শীঘ্ৰে অগপত যোগদান কৰিব বহু কংগ্ৰেছীয়ে : কেশৱ মহন্ত

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 7:08 PM IST

thumbnail

কলিয়াবৰ, 9 জানুৱাৰী : ‘‘কংগ্ৰেছী নেতাৰ অগপলৈ সোঁত ব’ব  ৷ শীঘ্ৰে অগপত যোগদান কৰিব বহু কংগ্ৰেছীয়ে ।’’ মঙলবাৰে কলিয়াবৰত এই মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই ৷

দেশৰ লোকসভা নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে-লগে তৎপৰতা বাঢ়িছে ৰাজনৈতিক দলসমূহৰ । অসমো তাৰ ব্যতিক্ৰম নহয় । পিচ পৰি ৰোৱা নাই অসম গণ পৰিষদ দল । অসম গণ পৰিষদৰ কাজিৰঙা সংসদীয় সমষ্টি সমিতিৰ 10 টা বিধানসভা সমষ্টিৰ বুথ সন্মিলনত উপস্থিত থাকিব মন্ত্ৰী অতুল বৰা, ফণীভূষণ চৌধুৰীকে ধৰি অগপৰ বহু নেতা-কৰ্মী ।

কাজিৰঙা লোকসভা সমষ্টিত অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হোৱাটো প্ৰায় নিশ্চিত ৷ এই দাবী কলিয়াবৰ সমষ্টিৰ বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ । ইতিমধ্যে কাইলৈ অনুষ্ঠিত হ’ব লগা বুথ সন্মিলনক লৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ । মন্ত্ৰী কেশৱ মহন্তই নিজে সমগ্ৰ বিষয় তদাৰক কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক : লোকসভা নিৰ্বাচনৰ ৰণডংকা বজাবলৈ আহিব জে পি নাড্ডা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.