ETV Bharat / state

Ranjit Bora Murder Case: আৰক্ষীৰ বেহুফালি হেণ্ডকাফ পিন্ধিয়েই পলাল শ্বাহ আলম; বিচাৰি ফুৰিছে আৰক্ষীয়ে

author img

By

Published : Feb 17, 2023, 5:37 PM IST

গুৱাহাটীৰ ৰঞ্জিৎ বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলমৰ পলায়ন ৷ আৰক্ষীৰ বেষ্টনিৰ মাজৰ পৰাই বৃহস্পতিবাৰে নিশা পলায়ন কৰে শ্বাহ আলম তালুকদাৰে (Shah Alam Talukdar) ৷ কিছুদিন পূৰ্বে লকাপৰ ভিতৰতে আত্মহত্যাৰো প্ৰচেষ্টা চলাইছিল শ্বাহ আলমে ৷

Ranjit Bora Murder Case
আৰক্ষীৰ চকুত ধূলি দি হেণ্ডকাফ লৈয়ে পলাল শ্বাহ আলম তালুকদাৰ

গুৱাহাটী, 17 ফেব্ৰুৱাৰী: গুৱাহাটীৰ স্মাৰ্ট আৰক্ষীৰ আন এক লাজ লগা কাণ্ড ৷ আৰক্ষীৰ জিম্মাৰ পৰাই পলায়ন কৰিলে পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিৎ বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম তালুকদাৰ ৷ বৃহস্পতি নিশাই হাতত হেণ্ডকাফ লৈ আৰক্ষীৰ বেষ্টনিৰ মাজৰ পৰা পলায়ন কৰে শ্বাহ আলমে (Ranjit Bora murder case) ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা ৰঞ্জিৎ বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলমক লগত লৈ পাঞ্জাবাৰীৰ বতাহঘূলি পাহাৰ অঞ্চলত সাতগাঁও থানাৰ এটা আৰক্ষীৰ দলে চলাইছিল অভিযান (Rajit Bora murderer Shah Alam) ৷ কিন্তু সেই অভিযানৰ সময়েত হেণ্ডকাফ লগাই থোৱা অৱস্থাতেই সুযোগ বুজি পলায়ন কৰিলে শ্বাহ আলম তালুকদাৰে ৷ শ্বাহ আলমক বিচাৰি নিশাৰে পৰা আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈও আৰক্ষীয়ে উলিয়াব পৰা নাই পলাতক শ্বাহ আলমৰ সন্ধান ৷

আৰক্ষীৰ তথ্য অনুসৰি এটা 6 জনীয়া দলে হত্যা কৰিছিল ৰঞ্জিৎ বৰাক ৷ ইতিমধ্যেই আৰক্ষীয়ে মূল অভিযুক্ত শ্বাহ আলম তালুকদাৰসহ 4 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ৷ কিন্তু বৰ্তমানেও পলাতক অৱস্থাত আছে দলটোৰ আন এটা সদস্য ৷ পলাকত হত্যকাৰীটোৰ সৈতে ৰঞ্জিৎ বৰাৰ হত্যাকাণ্ডৰ ব্যৱহৃত হোৱা পিষ্টলটো থকা বুলি সদৰী কৰিছে আৰক্ষীয়ে ৷ আটাইকেইটা অভিযুক্ত গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বেই বৃহস্পতিবাৰে পলায়ন কৰিলে শ্বাহ আলমে ৷

উল্লেখ কৰা প্ৰয়োজন যে, কিছুদিন পূৰ্বে লকাপৰ ভিতৰতে আত্মহত্যাৰো চেষ্টা কৰিছিল মূল অভিযুক্ত শ্বাহ আলমে ৷ থানাৰ শৌচাগাৰৰ মগ ভাঙি হাত কাটি আত্মহননৰ বৃথা চেষ্টা চলাইছিল শ্বাহ আলমে ৷ কিন্তু ৰক্তাক্ত অৱস্থাত আৰক্ষীয়ে শ্বাহ আলমক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ (Guwahati Ranjit Bora Murder) ৷

স্মৰ্তব্য যে, মহানগৰীৰ পাঞ্জাবাৰীৰ পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাক 2022 বৰ্ষৰ 21 নবেম্বৰত ICICI বেংকত টকা জমা দিবলৈ যাওঁতেই দিন-দূপৰতে গুলীয়াই হত্যা কৰা হৈছিল (Purabi Dairy distributor Ranjit Bora murder) ৷ ৰঞ্জিৎ বৰাক হত্যা কৰি দলটোৱে লুটি নিছিল 2 লাখ 45 হাজাৰ টকা ৷ যি ঘটনাৰ মাষ্টাৰমাইণ্ড আছিল পলায়ন কৰা শ্বাহ আলম তালুকদাৰ ৷ পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে তদন্ত কৰিছে ঘটনাৰ সৈতে জড়িত মুঠ 5 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল ৷

মহানগৰ আৰক্ষী, কামৰূপ গ্ৰাম্য আৰু নলবাৰী আৰক্ষীৰ যৌথ প্ৰচেষ্টাত গ্ৰেপ্তাৰ কৰা হৈছিল আটাইকেইটা অভিযুক্তক ৷ শ্বাহ আলম তালুকদাৰ সহিতে গ্ৰেপ্তাৰ হোৱা ধৃত চাৰি সদস্য হ’ল সুজল আলী, জয়দেৱ মহন্ত , জিতুমণি বৰ্মন আৰু হৰেন পাটগিৰি । লগতে আৰক্ষীয়ে উদ্ধাৰ কৰিছিল হত্যাকাণ্ডত ব্যৱহাৰ হোৱা মটৰচাইকেল, হেলমেট আৰু কাপোৰ ৷ হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম তালুকদাৰক গ্ৰেপ্তাৰ কৰা হৈছিল হাজোৰ পৰা ৷ শ্বাহ আলম তালুকদাৰ হৈছে পাঞ্জাবাৰী স্থিত এক্সেল একাডেমীৰ স্বত্বাধিকাৰী । কিন্তু আৰক্ষীৰ বেষ্টনিৰ পৰাই শ্বাহ আলম তালুকদাৰ পলায়ন কৰা ঘটনাই পুনৰ উদঙাই দিলে স্মাৰ্ট মহানগৰ আৰক্ষীৰ স্বৰূপ ৷

লগতে পঢ়ক: Ranjit Bora Murder Case : আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ ৰঞ্জিৎ বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম তালুকদাৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.