ETV Bharat / state

ভক্তিবাদৰ ৰোষত ভুগিব লাগিব বিধায়ক পদ্ম হাজৰিকা!

author img

By

Published : Nov 13, 2019, 7:51 PM IST

Updated : Nov 15, 2019, 9:48 AM IST

অসমৰ ইতিহাসত সন্ত্ৰাস সৃষ্টি কৰা উদণ্ড হাতীটোক বশ কৰাৰ পিচতে প্ৰশংসাৰ পাত্ৰ হোৱা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক ক্ষমা খোজাৰ লগতে হাতীটোৰ নাম কৃষ্ণ নিদিবলৈ আহ্বান জনাইছে সত্ৰপীঠ মাজুলীৰ দুগৰাকী সত্ৰাধিকাৰে ৷

ভক্তিবাদৰ ৰোষত ভুগিব লাগিব বিধায়ক পদ্ম হাজৰিকা!

মাজুলী,13 নৱেম্বৰঃ নামনি অসমত সন্ত্ৰাস সৃষ্টি কৰা লাডেনক বশ কৰি অসমবাসীৰ মৰম আদায় কৰা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকালৈ বিপদ নামি আহিছে ৷ সন্ত্ৰাস সৃষ্টি কৰি কেবাটাও মানুহক হত্যা কৰা লাডেনক বশ কৰাৰ পিচতে সৰ্বত্ৰে প্ৰশংসিত হোৱা বিধায়ক পদ্ম হাজৰিকা এইবাৰ ভুগিব লাগিব ভক্তিবাদৰ ৰোষত ৷ অন্যথা ক্ষমা খুজিব লাগিব অসমবাসীৰ ওচৰত ৷ এই কথা স্পষ্ট ৷ গোৱালপাৰাত ত্ৰাস সৃষ্টি কৰা লাডেন নামৰ বন্যহস্তীটোক কৰায়ত্ত কৰাৰ পিচতে নাম দিয়া হৈছিল "কৃষ্ণ" ৷ এই কথাত ক্ষুণ্ণ হৈছে বৈষ্ণৱপীঠ মাজুলীৰ একাংশ সত্ৰাধিকাৰ ৷ বৈষ্ণৱ সংস্কৃতিৰ উপাস্য কৃষ্ণৰ নাম দিব নোৱাৰিব লাডেনক ৷ বুধবাৰে এই সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে শ্ৰী শ্ৰী ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীয়ে ৷

ভক্তিবাদৰ ৰোষত ভুগিব লাগিব বিধায়ক পদ্ম হাজৰিকা!
একেদৰে বৈষ্ণৱ সংস্কৃতিৰ ধ্বজ্জা বাহক কৃষ্ণৰ নামেৰে মানুহ হত্যা কৰা হাতীৰ নাম নামকৰণ কৰাৰ বিৰোধিতা কৰিছে মাজুলীৰ নতুন চামগুৰি সত্ৰৰ বিশিষ্ট মুখা শিল্পী,তথা সংগীত নাটক একাডেমীৰ বঁটাৰে বিভূষিত ডঃ হেমচন্দ্ৰ গোস্বামীয়েও ৷ অসমৰ ইতিহাসত সন্ত্ৰাস সৃষ্টি কৰা উদণ্ড হাতীটোক বশ কৰাৰ পিচতে প্ৰশংসাৰ পাত্ৰ হোৱা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক ক্ষমা খোজাৰ লগতে হাতীটোৰ নাম কৃষ্ণ নিদিবলৈ আহ্বান জনাই দুয়োগৰাকী লোকে ৷ ইফালে বিধায়ক পদ্ম হাজৰিকাই উন্মাদ হাতীটোৰ নাম কৃষ্ণ ৰখাৰ বিপৰীতে ৰাজ্যৰ বনমন্ত্ৰীৰ আন এক মন্তব্যই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ ৷ কিয়নো গোৱালপাৰাত কৰায়ত্ত কৰা হাতীটো লাডেন নহয় বুলি সংবাদ মাধ্যমক জনাইছে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ যিটো হাতী কৰায়ত্ত কৰা হৈছে সেইটো মস্তিস্কৰ বিকৃতি ঘটা অন্য এটা উন্মাদ হাতীহে বুলি প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে ৷ বনমন্ত্ৰীৰ এই ঘোষণাৰ পিচতে ৰাজ্যজুৰি পুনৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷
MAJULI SATRADHIKAR OPPOSED TO LADEN  RENAME AS KRISHNA, ASSAM MAJULI LADEN CONTRO, MLA PADMA HAZARIKA
লাডেনৰ নাম কৃষ্ণ নিদিবলৈ আহ্বান মাজুলীৰ সত্ৰ সমাজৰ

লগতে চাওকঃ শোণিতপুৰত অব্যাহত হাতী-মানুহৰ সংঘাত

Intro:as_maj_01_krishna_bite_dutta_dev_guswami_as10019.mp4Body:যদুমণি শইকীয়া ইটিভি ভাৰত অসম ।Conclusion:
Last Updated :Nov 15, 2019, 9:48 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.