ETV Bharat / state

নলবাৰী ৰাস মহোৎসৱৰ চতুৰ্থ বাৰ্ষিক গ্ৰন্থ মেলা উদ্বোধন

author img

By

Published : Nov 13, 2019, 11:12 PM IST

নলবাৰী ৰাস মহোৎসৱৰ চতুৰ্থ বাৰ্ষিক গ্ৰন্থ মেলা উদ্বোধন

ঐতিহাসিক 86 সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ চতুৰ্থ বাৰ্ষিক গ্ৰন্থ মেলাখন উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ তথা ডাউন টাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ অমৰজ্যোতি চৌধুৰীয়ে । গ্ৰন্থমেলাখনিক ৰাস মহোৎসৱ উদযাপন সমিতিয়ে গ্ৰহণ কৰা এক সুন্দৰ পদক্ষেপ বুলি প্ৰসংশা কৰে উপাচাৰ্যগৰাকীয়ে ৷

নলবাৰী, 13 নৱেম্বৰঃ ঐতিহাসিক 86 সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি উদ্বোধন কৰা হ’ল ৰাস মহোৎসৱৰ চতুৰ্থ বাৰ্ষিক গ্ৰন্থ মেলা ৷ উক্ত গ্ৰন্থমেলাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসমৰ বিশিষ্ট শিক্ষাবিদ তথা ডাউন টাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ অমৰজ্যোতি চৌধুৰীয়ে । গ্ৰন্থমেলাৰ দ্বাৰ উদ্বোধন কৰি ড৹ অমৰজ্যোতি চৌধুৰীয়ে কয় যে "জ্ঞান সমৃদ্ধ এটা জাতিয়েহে মূৰ ডাঙি জীয়াই থাকিব পাৰে । নলবাৰীৰ ৰাইজে সদায় এক নতুন মন লৈ নতুনৰ বাৰ্তা জনাই আহিছে |" কেইবাখনো গ্ৰন্থ বিপণিৰে সমৃদ্ধ এই গ্ৰন্থমেলাৰ জৰিয়তে ৰাস ক্ৰীড়া ৰসৰ লগতে গ্ৰন্থৰো ৰস প্ৰদান কৰিবলৈ ৰাস মহোৎসৱ উদযাপন সমিতিয়ে এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰা বুলি প্ৰসংশা কৰে উপাচাৰ্যগৰাকীয়ে ৷

নলবাৰী ৰাস মহোৎসৱৰ চতুৰ্থ বাৰ্ষিক গ্ৰন্থ মেলা উদ্বোধন

উক্ত উদ্বোধনী অনুষ্ঠানত আছাম ট্ৰিবিউনৰ জ্যেষ্ঠ সাংবাদিক পাৰ্থ প্ৰতিম হাজৰিকা, মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন, ৰাস মহোৎসৱ উদযাপন সমিতিৰ সম্পাদক সুবোধ ডেকা আদি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

Intro:

মাৰ্ঘেৰিটাৰ পেঙেৰীত ড্ৰাগছ ব্যৱসায়ীৰ ৰূপত প্ৰধান শিক্ষক।

V. O.--এইবাৰ ড্ৰাগছ ব্যৱসায়ী ৰূপত শিক্ষক। মাৰ্ঘেৰিট বৰডুমচাৰ ইনথেম মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক তুলেন মৰাণক ড্ৰাগছ সহ হাতেলোতে ধৰা পেলাই ইনথেম গাঁওৰ ৰাইজে। বিদ্যালয়লৈ গৈ থকা অৱস্থাত ঋতুপথাৰ অঞ্চলৰ বাটৰ কাষৰ গাড়ী ৰখাই এখন নম্বৰ বিহীন বাইকত অহা এজন আৰোহিক ড্ৰাগছ দিয়াৰ প্ৰত্যক্ষ কৰি পিছা কৰে শিক্ষক জনক। শিক্ষকজনৰ গাড়ীৰ ভিতৰত গাঁওৰ ৰাইজে ড্ৰাগছৰ এটা পেকেটৰ সৈতে আটক কৰে ৷কিন্তু শিক্ষক তুলেন মৰাণ সমগ্ৰ ঘটনা অস্বীকাৰ কৰি পলাই যায় যদিও মাকুমত একাংশ লোকে আটক কৰে বুলি জানিব পৰা গৈছে। ৷ পূৰ্বতেও এই শিক্ষক জনৰ বিৰুদ্ধে ড্ৰাগছ সৰবৰাহ কৰাৰ ওপৰত বহুতো অভিযোগ দাঙি ধৰে স্থানীয় ৰাইজে। ইতিমধ্যে পেঙেৰী স্থানীয় ৰাইজে পেঙেৰী থানাত মৰানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৷
ইনথেম মধ্য ইংৰাজী বিদ্যালয়ৰ এইজন শিক্ষক। নাম তুলেন মৰাণ। দীৰ্ঘদিনৰে পৰা এওৰ ওপৰত অবৈধ ড্ৰাগছৰ বেহাৰ আৰোপ আছিল। ঘৰ বৰডুমচাত।
শিক্ষাগুৰুৰ এনে কাৰ্যই আমাৰ নৱ-প্ৰজন্মক কি আদৰ্শ দিব?
আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে।
Body:Byte--স্থানীয় মহিলা,
Byte--AJYCP Leader।Conclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.