ETV Bharat / state

CM Himanta Biswa Sarma: তিনি গগৈ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

author img

By

Published : Jul 3, 2023, 3:53 PM IST

"তেনেকৈ ভয় হয় নেকি ? ওচৰতে বিৰোধী দলৰ দলপতিজন থকাৰ পিচতে এই তিনিজনে তেওঁক একাষৰীয়া কৰি কিয় হাত দাঙিলে ? এইটো আমাৰ কাৰণে প্ৰশ্ন নহয় কংগ্ৰেছৰ কাৰণেহে প্ৰশ্ন ৷"-মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

CM Himanta Biswa Sarma visited Nalbari
তিনি গগৈ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

তিনি গগৈ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নলবাৰী, 3 জুলাই : "তেনেকৈ ভয় হয় নেকি ? বৰগোহাঁই, বুঢ়াহোহাঁই, বৰপাত্ৰগোহাঁই আৰু দেৱব্ৰত শইকীয়াও আছিলে, তেওঁকো বাদ দি এই মানুহসকল কিয় একত্ৰিত হ’ল আপোনালোকে কংগ্ৰেছক সুধিব ৷ ওচৰতে বিৰোধী দলৰ দলপতিজন থকাৰ পিচতে এই তিনিজনে তেওঁক একাষৰীয়া কৰি কিয় হাত দাঙিলে ? এইটো আমাৰ কাৰণে প্ৰশ্ন নহয় কংগ্ৰেছৰ কাৰণেহে প্ৰশ্ন ৷ তেওঁলোকে ইয়াত যদি কিবা উঠা বহাৰ প্ৰতিযোগিতা কৰি আছিল তেনেহ’লে মই সেই সম্পৰ্কে জ্ঞাত নহয় ৷ যদি সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাখন কাৰ্যকৰী হয় তেনেহ’লে অসমৰ আটাইকেইটা সমষ্টিত আমাৰ জয় নিশ্চিত ৷" ৰাজ্যৰ ৰাজনীতিত খলকনি লগোৱা তিনি গগৈ সন্দৰ্ভত এনেদৰে মন্তব্য প্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

সোমবাৰে বিকাশৰ কাৰ্যসূচীৰে নলবাৰীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্য়মন্ত্ৰীগৰাকীয়ে সাংবাদিকে পলাতক OC বিমান ৰয় সন্দৰ্ভত সোধা প্ৰশ্নত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "আপোনালোকে ইমান কিয় চিন্তা কৰিছে, ক’তনো যাব ? ভাৰতৰ ভিতৰতে আছে, ওলাই আহিবই ৷ এতিয়া যিমান মানুহ পলাতক হৈ আছে 8, 10 দিনৰ ভিতৰতটো ওলায়েই ৷ যদি এই ইহসংসাৰত থাকে তেনেহ’লে ওলাব ৷ যদি কিবা কাৰণত তেওঁ ভাৱে যে মই আৰু নোলাওৱেই তেতিয়া বেলেগ কথা ৷"

লগতে অসমৰ জীয়ৰী উমা চেত্ৰীয়ে ভাৰতীয় ক্ৰিকেট দলত খেলিবলৈ সুযোগ পোৱাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "অসমৰ উমা চেত্ৰী বোকাখাতৰ জীয়ৰী ৷ উমাই ভাৰতীয় ক্ৰিকেট দলত বাংলাদেশৰ বিৰুদ্ধে খেলিবৰ বাবে সুযোগ লাভ কৰিছে ৷ পুৰুষ আৰু মহিলাৰ ভিতৰত ভাৰতীয় ক্ৰিকেট দলত খেলিবলৈ সুযোগ পোৱা উমাই প্ৰথমগৰাকী অসমীয়া ৷ আমি অসমবাসীৰ হৈ উমালৈ উষ্ম অভিনন্দন জনাইছো ৷ ভাৰতীয় দলৰ হৈ উমাই যাতে অত্যন্ত সফলতাৰে খেল প্ৰদৰ্শন কৰিব পাৰে তাৰ বাবে আশীৰ্বাদ আৰু শুভেচ্ছা জনাইছো ৷"

আনহাতে সংবাদমাধ্যমৰ আগত বিশিষ্ট কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ বিয়োগত শোক প্ৰকাশ কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীক আজিৰ অনুষ্ঠানত সংগ দিয়ে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জয়ন্ত মল্ল বৰুৱা, ভৱেশ কলিতা, ৰণজিৎ দাস, সাংসদ দিলীপ শইকীয়া আৰু কুইন ওজাই ।

লগতে পঢ়ক:Patients deprived of medical care: স্বাস্থ্যখণ্ডৰ দুখজনক ছবি; কান্ধত ভাৰ বান্ধি ৰোগীক নিলে চিকিৎসালয়লৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.