ETV Bharat / state

Shah Alam killed in encounter : আৰক্ষীৰ এনকাউণ্টাৰত নিহত ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত

author img

By

Published : Feb 18, 2023, 8:13 AM IST

Updated : Feb 18, 2023, 9:11 AM IST

এনকাউণ্টাৰত নিহত শ্বাহ আলম তালুকদাৰ ৷ বৃহস্পতিবাৰৰ নিশা হেণ্ডকাফসহ আৰক্ষীৰ বেহু ফালি পলায়ন কৰিছিল ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড শ্বাহ আলম তালুকদাৰ (Ranjit Bora murder case prime accused dead) ৷ শ্বাহ আলমৰ সন্ধানত আৰক্ষীয়ে চলোৱা অভিযানৰ মাজতে শুকুৰবাৰে মাজনিশা সোণাপুৰত আৰক্ষীৰ এনকাউণ্টাৰ নিহত হ’ল শ্বাহ আলম ৷

Ranjit Bora murder case prime accused
এনকাউণ্টাৰত নিহত ৰঞ্জিত বৰাৰ হত্যাকাৰী

গুৱাহাটী, 18 ফেব্ৰুৱাৰী : অৱশেষত আৰক্ষীৰ গুলীত নিহত হ’ল শ্বাহ আলম (Shah Alam killed in encounter) অসম আৰক্ষীৰ ব্যৰ্থতা উদঙাই বৃহস্পতিবাৰৰ নিশা আৰক্ষী বেষ্টনীৰ পৰা পলায়ণ কৰিছিল শ্বাহ আলম তালুকদাৰে ৷ ইয়াৰ পিছতে আৰক্ষীয়ে তৎপৰতাৰে অপৰাধীটোৰ সন্ধানত চৌদিশে চলাইছিল তীব্ৰ অভিযান ৷ শ্বাহ আলমৰ সন্ধানত আৰক্ষীয়ে চলোৱা অভিযানৰ মাজতে শুকুৰবাৰে মাজনিশা সোণাপুৰত আৰক্ষীৰ এনকাউণ্টাৰ নিহত হ’ল শ্বাহ আলম ৷ (Ranjit Bora murder case)

এনকাউণ্টাৰত দুটাকৈ গুলীয়ে অপৰাধীটোৰ বুকু ভেদি যায় ৷ আজি পুৱা 5:55 বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে মৃত ঘোষণা কৰে শ্বাহ আলম তালুকদাৰক ৷ বৰ্তমান মহাবিদ্যালয়খনৰ মৰ্গতে ৰখা হৈছে শ্বাহ আলমৰ মৃতদেহ ৷ বৃহস্পতিবাৰৰ নিশা আৰক্ষী বেষ্টনীৰ পৰা হেণ্ডকাফসহ পলায়ণ কৰিছিল শ্বাহ আলম তালুকদাৰে (Encounter in Guwahati) ৷

  • Merriam-Webster
    Dictionary
    “The long arm of the law.” -
    : the ability of the police to find people who commit crimes.

    — GP Singh (@gpsinghips) February 18, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

শ্বাহ আলমৰ পলায়ণৰ সন্দৰ্ভত পোৱা তথ্য অনুসৰি, ৰঞ্জিৎ বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলমক লগত লৈ বৃহস্পতিবাৰে নিশা পাঞ্জাবাৰীৰ বতাহঘূলি পাহাৰ এলেকাটোলৈ নি ৰঞ্জিৎ বৰাক হত্যাৰ সময়ত ব্যৱহৃত মাৰণাস্ত্ৰটোৰ সন্ধানত সাতগাঁও থানাৰ আৰক্ষীৰ এটা দলে চলাইছিল অভিযান (Rajit Bora murderer Shah Alam) ৷ কিন্তু এই অভিযানৰ সময়তে সুযোগ বুজি আৰক্ষীৰ বেষ্টনীৰ পৰা হেণ্ডকাফ লগাই থোৱা অৱস্থাতেই পলায়ন কৰিবলৈ সক্ষম হয় শ্বাহ আলম তালুকদাৰে ৷

শ্বাহ আলমক বিচাৰি বৃহস্পতিবাৰৰ নিশাৰে পৰা আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছিল যদিও কেইবা ঘণ্টা উকলি যোৱাৰ পিছতো আৰক্ষীয়ে কোনো সন্ধান উলিয়াব পৰা নাছিল পলাতক শ্বাহ আলমৰ ৷ অৱশেষত শুকুৰবাৰৰ মাজনিশা আৰক্ষীয়ে মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰত আৰক্ষীৰ এনকাউণ্টাৰত গুলিবিদ্ধ হৈ মৃত্য হয় ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম তালকদাৰক ৷

লগতে পঢ়ক : Ranjit Bora Murder Case: আৰক্ষীৰ বেহুফালি হেণ্ডকাফ পিন্ধিয়েই পলাল শ্বাহ আলম; বিচাৰি ফুৰিছে আৰক্ষীয়ে

Last Updated :Feb 18, 2023, 9:11 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.