ETV Bharat / state

Nalbari News: ঋণ দিয়াৰ নামত মহিলাৰ পৰা সাঁচতীয়া ধন লুটিলে নিলে প্ৰৱঞ্চকে

author img

By

Published : Aug 5, 2023, 1:47 PM IST

Updated : Aug 5, 2023, 2:15 PM IST

ঋণ প্ৰদানৰ নামত আপোনালৈ আহে নেকি ফোন অথবা মেছেজ ! তেন্তে সাৱধান ! নলবাৰীৰ চাহনিয়া ইয়াচমিন নামৰ এগৰাকী মহিলাৰ পৰা লুটি নিলে 1 লাখৰো আধিক ধন ৷

Nalbari News
লোন দিয়াৰ নামত মহিলাৰ পৰা সাচতীয়া ধন লুটিলে নিলে প্ৰৱঞ্চকে

লোন দিয়াৰ নামত মহিলাৰ পৰা সাচতীয়া ধন লুটিলে নিলে প্ৰৱঞ্চকে

নলবাৰী,5 আগষ্ট: ঋণ লোৱাৰ আপোনাৰো পৰিকল্পনা আছে নেকি ! বা ঋণ প্ৰদানৰ নামত আপোনালৈ আহে নেকি ফোন অথবা মেছেজ ! তেন্তে সাৱধান ৷ কাৰণ ঋণ প্ৰদানৰ প্ৰতিশ্ৰুতি দি প্ৰবঞ্চকে লুটি নিব পাৰে বেংকত থকা আপোনাৰ সাঁচতীয়া ধন ৷ ৰাজ্যৰ য’তে ত’তে ঘুৰি ফুৰিছে একাংশ প্ৰবঞ্চক ৷ নলবাৰী তেনে এক ঘটনাই সংঘটিত হ’ল ৷ নলবাৰীৰ চাহনিয়া ইয়াচমিন নামৰ এগৰাকী মহিলালৈ একাউন্টত এটা লোন মঞ্জুৰ হোৱা বুলি অৱগত কৰিছিল টাটা কেপিটেল ফাইনেঞ্চৰ তৰফৰ পৰা ৷

সেই সূত্ৰে টাটা কেপিটেল ফাইনেঞ্চ নামৰ কোম্পানীৰ কৰ্তৃপক্ষই চাহনিয়াৰ ইয়াচমিনৰ পৰা দুশ টকাৰ মাচুল বিচাৰে ৷ ইয়াচমিনে এখন দুশ টকাৰ চেক আৰু এগ্ৰিমেন্টৰ বাবে এখন কেনন্সেল চেক প্ৰদান কৰিছিল টাটা কেপিটেল ফাইনেঞ্চক ৷ কিন্তু Cancel বুলি লিখা চেকখনৰ পৰা শুকুৰবাৰে ১,৮৬,০০০ টকা লৈ উধাও হয় টাটা কেপিটেল ফাইনেঞ্চৰ প্ৰবঞ্চক যুৱকে । নলবাৰীত থকা HDFC বেংকৰ শাখাৰ পৰা জালিয়াতি কৰি টকাখিনি লৈ উধাও হোৱা প্ৰৱঞ্চকজনে ৷ পৰৱৰ্তী সময়ত চাহনিয়া ইয়াচমিনৰ মোবাইলত মেছেজ টকা উলিয়াই নিয়াৰ মেছেজ আহে ৷

তাৰ পাচতে ততাতয়াকৈ নলবাৰীত থকা HDFC বেংকলৈ আহি পৰীক্ষা কৰাত বেংক কৰ্তৃপক্ষৰ পৰা পইচা লৈ যোৱা যুৱকজন কলিকতাৰ অমিত সিং বুলি জানিবলৈ দিয়ে । এই ঘটাৰ পাচতে ভুক্তভোগী মহিলা গৰকাৰী আত্মীয় আশ্চাৰ্য প্ৰকাশ কৰে ৷ ’’ কেনেকৈ কেনন্সেল বুলি লিখা চেকখনৰ জৰিয়তে ইমান টকা লৈ উধাও হ’ব পাৰিলে তাৰ প্ৰতি সন্দেহ আছে ৷ এই ক্ষেত্ৰত বেংক কৰ্মচাৰীৰ জড়িত আছে ৷ নহ’লে কেনেকৈ ইমান টকা অন্য ব্যক্তিয়ে লৈ যাব পাৰিলে !’’

লগতে পঢ়ক:Specially Abled Girl rescued: মুকালমুৱাত কান্দি থকা অৱস্থাত এগৰাকী মূকবধিৰ কিশোৰী উদ্ধাৰ

Last Updated :Aug 5, 2023, 2:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.