ETV Bharat / state

Road safety week 2023: তিনিচুকীয়াত পথ সুৰক্ষা সপ্তাহৰ সামৰণি অনুষ্ঠান

author img

By

Published : Jan 17, 2023, 7:32 PM IST

মঙলবাৰে তিনিচুকীয়াত আয়োজন কৰা হয় পথ সুৰক্ষা সপ্তাহৰ সামৰণি অনুষ্ঠান (Last day of Road safety awareness meeting in Tinsukia) ৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি তিনিচুকীয়াত এক সজাগতামূলক মটৰ চাইকেল ৰেলীৰো আয়োজন কৰা হয় ৷ য’ত উপস্থিত থাকে জিলা উপায়ুক্ত নৰ্ছিং পৱাৰ, উপ-আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰা আৰু জিলা পৰিবহণ বিষয়া ৰাজীৱ পেগু ৷

Road safety week 2023
পথ সুৰক্ষা সপ্তাহৰ অন্তিমটো দিন

পথ সুৰক্ষা সপ্তাহৰ অন্তিমটো দিন

তিনিচুকীয়া, ১৭ জানুৱাৰী : পথ সুৰক্ষা সপ্তাহৰ আজি অন্তিমটো দিন (Road safety week 2023) ৷ ১১ জানুৱাৰীৰ পৰা ১৭ জানুৱাৰীলৈ ৰাজ্যত পালন কৰি অহা হৈছে পথ সুৰক্ষা সপ্তাহ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ তিনিচুকীয়াৰ বৰগুৰিস্থিত জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ প্ৰাংগনত জিলা পৰিবহণ বিভাগৰ তৰফৰ পৰা আয়োজন কৰা এক বিশেষ সভাৰ (Last day of Road safety awareness meeting in Tinsukia) ৷

লগতে সভাৰ অন্তত চহৰখনত এক সজাগতামূলক মটৰ চাইকেলৰ সমদল বাহিৰ কৰি তিনিচুকীয়াত পথ সুৰক্ষা সপ্তাহৰ সামৰণি মাৰে ৷ পথ সুৰক্ষা সপ্তাহৰ এই সামৰণি অনুষ্ঠানত বাহিৰ কৰা সজাগতামূলক মটৰ চাইকেল সমদলটো শুভাৰম্ভ কৰে জিলা উপায়ুক্ত নৰ্ছিং পৱাৰে (Bike rally in Tinsukia Road safety week) ৷

জিলা উপায়ুক্তগৰাকীৰ লগতে উপস্থিত থাকে উপ-আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰা, জিলা পৰিবহণ বিষয়া ৰাজীৱ পেগু ৷ উপায়ুক্তগৰাকীয়ে এই মটৰচাইকেল সমদলৰ শুভাৰম্ভ কৰি সকলোকে সজাগ আৰু সচেতন হ’বলৈ আহ্বান জনায় ৷ কোনেও যাতে সুৰা সেৱন কৰি বাহন নচলাই তাৰ প্ৰতি সকলোকে লক্ষ্য ৰাখিবলৈ জিলা উপায়ুক্ত নৰ্ছিং পৱাৰে আহ্বান জনায় ৷

আনহাতে, দুচকীয়া বাহনৰ চালক আৰু আৰোহী দুয়োজনে হেলমেট পৰিধান কৰাৰ লগতে চাৰিচকীয়া বাহনত চিটবেল্ট ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় উপায়ুক্তগৰাকীয়ে ৷ ইয়াৰ উপৰিও জিলা উপায়ুক্তগৰাকীয়ে বাহন চলাওঁতে ম’বাইল ফোন ব্যৱহাৰ নকৰিবলৈ সকলোকে আহ্বান জনায় ৷

লগতে পঢ়ক : Road safety week 2023 : পথ সুৰক্ষা সপ্তাহ উপলক্ষে টীয়কত চকু পৰীক্ষা শিবিৰ

আনহাতে, তিনিচুকীয়াত আয়োজন পথ সুৰক্ষা সপ্তাহৰ সামৰণি অনুষ্ঠানত ভালে সংখ্যক ৰাইজৰ উপস্থিতি পৰিলক্ষিত হয় ৷ উক্ত সভাতে পথ সুৰক্ষা মিত্ৰ কীট নামেৰে জৰুৰীকালীনভাৱে পথ দুৰ্ঘটনা পতিত হোৱা লোকসকলক সহায় কৰিবলৈ এই কীট প্ৰদান কৰে কিছু লোকক ৷

পথ সুৰক্ষা সপ্তাহৰ এই বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে কিছু হ’লেও তিনিচুকীয়াবাসী সজাগ হৈছে ৷ ইয়াৰ ফলত জিলাখনত পূৰ্বৰ তুলনাত পথ দুৰ্ঘটনাৰ সংখ্যা কিছু হ’লেও হ্ৰাস হ’ব বুলি আশা কৰিব পাৰি ৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে তিনিচুকীয়াৰ জিলা উপায়ুক্ত নৰ্ছিং পৱাৰে ৷

উল্লেখ্য যে, পথ সুৰক্ষা সপ্তাহৰ লগতে সংগতি ৰাখি বিগত দিনকেইটাত তিনিচুকীয়া জিলা পৰিবহণ বিভাগৰ তৰফৰ পৰা সজাগতামূলক বাটৰ নাটৰো আয়োজন কৰা হৈছিল ৷ আনকি জিলাখনৰ বিভিন্ন স্থানত সজাগতামূলক সভাৰো আয়োজন কৰা হৈছিল ৷ এই বাটৰ নাট আৰু সজাগতামূলক সভাই তিনিচুকীয়াবাসীক যথেষ্ট সহায় কৰিছে বুলি আশা প্ৰকাশ কৰিছে জিলা উপায়ুক্ত নৰ্ছিং পৱাৰে ৷

লগতে পঢ়ক : Road safety week 2023 : পথ সুৰক্ষা সপ্তাহ উপলক্ষে ডিমা হাছাওত অটো ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.