ETV Bharat / state

নলবাৰীত বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ হাই মাষ্ট লাইট উদ্বোধন

author img

By

Published : May 14, 2022, 10:07 AM IST

ৰাজ্য চৰকাৰৰ এবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে নলবাৰীত হাই মাষ্ট লাইটৰ শুভ উদ্বোধন(High mast light inaugurated in Nalbari) ৷ এই কাৰ্যসূচীত উপস্থিত থাকে নলবাৰী পৌৰসভাৰ সভানেত্ৰী জয়শ্ৰী তালুকদাৰ পাঠক, জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ, জিলা পৰিষদৰ সভাপতি নিতুল ডেকাৰ লগতে অন্যান্য বিজেপিৰ কৰ্মকৰ্তা আৰু স্থানীয় ৰাইজ ৷

high-mast-light-inaugurated-in-nalbari-by-mla-jayanta-malla-baruah
নলবাৰীত হাই মাষ্ট লাইট উদ্বোধন

নলবাৰী, 14 মে’ : ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে সফলতাৰে পূৰ্ণ কৰিলে এবছৰীয়া কাৰ্যকাল(First anniversary of Himanta government) ৷ ৰাজ্য চৰকাৰৰ এবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে নলবাৰীত হাই মাষ্ট লাইটৰ শুভ উদ্বোধন(High mast light inaugurated in Nalbari) ৷ নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাৰ পৃষ্ঠপোষকতাত এই কাৰ্যসূচী পালন কৰা হয় ৷

নলবাৰী পৌৰসভা(Nalbari Municipality Board) ৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীৰ জৰিয়তে চহৰখনৰ বিভিন্ন প্ৰান্তত প্ৰায় 14 টাকৈ হাই মাষ্ট লাইট উদ্বোধন কৰে বিধায়কগৰাকীয়ে ৷ বিধায়ক তথা পৌৰসভাৰ এনে উদ্যোগৰ ফলত নলবাৰীবাসীয়ে এতিয়াৰে পৰা কিছু পৰিমাণে পোহৰৰ ক্ষেত্ৰত দীৰ্ঘদিনে ভূগি অহা সমস্যাৰ পৰা সকাহ লাভ কৰিব ৷

এই কাৰ্যসূচীত উপস্থিত থাকে নলবাৰী পৌৰসভাৰ সভানেত্ৰী জয়শ্ৰী তালুকদাৰ পাঠক, জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ, জিলা পৰিষদৰ সভাপতি নিতুল ডেকাৰ লগতে অন্যান্য বিজেপিৰ কৰ্মকৰ্তা আৰু স্থানীয় ৰাইজ ৷

বিধায়ক জয়ন্ত মল্ল বৰুৱা

এই অনুষ্ঠানত উপস্থিত থকা বিধায়ক বৰুৱাই যুৱচামৰ আলফা(স্বা) ত যোগদান তথা পৰেশ বৰুৱাৰ সন্দৰ্ভত কেতবোৰ মন্তব্য কৰে ৷ বিধায়কগৰাকীয়ে এইক্ষেত্ৰত কয় যে, আলফা(স্বা)লৈ পূৰ্বেও ল’ৰা গৈছিল আৰু এতিয়াও গৈ আছে ৷ তাক অস্বীকাৰ কৰিব নোৱাৰি ৷ কিন্তু পূৰ্বৰ তুলনাত বৰ্তমান কমকৈ যুৱচামে নিষিদ্ধ সংগঠনটোত যোগদান কৰা বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷

3 কোটি 30 লাখ জনগণৰ মাজৰ পৰা দহজন যুৱকে আলফা(স্বা) ত যোগদান কৰাটোত চিন্তাৰ কোনো কাৰণ নাই বুলি বিধায়ক জয়ন্ত মল্ল বৰুৱাই সদৰি কৰে ৷ এই তথ্য চৰকাৰৰ হাতত থকা বুলিও বৰুৱাই দাবী কৰে ৷ তদুপৰি আলফা(স্বা) ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈ অসমক প্ৰগতিৰ দিশত আগুৱাই নিবলৈ নলবাৰী সমষ্টিৰ বিধায়কগৰাকীয়ে মন্তব্য কৰে ৷

লগতে চাওক: দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড 27 জনৰ মৃত্যু, বহু লোক আৱদ্ধ হৈ থকাৰ সন্দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.