ETV Bharat / state

AASU oppose shifting of Nalbari Civil: নলবাৰী চিভিল হাস্পতালত পূৰ্বৰ সা-সুবিধা বাহাল ৰখাৰ দাবী আছুৰ

author img

By

Published : Feb 18, 2023, 9:55 AM IST

Updated : Feb 18, 2023, 10:33 AM IST

শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ক নলবাৰী মেডিকেল কলেজ আৰু হস্পিতালৰ লগত সংযুক্ত কৰাৰ সিদ্ধান্তক লৈ জিলাখনত অব্যাহত আছে প্ৰতিক্ৰিয়া । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নলবাৰী জিলা ছাত্ৰ সন্থাই (Press meet on Shifting of Nalbari Civil Hospital) । চিকিৎসালয়খন পূৰ্বৰ দৰেই ৰখাৰ দাবী নলবাৰী আছুৰ ।

Press meet on Shifting of Nalbari Civil Hospital
চৰকাৰক ১০ দিনৰ সময়সীমা বান্ধি দিলে আছুৱে

চৰকাৰক ১০ দিনৰ সময়সীমা বান্ধি দিলে আছুৱে

নলবাৰী,১৮ ফেব্ৰুৱাৰী: শুকুৰবাৰে নলবাৰী চহৰস্থিত শ্বহীদ ভৱনত নলবাৰী জিলা ছাত্ৰ সন্থাই আয়োজন কৰে এখন সংবাদ মেলৰ(Press meet on Shifting of Nalbari Civil Hospital issue) ৷ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ক(Shaheed Mukunda Kakati Civil Hospital) নলবাৰী মেডিকেল কলেজ আৰু হস্পিতালৰ(New medical college in Nalbari) লগত সংযুক্ত কৰি নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ বহিঃবিভাগ বন্ধ কৰাৰ লগতে ইতিমধ্যে হস্পিতাখনৰ বিভিন্ন সা সজুলি উঠাই লৈ যোৱা তথা জিলাখনৰ বিভিন্ন প্ৰান্তৰ স্বাস্থ্য কেন্দ্ৰসমূহৰ পৰা চিকিৎসকসকল আনি ৰোগী তথা সৰ্বসাধাৰণ ৰাইজক অসুবিধাৰ সৃষ্টি কৰাৰ অভিযোগত ছাত্ৰ সংগঠনটোৰ ৷

আছুৰ কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাৰ লগতে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰিয়াজ উদ্দিন আহমেদৰ উপৰি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুনজৌতি পাঠক, সম্পাদক অক্ষয় ডেকাই অংশগ্ৰহণ কৰি উক্ত সংবাদমেলত উল্লেখ কৰে যে নলবাৰীত এখন চিকিৎসা মহাবিদ্যালয় (Nalbari Medical College Hospital) স্থাপনৰ বাবে সদৌ অসম ছাত্ৰ পূৰ্বৰে পৰাই সন্থাই দাবী জনাই আহিছিল ৷ সেইবুলি শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খনক নলবাৰী মেডিকেল কলেজৰ লগত সংযুক্ত কৰাৰ কথা কোৱা নাছিলো ৷ সেয়েহে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খনত পূৰ্বতে যি সেৱা আছিল তাক অপৰিৱৰ্তিত ৰূপত ৰখাৰ লগতে জিলাখনৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰসমূহ অধিক উন্নত কৰি ৰাইজক দি অহা স্বাস্থ্যসেৱা অব্যাহত ৰখাৰ দাবী উত্থাপন কৰে(AASU react on Shifting of Nalbari Civil Hospital) ।

সেয়ে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন ৫০ খন বিছনা যুক্ত চিটি চেন্টাৰ হিচাপে গঢ়ি তুলি সেৱা অব্যাহত ৰখাৰ আহ্বান জনালে সদৌ অসম ছাত্ৰ সন্থাৰ নলবাৰী জিলা সমিতিয়ে ৷ লগতে নলবাৰী চহৰৰ একমাত্ৰ চিকিৎসালয় তথা ২০০ বিছনাযুক্ত সকলো সা-সুবিধা থকা চিকিৎসালয়খন যেনেকৈ আছিলে তেনেকৈয়ে ৰখাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনা কৰিবৰ বাবে জনালে আহ্বান ৷ সংবাদমেলত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ জৰুৰীকালীন সেৱা, বহিঃবিভাগ তথা সকলো সুবিধা যেনে এক্সৰে, চিটিস্কেন, লেবৰটৰী, ব্লাডবেংক, ঔষধ, আই.চি.ইউ, আদি ব্যৱস্থা অতি শীঘ্ৰে উন্নত কৰাৰো দাবী উত্থাপন কৰে ।

ইয়াৰ উপৰিও জিলাখনৰ স্বাস্থ্য কেন্দ্ৰসমূহ উন্নত কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই । উল্লেখ্য যে এই সন্দৰ্ভত বিচাৰ বিবেচনাৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নলবাৰীৰ ৰাইজৰ পৰা সাত দিনৰ সময় বিচাৰিছিল । ইফালে, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই মন্ত্ৰীগৰাকীক ১০ দিনৰ সময়সীমা দি এই সময়সীমা পাৰ হোৱাৰ পাছত পুনৰ ৰাইজৰ সহযোগত ধাৰাবাহিকভাৱে তীব্ৰ গণতান্ত্ৰিক কাৰ্যসুচী গ্ৰহণ কৰিব বুলি সংবাদমেলযোগে নলবাৰী জিলা ছাত্ৰ সন্থাই দাবী জনাই ৷

লগতে পঢ়ক: Shah Alam killed in encounter : আৰক্ষীৰ এনকাউণ্টাৰত নিহত ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত

Last Updated : Feb 18, 2023, 10:33 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.