ETV Bharat / state

AASU on Hitesh Dev Sarma: নলবাৰীত এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ প্ৰৱেশ নিষিদ্ধ !

author img

By

Published : Feb 18, 2023, 11:04 AM IST

আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ বিৰুদ্ধে এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই অনা বিস্ফোৰক অভিযোগৰ পাছতে ক্ষুব্ধ হৈ পৰিছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ আছুৰ কৰ্মকৰ্তা(AASU react on Allegation against Samujjal Bhattacharya)। ইতিমধ্যে নলবাৰীত হিতেশ দেৱ শৰ্মাৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিলে নলবাৰী জিলা ছাত্ৰ সন্থাই । লগতে শৰ্মাক মানসিক ৰোগী আখ্যা আছুৰ ।

AASU react on Allegation against Samujjal Bhattacharya
নলবাৰীত হিতেশ দেৱ শৰ্মাক নিষিদ্ধ ঘোষণা আছুৰ

নলবাৰীত হিতেশ দেৱ শৰ্মাক নিষিদ্ধ ঘোষণা আছুৰ

নলবাৰী,১৮ ফেব্ৰুৱাৰী: সামাজিক মাধ্যমত এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই (Hitesh Dev Sharma) আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ বিৰুদ্ধে উত্থাপন কৰিছিল এক গুৰুতৰ অভিযোগ(Allegation against Samujjal Bhattacharya) ৷ সেই অভিযোগৰ পাছতেই জাঙুৰ খাই উঠিছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ আছুৰ কৰ্মকৰ্তাসকল(AASU react on Allegation against Samujjal Bhattacharya) । এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়কগৰাকীয়ে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নলবাৰী জিলা ছাত্ৰ সন্থাই । নলবাৰী চিভিল হস্পিতাল স্থানান্তৰ সন্দৰ্ভত আয়োজিত জিলা ছাত্ৰ সন্থাৰ সংবাদমেলখনতে হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে আছুৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা ।

তেওঁ কয় যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ বাবে যি গৰাকী ব্যক্তিয়ে উঠি পৰি লাগিছিল, যি গৰাকী ব্যক্তিক জাতীয় স্বভিমান ৰূপে সকলোৱে সন্মান জনায়, সেইগৰাকী ব্যক্তিৰ বিৰুদ্ধে অনা এই অভিযোগ একেবাৰে গোকাট মিছা । সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাই হিতেশ দেৱ শৰ্মাক দিলে মানসিক ৰোগীৰ আখ্যা ।

তেওঁ কয় যে আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ বিৰুদ্ধে গোকাট মিছা বদনাম আনি সস্তীয়া জনপ্ৰিয়তা লাভ কৰিব খুজিছে হিতেশ দেৱ শৰ্মাই । আছুৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাই এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়কগৰাকীক এজন অভদ্ৰ, অসৎ প্ৰবৃত্তিৰ লোক বুলি কটাক্ষ কৰাৰ লগতে নলবাৰীত তেখেতৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰে (Hitesh Dev Sarma banned from entering Nalbari) ।

উল্লেখ্য যে এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়কগৰাকীয়ে আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এন আৰ চিৰ তদানীন্তন সমন্বয়ক প্ৰতীক হাজেলাৰ(Prateek Hajela) পৰা মাহে ১৬ লাখকৈ টকা লৈছিল বুলি সামাজিক মাধ্যমত অভিযোগ উত্থাপন কৰিছিল(Samujjal took money from Prateek Hajela) । শৰ্মাই কেলেংকাৰীৰ এক ভাগ হিচাপে আছুৰ উপদেষ্টাগৰাকীয়ে এই ধন লোৱা বুলি উল্লেখ কৰিছিল । হিতেশ দেৱ শৰ্মাই এই তথ্য কিমান দূৰ সত্য সেয়া নাজানো বুলিও উল্লেখ কৰিছিল । লগতে কেলেংকাৰীৰ(Assam NRC Corruption) তদন্ত কৰাৰো আহ্বান জনাইছিল এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই ।

আনহাতে ইয়াৰ পাছতে এই সন্দৰ্ভত ক্ষুব্ধ হৈ পৰিছিল আছুৰ উপদেষ্টাগৰাকী(Samujjal Bhattacharya NRC news update) । সমুজ্জ্বল ভট্টাচাৰ্যই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যে এয়া এক গোকাট মিছা কথা । হিতেশ দেৱ শৰ্মাক মিছলীয়া আখ্যা দি তেওঁ কৈছিল যে এনে কাণ্ডজ্ঞানহীন কথা মানসিক ভাৰসাম্য ঠিকে থকা মানুহে কেতিয়াও নকয় । লগতে তেওঁ এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়কগৰাকীক চিকিৎসকৰ পৰামৰ্শ লোৱাৰ উপদেশ দি অধিবক্তাৰ সৈতে আলোচনা কৰি হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰাৰো হুংকাৰ প্ৰদান কৰিছিল ।

লগতে পঢ়ক: AASU oppose shifting of Nalbari Civil : নলবাৰী চিভিল হাস্পতালত পূৰ্বৰ সা-সুবিধা বাহাল ৰখাৰ দাবী আছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.