ETV Bharat / state

National Road Safety Week 2023: নলবাৰীত ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহৰ সফল সামৰণি

author img

By

Published : Jan 17, 2023, 8:41 PM IST

দেশজুৰি অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহৰ সফল সামৰণি । যোৱা ১১ জানুৱাৰীৰ পৰা ১৭ জানুৱাৰীলৈ সমগ্ৰ দেশৰ লগতে অসমতো অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ ২০২৩ । নলবাৰীতো সফল সামৰণি পৰে ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ ২০২৩ ৰ(National Road Safety Week 2023) ।
Closing Ceremony of Road Safety Week in Nalbari
নলবাৰীত সফল সামৰণি পৰিল ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ ২০২৩ ৰ

নলবাৰীত সফল সামৰণি পৰিল ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ ২০২৩ ৰ

নলবাৰী,১৭ জানুৱাৰী: সমগ্ৰ ভাৰতবৰ্ষতে ১১ জানুৱাৰীৰ পৰা ১৭ জানুৱাৰীলৈ অনুষ্ঠিত কৰা হয় ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ ২০২৩(Road safety week in India) । ভাৰতৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে অসমৰ প্ৰতিখন জিলাতে অনুষ্ঠিত কৰা হ'য় ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ ২০২৩ । সমান্তৰালভাৱে নলবাৰী জিলাত পৰিবহন বিভাগৰ উদ্যোগত চলিত মাহৰ ১১ জানুৱাৰীৰ পৰা ১৭ জানুৱাৰীলৈ সপ্তাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছিল ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ ২০২৩(National Road Safety Week 2023) ।

সেইমৰ্মে এই সপ্তাহজোৰা কাৰ্যসূচী অনুসৰি পথ সুৰক্ষা সপ্তাহ উপলক্ষে নলবাৰী জিলা পৰিবহন বিভাগৰ উদ্যোগত জিলাখনৰ বিভিন্ন প্ৰান্তত সজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰা হয়(Road safety awareness programme) । ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ ২০২৩ উপলক্ষে সজাগতামূলক ৰেলী, বাটৰ নাট, পথ সুৰক্ষা সন্দৰ্ভত লিফলেট বিতৰণ, চিত্ৰাংকন প্ৰতিযোগিতা আদি কাৰ্যসূচীত ৰূপায়ন কৰা হয় । সুকলমে সকলো কাৰ্যসূচী সমাপ্ত হোৱাৰ পাছত মঙলবাৰে অৰ্থাৎ ১৭ জানুৱাৰীত ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহৰ অন্তিম দিনৰ কাৰ্যসূচী নলবাৰী চহৰৰ গড়কাপ্তানী বিভাগৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হয়(Closing Ceremony of Road Safety Week in Nalbari) ।

মঙলবাৰৰ অন্তিম দিনৰ কাৰ্যসূচীত এখন সজাগতামূলক সভা অনুষ্ঠিত কৰা হয় । সভাৰ লগত সংগতি ৰাখি গীত-নৃত্য অনুষ্ঠানৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ কৰা হয় । তদুপৰি এই অনুষ্ঠানত নলবাৰী জিলা উপায়ুক্ত গীতিমণি ফুকনে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি পথ সুৰক্ষা সন্দৰ্ভত ভাষণ প্ৰদান কৰে ।

এই পথ সুৰক্ষা সপ্তাহৰ অন্তিম কাৰ্যসূচীত নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা, অতিৰিক্ত আৰক্ষী অধীক্ষক অনিন্দিতা গগৈ, জিলা পৰিবহন বিষয়া সীমান্ত বৰা, নলবাৰী পৰিবহন বিভাগৰ এম ভি আই জয়ন্ত দেউৰী, নলবাৰী পৌৰসভাৰ অধ্যক্ষ জয়শ্ৰী তালুকদাৰসহ ভালে কেইগৰাকী আমন্ত্ৰিত অতিথি উপস্থিত থাকে ।

উল্লেখ্য যে, এক সমীক্ষা অনুসৰি সমগ্ৰ দেশতে পথ দুৰ্ঘটনাৰ ফলত প্ৰতিঘণ্টাত মৃত্যু হয় ১৭ জনকৈ লোকৰ । এই দুৰ্ঘটনা ৰোধ কৰাৰ তথা ইয়াৰ ওপৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হয় ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ (National road safety week) । প্ৰতিবছৰে ১১ জানুৱাৰীৰ পৰা ১৭ জানুৱাৰীলৈ পালন কৰাৰ হয় ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ (Road safety week in India)। জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে ইয়াৰ লগত সংগতি ৰাখি বিভিন্ন সজাগতামূলক কাৰ্যসূচীও ৰূপায়ন কৰা হয় ৷

লগতে পঢ়ক: Road safety week 2023: তিনিচুকীয়াত পথ সুৰক্ষা সপ্তাহৰ সামৰণি অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.