ETV Bharat / state

নলবাৰীত চিপিআইএমৰ গণজাগৰণ সমাবেশ; বিজেপিৰ বিৰুদ্ধে হুংকাৰ বিৰোধী ঐক্যমঞ্চৰ

author img

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 7:54 PM IST

নলবাৰীত চিপিআইএমৰ গণজাগৰণ সমাবেশ
নলবাৰীত চিপিআইএমৰ গণজাগৰণ সমাবেশ

Oppositions Alliance Meet : নলবাৰীত সাম্প্ৰদায়িকতা আৰু জনবিৰোধী নীতিৰ বিৰুদ্ধে; ধৰ্মনিৰপেক্ষতা-সংবিধান-জনমুখী নীতিৰ হকে চিপিআইএমৰ বিশাল গণজাগৰণ সমাবেশ । উপস্থিত বিৰোধী মিত্ৰজোঁটৰ কেইবাগৰাকীও শীৰ্ষ নেতা । অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ,কংগ্ৰেছ বিধায়ক দিগন্ত বৰ্মনকে ধৰি বিৰোধী ৰাজনৈতিক দলৰ কেইবাজনো নেতা উপস্থিত ।

নলবাৰীত বিজেপিৰ বিৰুদ্ধে হুংকাৰ বিৰোধী ঐক্যমঞ্চৰ

নলবাৰী, ৯ জানুৱাৰী : সমাগত লোকসভা নিৰ্বাচন । আৰম্ভ হৈছে শাসক-বিৰোধীৰ ব্যাপক তৎপৰতা । সোমবাৰে নলবাৰীত অসম গণ পৰিষদে নিৰ্বাচনী ৰণদুন্দুভি বজোৱাৰ পিছত মঙলবাৰে নলবাৰীত ৰণ হুংকাৰ বিৰোধী মিত্ৰজোঁটৰ অংশীদাৰী দল চিপিআইএমৰ । বৰপেটা লোকসভা সমষ্টি বিচাৰি দলটোৱে নলবাৰীৰ পৰা আৰম্ভ কৰিছে সাংগঠনিক তৎপৰতা ।

বৰপেটা লোকসভা সমষ্টিত চিপিআইএম দলে প্ৰবল দাবী উত্থাপনেৰে মঙলবাৰে নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয় গণজাগৰণ সমাবেশ । এই গণজাগৰণ সমাবেশত উপস্থিত থাকে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ, কংগ্ৰেছ বিধায়ক দিগন্ত বৰ্মন, ৰাইজৰ দলৰ নলবাৰী জিলাৰ সভাপতি জ্ঞানেন চক্ৰৱৰ্তী, চিপিআইএম বিধায়ক মনোৰঞ্জণ তালুকদাৰ, আপ নেতা অঞ্জন বৰ্মনকে প্ৰমুখ্য কৰি চিপিআইএম, অজাপ, ৰাইজৰ দলৰ বহু নেতা-কৰ্মী । পাঁচ সহাস্ৰধিক জনতাৰ উপস্থিতিৰে মঙলবাৰে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নলবাৰীত ৰণডংকা বজায় কমৰেড বাহিনীয়ে ।

আনহাতে, আগন্তুকক লোকসভা নিৰ্বাচনত যাতে বিৰোধীৰ ভোট বিভাজন নহয় তাৰ প্ৰতি সংকল্পবদ্ধ হৈ ইণ্ডিয়া মহাজোঁট বন্ধনে যিগৰাকী প্ৰাৰ্থীক বৰপেটা লোকসভাত প্ৰক্ষেপ কৰিব তাৰ পক্ষত সকলোকে ভোট প্ৰদান কৰাৰ আহ্বান জনায় । মঙলবাৰৰ এই গণজাগৰণত উপস্থিত থাকি প্ৰতিগৰাকী নেতাই বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে । বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে জনতাক মূল্যবৃদ্ধিকে আদি কৰি কৰ-কাটলেৰে জুৰুলা কৰা বুলি নেতাসকলে ভাষণত তীব্ৰ আক্ৰমণ কৰে ।

আনহাতে, সভাত উপস্থিত থাকি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়েও বিজেপি চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমগ্ৰ অসমত চিণ্ডিকেটৰাজ চলাই থকা মূল ব্যক্তি বুলি মন্তব্য কৰে । ৰাইজক মূল্যবৃদ্ধিৰে কোঙা কৰি কেৱল আঁচনিৰ প্ৰলোভনেৰে আৰু সাম্প্ৰদায়িক ৰাজনীতিৰে বিজেপি আৰু মুখ্যমন্ত্ৰীয়ে শোষণ কৰি আহিছে বুলি মন্তব্য কৰে অজাপ সভাপতিগৰাকীয়ে । লগতে সমগ্ৰ অসমত মূল্যবৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জগৰীয়া কৰে লুৰীণজ্যোতি গগৈয়ে ।

অসমত এতিয়া কেৱল মুখ্যমন্ত্ৰীয়েই সৰ্বেসৰ্বা বুলি উল্লেখ কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ দুজন ঘনিষ্ঠ মন্ত্ৰীৰ নাম উচ্চাৰণ নকৰাকৈয়ে চিণ্ডিকেট চলাই থকা বুলি সদৰী কৰে । এই সমগ্ৰ প্ৰক্ৰিয়াৰ পৰা ৰাইজক মুক্তিৰ বাবে আগন্তুক ২০২৪-ৰ লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন চৰকাৰখনক ওফৰাই পেলোৱাৰ আহ্বান লুৰীণজ্যোতি গগৈৰ । উল্লেখ্য যে নাম উচ্চাৰণ নকৰাকৈয়ে মুখ্যমন্ত্ৰীৰ দুই ঘনিষ্ঠ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু পীযুষ হাজৰীকাক নন্দী-ভিংগী আখ্যা লুৰীণজ্যোতি গগৈৰ ।

লগতে পঢ়ক :শীঘ্ৰে অগপত যোগদান কৰিব বহু কংগ্ৰেছীয়ে : কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.