ETV Bharat / state

উপযুক্ত স্বাস্থ্য সেৱাৰ অভাৱত যমৰ যাতনা ভুগিছে বৰক্ষেত্ৰীৰ চৰাঞ্চলবাসীয়ে

author img

By

Published : Mar 21, 2022, 12:00 PM IST

নলবাৰীৰ সীমামূৰীয়া এটা বৃহত্তৰ অঞ্চল হৈছে বৰক্ষেত্ৰী ৷ বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ লোকসকল আজিও প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থকা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ স্বাস্থ্য খণ্ডৰ সুবিধা লাভৰ পৰা বঞ্চিত হৈ আছে এইসকল লোক (No Proper medical facilities in Barkhetri) ৷ সেই সন্দৰ্ভত আগবঢ়োৱা হৈছে এই প্ৰতিবেদন ৷

lack-of-proper-medical-facilities-in-barkhetri-nalbari
নলবাৰীৰ সীমামূৰীয়া এটা বৃহত্তৰ অঞ্চল হৈছে বৰক্ষেত্ৰী

নলবাৰী, 21 মাৰ্চ : ৰাজ্য চৰকাৰৰ এটি বিয়াগোম বিভাগ হৈছে স্বাস্থ্য বিভাগ ৷ জনসাধাৰণৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে চৰকাৰৰ এই বিভাগটোৱে গ্ৰহণ কৰিছে বিভিন্ন অভিলাসী আঁচনি (Schemes of Assam health department) ৷ কিন্তু এই অভিলাসী আঁচনিসমূহে কিমান শতাংশ লোকক ঢুকি পাইছে, তাৰ সুদূত্তৰ হয়তো বিভাগীয় কৰ্তৃপক্ষৰ ওচৰতো পোৱা নাযাব ৷ আজিও ৰাজ্যৰ গ্ৰামাঞ্চল আৰু পিচপৰা তথা দুৰ্গম অঞ্চলৰ বহুসংখ্যক লোক উপযুক্ত স্বাস্থ্য সেৱা লাভৰ পৰা বঞ্চিত হৈ আছে (lack of medical facilities in Assam) ৷ কৰ’বাত যদি চিকিৎসক নাই, কৰ’বাত আকৌ স্বাস্থ্য কেন্দ্ৰসমূহ পৰ্যবসিত হৈছে পশুধনৰ জিৰণি চ’ৰালৈ ৷

স্বাস্থ্য বিভাগে ঢুকি নোপোৱা তেনে এক অঞ্চল হৈছে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চল ৷ বৰক্ষেত্ৰীৰ অন্তৰ্গত তিনিটাকৈ চৰাঞ্চলৰ স্বাস্থ্য কেন্দ্ৰত স্বাধীনতাৰ 75 বছৰ অতিক্ৰম কৰাৰ পিছতো দেখা নগ’ল পৰ্যাপ্ত সুবিধা থকাটো ৷ বৃহত্তৰ অঞ্চলটোৰ তিনিটাকৈ চৰৰ স্বাস্থ্যকেন্দ্ৰ ক্ৰমে ভাংনামাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, শিয়ালমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু কুৰিহামাৰী স্বাস্থ্য কেন্দ্ৰই আজিলৈকে লাভ নকৰিলে চিকিৎসক, নাৰ্চৰ লগতে অন্যান্য সা-সুবিধাসমূহ (No medical facilities in char lands of Nalbari)৷ যাৰ বাবে স্বাস্থ্য সেৱা লাভৰ নামত যমৰ যাতনা ভুগিছে উক্ত অঞ্চলসমূহৰ ৰাইজে ৷

স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত বৰক্ষেত্ৰী

মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত থকা উক্ত চৰসমূহৰ পৰা নিকটৱৰ্তী স্থান মুকালমুৱা যদিও তালৈকে আহিবলৈও যাতায়াতৰ সু-ব্যৱস্থা নাই ৷ ইফালে, স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি, উক্ত স্বাস্থ্য কেন্দ্ৰসমূহত বিভাগে চিকিৎসক, নাৰ্চৰ লগতে অন্যান্য স্বাস্থ্য কৰ্মীকো নিযুক্তি প্ৰদান কৰিছিল ৷

কিন্তু যাতায়াতৰ অসুবিধাৰ বাবে এইসকল স্বাস্থ্যকৰ্মীয়ে কৰ্তব্য সম্পাদন কৰাত হেমাহি কৰাৰ অভিযোগ উঠিছে ৷ তদুপৰি এইসকল চিকিৎসকে চৰাঞ্চলৰ সলনি অন্য চিকিৎসালয়ত কৰ্তব্য সম্পাদন কৰি থকাৰো অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ যাৰ ফল ভোগ কৰিবলগীয়া হৈছে ভিন্ন ৰোগত আক্ৰান্ত ব্যক্তিসকলে ৷ নিৰুপায় চৰাঞ্চলবাসীয়ে বৃহত্তৰ অঞ্চলটোৰ স্বাস্থ্যখণ্ডত সন্মুখীন হৈ অহা সমস্যাসমূহৰ বিষয়ে উল্লেখ কৰি জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক উমেশ ফাংচুলৈ প্ৰেৰণ কৰে এক লিখিত আবেদন পত্ৰ ৷ বিষয় সন্দৰ্ভত ৰাইজে হস্তক্ষেপ দাবী কৰিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু স্বয়ং মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

লগতে চাওক: নিলম্বিত কংগ্ৰেছ বিধায়ক শশীকান্ত দাসক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.