ETV Bharat / state

Lavita drama controversy : লভিতাৰ নতুন নাম কি হ'ব ?

author img

By

Published : Oct 12, 2022, 12:26 PM IST

লভিতা নাটকক লৈ বিতৰ্ক অব্যাহত আছে (Lavita controversy)। নলবাৰীত 'লভিতা' মঞ্চস্থ হোৱাৰ পাছতে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ আৰু নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে । 'লভিতা'ৰ নতুন নামক লৈও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰস্তুতি পৰাশৰৰ ।

Lavita drama controversy
লভিতাৰ নতুন নাম কি হ'ব

নলবাৰী, ১২ অক্টোবৰ : বিশিষ্ট অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ প্ৰযোজিত আৱাহন থিয়েটাৰক লৈ বিতৰ্ক অব্যাহত আছে (Abahan theatre)। থিয়েটাৰখনৰ মঞ্চত এইবছৰৰ প্ৰদৰ্শিত নাট 'লভিতা'ক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Lavita drama in Abahan theatre)। গণশিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী নাটক 'লভিতা'ক বিকৃতভাৱে ভ্ৰাম্যমান থিয়েটাৰ আৱাহনে মঞ্চস্থ কৰা কাৰ্যক সমালোচনা কৰিছে বিভিন্নজনে । চৌদিশে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ বিৰুদ্ধেও ক্ষোভিত হৈ পৰিছে সচেতন মহল (Dramatist Abhijeet Bhattacharya)। ভাৰতীয় গণনাট্য সংঘই ইতিমধ্যে নাটখন ডিব্ৰুগড় মঞ্চস্থ কৰিবলৈ দিয়া নহ'ব বুলিও হুংকাৰ দিছে ।

এই বিতৰ্ক চলি থকাৰ মাজতে নলবাৰীৰ পকোৱাত আৱাহন থিয়েটাৰৰ মঞ্চত মঙলবাৰে মঞ্চস্থ হ'ল 'লভিতা' নাটখনিৰ দুটাকৈ দৰ্শনী (Lavita drama staged in Nalbari)। দৰ্শনীৰ পাছতে অভিজিৎ ভট্টাচাৰ্যই গণনাট্য সংঘৰ হুংকাৰৰ প্ৰত্যুত্তৰত কয় যে আহ্বায়ক কমিটীয়ে যি নাট মঞ্চস্থ কৰিবলৈ দিয়ে সেয়াই কৰা হ'ব । এই ক্ষেত্ৰত তেওঁ‌ সিদ্ধান্তৰ বল ঠেলিলে আৱাহন কৰ্তৃপক্ষলৈ । ইফালে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টিত কোনেও হাত দিব নালাগে বুলি জনোৱা আহ্বানৰো তেওঁ‌ প্ৰত্যুত্তৰ দিয়ে ।

প্ৰত্যুত্তৰত নাট্যকাৰ ভট্টাচাৰ্যই কয় যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টিত বহুত আগতেই বহুতে হাত দিছে । বহু এমেচাৰ গ্ৰুপত, ভ্ৰাম্যমান থিয়েটাৰত জ্যোতিপ্ৰসাদৰ সৃষ্টিত হাত দি নাট মঞ্চস্থ কৰা বুলি দোহাৰি অভিজিৎ ভট্টাচাৰ্যই কয় যে নাট ৰচনা কৰা মানে সৃষ্টিত হাত দিয়া নহয় । নাট্যকাৰ গৰাকীয়ে লগতে কয় যে তেওঁ‌ক লৈ সাংবাদিকেহে বিতৰ্কৰ সূচনা কৰে । ইফালে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত লভিতাৰ নাম "নতুন লভিতা" হ'ব পাৰে বুলি কৈ নাম নিৰ্বাচনৰ বাবে ৰাইজলৈ কেইবাটাও নাম প্ৰেৰণ কৰা বুলি উল্লেখ কৰে ।

থিয়েটাৰখনৰ প্ৰযোজক তথা অভিনেত্ৰী প্ৰস্তুতি পৰাশৰেও সাংবাদিকৰ সন্মুখত কয় যে 'লভিতা'ৰ নতুন নাম সন্দৰ্ভত অচিৰেই সিদ্ধান্ত লোৱা হ'ব । গণনাট্য সংঘৰ হুংকাৰৰ প্ৰত্যুত্তৰ দি প্ৰস্তুতি পৰাশৰে কয় যে তেওঁ‌ আহ্বায়ক কমিটীয়ে যি নাটক মঞ্চস্থ কৰিব দিয়ে তাকেই মঞ্চস্থ কৰা হ'ব । ইফালে শ্ল'গান বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অভিনেত্ৰীগৰাকীয়ে কয় যে 'বন্দে মাতৰম' আৰু 'ভাৰত মাতা কি জয়' দুয়োটা শ্ল'গানে একেই অৰ্থ বহন কৰে ।

লগতে পঢ়ক :লভিতা নাটক কাৰ ! জ্যোতিপ্ৰসাদ আগৰৱালাৰ নে অভিজিৎ ভট্টাচাৰ্যৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.