যস্ত এজাক মহিলা

"প্লাষ্টিক মুক্ত অসম, প্ৰদুষণ মুক্ত অসম তথা স্বনিৰ্ভৰশীল নাৰী" বাক্যশাৰীক মূলমন্ত্ৰ হিচাপে লৈ মহিলাসকল ব্ৰতী হৈছে এই কাৰ্যত ৷ ইয়াৰ লগতে ঘৰতে বহি নাথাকি কিদৰে স্বাৱলম্বী হ’ব পাৰি তাৰ নিদৰ্শন গোটটোৱে দেখুৱাইছে ৷ ইতিমধ্যে গোটটোৱে এই কাৰ্যৰ প্ৰথম পদক্ষেপ হিচাপে স্থানীয় নামঘৰ চৌহদত তেওঁলোকে প্ৰস্তুত কৰা ইটাৰে এটা প্ৰস্ৰাৱগাৰ নিৰ্মাণ কৰিব ৷

উল্লেখ্য যে, চমুকৈ গোটটোৰ নামেৰে নামাকৰণ কৰি সাজি উলিওৱা ইটাসমূহ অনাগত সময়ত বিক্ৰীৰ বাবে বজাৰলৈ উলিয়াই দিব ৷ আত্মসহায়ক গোটটোৰ এই কাৰ্য নিবনুৱা যুৱক-যুৱতীৰ বাবে আত্ম সংস্থাপনৰ এক নিদৰ্শন হৈ পৰিছে ৷

লগতে চাওক: আৱাহন থিয়েটাৰৰ 2022-23 বৰ্ষৰ নাটৰ নাম ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.